X
X

Fact Check: এই ভিডিঅ’ অটল টানেলৰ নহয়, ভাইৰেল দাবী ভুৱা

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই দাবী সম্পূৰ্ণৰূপে ভুৱা। এই ভিডিঅ’ ভাৰতৰ অটল টানেলৰ নহয়, বৰঞ্চ এয়া ছৌদি আৰবৰ কিং আব্দুল আজিজ চেণ্টাৰ ফৰ ৱৰ্ল্ড কালচাৰৰহে।

নতুন দিল্লী (বিশ্বাস নিউজ) । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত এটা অট্টালিকাৰ কাষত ৰঙীণ ধোৱাৰ আতচবাজী দেখা গৈছে। ছ’চিয়েল মিডিয়াত কৰা পোষ্টৰ সৈতে দাবী কৰা হৈছে যে এয়া হিমাচল প্ৰদেশৰ ৰোহটাংত নিৰ্মিত অটল টানেলৰ দৃশ্য, য’ত এনেদৰে হোলী উদযাপন কৰা হৈছে।

বিশ্বাস নিউজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল দাবী সম্পূৰ্ণৰূপে ভুৱা। এই ভিডিঅ’ ভাৰতৰ অটল টানেলৰ নহয়, বৰঞ্চ ছৌদি আৰবৰ কিং আব্দুল আজিজ চেণ্টাৰ ফৰ ৱৰ্ল্ড কালছাৰৰহে।

কি এই ভাইৰেল পোষ্ট?

ভাইৰেল পোষ্টত লিখা হৈছে, ৰঙীন ধোৱাৰ সৈতে ৰঙীন আতচবাজী। এই পোষ্টটোৰ সৈতে দাবী কৰা হৈছে – “HAPPY HAPPY HOLI . ATAL TUNNEL, ROHTANG, HIMACHAL PRADESH, 🇮🇳”

এই পোষ্ট টোৰ আৰ্কাইভ লিংকটো ইয়াত চাব পাৰিব।

অনুসন্ধান

অনুসন্ধান আৰম্ভ কৰিবৰ বাবে আমি এই ভিডিঅ’টো ইনভিড টুলত দাখিল কৰো আৰু ইয়াৰ পিছত আমি একাধিক কী-ফ্ৰেম উলিয়াই লও। ইয়াৰ পিছত এই কী-ফ্ৰেমবোৰ গুগল ৰিভাৰ্ছ ইমেজত বিচাৰি চালো। আমি Social Village নামৰ এটা ইউটিউব চেনেলত এই ভিডিঅ’টো লাভ কৰো। ৯ জুন ২০২০ তাৰিখে আপলোড কৰা এই ভিডিঅ’টোৰ সৈতে লিখা হৈছিল যে – “Colorful Fireworks at The King Abdulaziz Center for World Culture khobar” যাৰ অসমীয়া অনুবাদ হৈছে – ‘কিং আব্দুল আজিজ চেণ্টাৰ ফৰ ৱৰ্ল্ড কালচাৰ খোবৰত ৰঙীন আতচবাজী।”

আমি এই ভিডিঅ’টো Joseph Luel Undag নামৰ আন এটা ইউটিউব চেনেলতো ২০ অক্টোবৰ ২০১৮ তাৰিখে আপলোড কৰা দেখিবলৈ পাইছো। ইয়াতো এই ভিডিঅ’টো ছৌদি আৰবৰ বুলি উল্লেখ কৰা হৈছে। তাৰ লগতে লিখা হৈছে ‘ITHRA’ . এই ভিডিঅ’টো ২০১৮ চনত ইণ্টাৰনেটত উপলব্ধ হৈছিল, পিছে ভাৰতৰ অটল টানেল উদ্বোধন কৰা হৈছিল ২০২০ চনৰ অক্টোবৰ মাহতহে।

ইণ্টাৰনেটত ITHRA কী-ৱৰ্ড বিচাৰ কৰোতে আমি জানিবলৈ পাও যে ছৌদি আৰবৰ ধৰাণস্থিত কিং আব্দুল আজিজ চেণ্টাৰ ফৰ ৱৰ্ল্ড কালচাৰক ITHRA বা ইথ্ৰা নামেৰেও জনা যায়।

আমি কিং আব্দুল আজিজ চেণ্টাৰ ফৰ ৱৰ্ল্ড কালচাৰৰ ছবিখন এই ভাইৰেল ভিডিঅ’ত দেখা ছবিখনৰ সৈতে মিলাই চোৱাত যথেষ্ট সাদৃশ্য দেখিবলৈ পাও।

কিং আব্দুল আজিজ চেণ্টাৰ ফৰ ৱৰ্ল্ড কালচাৰ আৰু ৰোহতাংত নিৰ্মাণ হোৱা অটল টানেলৰ আৰ্কিটেকশ্যাৰৰ মাজত যথেষ্ট পাৰ্থক্য আছে। এই পাৰ্থক্য তলৰ ছবিত স্পষ্টকৈ প্ৰকাশ পাইছে।

দৈনিক জাগৰণ ৰ খবৰ অনুসৰি, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ অক্টোবৰত ৰোহটাংত নৱনিৰ্মিত অটল সুৰঙ্গ উদঘাটন কৰিছিল, যাক বিশ্বৰ সবাতোকৈ দীঘল সুৰঙ্গ বুলি উল্লেখ কৰা হৈছে। এই টানেলটো ৩০০০ মিটাৰ উচ্চতাত নিৰ্মাণ কৰা হৈছে।


এই বিষয়টোৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আমি জাগৰণৰ ছিমলাৰ সংবাদদাতা বিকাশ মোংগাৰ সৈতে যোগাযোগ কৰো। তেওঁ আমাক জনায়, এই ছবি অটল টানেলৰ নহয়। অটল টানেলৰ আৰ্কিটেকশ্যাৰ ইয়াতকৈ সম্পূৰ্ণ পূথক।” ভাইৰেল ছবি শ্বেয়াৰ কৰা ইউজাৰ ‘Madhulay Shivam’ ৰ ছ’চিয়েল স্কেনিং কৰাৰ পিছত জানিব পাৰিছো যে তেওঁৰ আছে ২০৩ টা ফ’ল’ৱাৰ্ছ। এই ইউজাৰগৰাকী পাটনা নিবাসী।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই দাবী সম্পূৰ্ণৰূপে ভুৱা। এই ভিডিঅ’ ভাৰতৰ অটল টানেলৰ নহয়, বৰঞ্চ এয়া ছৌদি আৰবৰ কিং আব্দুল আজিজ চেণ্টাৰ ফৰ ৱৰ্ল্ড কালচাৰৰহে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later