X
X

Fact Check: এই বাতৰি কাকতখনে প্ৰধানমন্ত্ৰী মোডীৰ সন্ধানহীন হোৱা বিজ্ঞাপন প্ৰকাশ কৰা নাই, ভাইৰেল স্ক্ৰীণশ্বটটো মৰ্ফ কৰা হৈছে

উপসংহাৰ: আমাৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি হিন্দুস্তান টাইমছে প্ৰধানমন্ত্ৰী মোডীৰ নিৰুদ্দেশ হোৱাৰ কোনো বিজ্ঞাপন প্ৰকাশ কৰা নাই। ভাইৰেল হৈ থকা স্ক্ৰীণশ্বটটো মৰ্ফ বা সম্পাদনা কৰা হৈছে।

  • By: Amanpreet Kaur
  • Published: May 20, 2021 at 07:03 PM
  • Updated: May 20, 2021 at 07:07 PM

নতুন দিল্লী (Vishvas News)। ইংৰাজী বাতৰি কাকত হিন্দুস্তান টাইমছৰ প্ৰথম পৃষ্ঠাৰ এটা স্ক্ৰীণশ্বট ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা দেখিবলৈ পোৱা গৈছে। পৃষ্ঠাটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এখন ছবিৰ সৈতে ‘নৰেন্দ্ৰ মোডী সন্ধানহীন’ হোৱাৰ বিজ্ঞাপন দেখুওৱা হৈছে। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল স্ক্ৰীণশ্বটটো সম্পাদনা কৰা হৈছে।

দৰাচলতে, এই ভাইৰেল হৈ থকা স্ক্ৰীণশ্বটটো ৭ মে, ২০২১ তাৰিখৰ সংস্কৰণত আৰু মূল ই-পেপাৰত দেখা যোৱা নাই বা এনে কোনো বিজ্ঞাপন দেখা যোৱা নাই।

কি এই ভাইৰেল পোষ্ট?

টুইটাৰ ইউজাৰ Valaipechu J Bismi য়ে এই স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰিছে, য’ত লিখা পাঠৰ অসমীয়া অনুবাদ এনেধৰণৰ – Missing, ভাৰতৰ প্ৰধানমন্ত্ৰী, যাক গঙ্গাৰ পুত্ৰ আৰু প্ৰধান সেৱক বুলিও জনা যায়। বৰ্ণনা— বুকু ৫৬ ইঞ্চি, বগা দীঘল দাড়ি। প্ৰায়ে ডাঙৰ ব্যৱসায়ীসকলৰ সৈতে দেখা যায়। তেওঁলোকে ময়ূৰ ভাল পায়।

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল স্ক্ৰীণশ্বট পৰীক্ষা কৰিবলৈ হিন্দুস্তান টাইমছ বাতৰি কাকতৰ ই-পেপাৰৰ স্কেন আৰম্ভ কৰিছিল। আমি এনে বিজ্ঞাপন থকা কোনো ই-পেপাৰ লাভ নকৰিলো। অৱশ্যে, আমি ৭ মে, ২০২১ তাৰিখৰ সংস্কৰণটোৰ এটা প্ৰিণ্ট উলিয়াই লৈছিলো, যাৰ স্ক্ৰীণশ্বট ভাইৰেল পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা হৈছে। মূল ই-পেপাৰখনত, আমি প্ৰধানমন্ত্ৰী মোডী সন্দৰ্ভত কোনো বিজ্ঞাপন ক’তো দেখা নাছিলো। তাৰ ঠাইত “COURT A PUBLIC SPACE, COVERAGE PART OF FREEDOM OF SPEECH, SAYS SC” শীৰ্ষক এটা বাতৰিহে প্ৰকাশিত হোৱা দেখিবলৈ পোৱা গৈছে।

অধিক তথ্যৰ বাবে, আমি হিন্দুস্তান টাইমছৰ মুখ্য সম্পাদক সুকুমাৰ ৰঙ্গনাথনৰ সৈতে যোগাযোগ কৰিছিলো। আমি তেওঁলৈ হোৱাটছএপ্পযোগে এই ভাইৰেল স্ক্ৰীণশ্বটটো প্ৰেৰণ কৰিছিলো, এই সন্দৰ্ভত তেওঁ নিশ্চিত কৰিছে যে এয়া এক মৰ্ফ কৰা বা সম্পাদিত স্ক্ৰীণশ্বট, বাতৰি কাকতখনে তেনে কোনো বিজ্ঞাপন প্ৰকাশ কৰা নাই। অৱশ্যে, তেওঁ লগতে কয় যে তেওঁ এই সন্দৰ্ভত তেওঁৰ আইনী দলকো সতৰ্ক কৰি দিছে।

এতিয়া টুইটাৰত এই পোষ্ট শ্বেয়াৰ কৰা ইউজাৰ Valaipechu J Bismi ৰ প্ৰ’ফাইল স্কেন কৰাত আমি জানিব পাৰিলো যে ব্যৱহাৰকাৰীজনে নিজকে এজন সাংবাদিক, এজন চলচ্চিত্ৰ সমালোচক আৰু tamilscreen.com সম্পাদক হিচাপে উল্লেখ কৰিছে। বাতৰিটো লিখাৰ পৰলৈকে তেওঁৰ ২২,৪০০ তকৈও অধিক ফ’ল’ৱাৰ্ছ আছিল।

নিষ্কৰ্ষঃ উপসংহাৰ: আমাৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি হিন্দুস্তান টাইমছে প্ৰধানমন্ত্ৰী মোডীৰ নিৰুদ্দেশ হোৱাৰ কোনো বিজ্ঞাপন প্ৰকাশ কৰা নাই। ভাইৰেল হৈ থকা স্ক্ৰীণশ্বটটো মৰ্ফ বা সম্পাদনা কৰা হৈছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later