X
X

Fact Check: আৰক্ষী বিষয়াক আক্ৰমণ কৰাৰ ভিডিঅ’ দিল্লীৰহে, পশ্চিম বংগৰ নহয়

উপসংহাৰ: আমাৰ অনুসন্ধানত প্ৰকাশ পাইছে যে ভাইৰেল হৈ থকা ভিডিঅ’টো পশ্চিমবংগৰ নহয়, দিল্লীৰ উত্তম নগৰৰহে। ৰিংকু গুপ্তা আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে আৰক্ষীজনক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

নতুন দিল্লী (Vishvas News)। ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত দুজন লোকে এগৰাকী আৰক্ষীক গালি-গালাজ কৰাৰ উপৰিও আক্ৰমণ কৰি আছে, আনহাতে তাত উপস্থিত আন এজন আৰক্ষীয়ে মানুহজনক মাৰপিট কৰাটো বন্ধ কৰিবলৈ চেষ্টা কৰি আছে। এই ভিডিঅ’টোৰ সৈতে ছ’য়েল মিডিয়াত দাবী কৰা হৈছে যে বিজেপি নেতা ৰিংকু বাৰ্মাই আৰক্ষীজনক প্ৰহাৰ কৰিছিল আৰু এই ঘটনাটো পশ্চিমবঙ্গৰ। পিছে বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত এই ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবী মিছা বুলি প্ৰমাণিত হৈছে।

দৰাচলতে, ভাইৰেল ভিডিঅ’টো বিগত ১ এপ্ৰিলৰ আৰু ঘটনাটো দিল্লীৰ উত্তম নগৰত সংঘটিত হৈছিল, য’ত সুশীল নামৰ এজন আৰক্ষীয়ে এটা জিমৰ স্বত্ত্বাধিকাৰী আৰু তেওঁৰ কিছু আত্মীয়ক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

কি এই ভাইৰেল পোষ্ট

ফে’চবুক ইউজাৰ Injamamul Laskar এ এই ভিডিঅ’টো শ্বেয়াৰ কৰি বাংলা ভাষাতে কেপশ্যন দি লিখিছে, যিটোৰ অসমীয়া অনুবাদ হৈছে : বিজেপি নেতা ৰিংকু বাৰ্মাই কৰ্তব্যৰত আৰক্ষী বিষয়াক শাৰীৰিকভাৱে অপদস্থ কৰিছে, আৰু তেওঁৰ নেতাই কয় যে পশ্চিমবঙ্গক হেনো তেওঁ সোণাৰ বাংলা বনাব।

ভাইৰেল পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে এই দাবীটোৰ অনুসন্ধানৰ বাবে ভাইৰেল ভিডিঅ’টো তন্নতন্নকৈ পৰীক্ষা কৰে। আমি এই ভিডিঅ’টোত ২৬ ছেকেণ্ডৰ পিছতে আৰক্ষীজনৰ কান্ধত ইংৰাজীত লিখা এটা DP দেখিছিলো। DP ৰ অৰ্থ হৈছে দিল্লী পুলিছ, আৰক্ষী বিভাগৰ পোছাকত নিৰ্দ্দিষ্ট ৰাজ্যৰ আদ্যক্ষৰবোৰ প্ৰতিখন ৰাজ্যৰ আৰক্ষীৰ পোছাকত লিখা হয়। উদাহৰণস্বৰূপে, কলকাতা আৰক্ষীয়ে ইয়াৰ কান্ধত KP লিখে। ইয়াত থকা ভিডিঅ’টোৱে স্পষ্ট কৰি দিছিল যে আৰক্ষীজন দিল্লী আৰক্ষীৰহে বিষয়া আছিল।

তাৰ পিছতে আমি কী-ৱৰ্ডৰ সহায়ত ইণ্টাৰনেটত অনুসন্ধান কৰিছিলো আৰু আমি হিন্দুস্তান টাইমছৰ এক বিশেষ প্ৰতিবেদনত এটা ভাইৰেল ভিডিঅ’ লাভ কৰিছিলো। ১৫ এপ্ৰিলত আপলোড কৰা ভিডিঅ’টো শিৰোনামত লিখা হৈছে: Watch: Delhi police personnel allegedly assaulted by man, video goes viral

আমি এনে কিছু মিডিয়া ৰিপ’ৰ্টো লাভ কৰিছো, যিবোৰত উল্লেখ আছে যে এই ঘটনা বিগত ১ এপ্ৰিলৰ আৰু এই ঘটনা সংঘটিত হৈছিল দিল্লীৰ উত্তম নগৰত। বাতৰি অনুসৰি, ভিডিঅ’টোত দেখা আৰক্ষীজনৰ নাম সুশীল আৰু তেওঁ বাবা হৰিদাস নগৰ আৰক্ষী থানাত কৰ্মৰত হৈ আছে। তেওঁ বিশিষ্ট ব্যৱসায়ী সঞ্জয় গুপ্তাৰ ব্যক্তিগত নিৰাপত্তা বিষয়া আছিল। উল্লেখ্য যে ব্যৱসায়ী  গুপ্তাই ২০১৬ আৰু ২০১৮ চনত দুটা ধন দাবীৰ গোচৰ ৰুজু কৰিছিল যাৰ পিছত দিল্লী আৰক্ষীয়ে তেওঁক ব্যক্তিগত নিৰাপত্তা বিষয়া প্ৰদান কৰিছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সুশীলে ১ এপ্ৰিলত গুপ্তাৰ আত্মীয় অশ্বিনীৰ সৈতে কোনো কথাত কাজিয়াত লিপ্ত হয় আৰু ইয়াৰ পিছতে গুপ্তাৰ সৰু ভাতৃ ৰিংকু আৰু তেওঁৰ সহযোগী কাকুৱে আৰক্ষী বিষয়া সুশীলক আক্ৰমণ কৰে আৰু এই ঘটনাৰ এক ভিডিঅ’ প্ৰস্তুত কৰে। উল্লেখ্য যে ৰিংকু হৈছে এটা শৰীৰচৰ্চা কেন্দ্ৰ বা জিমৰ গৰাকী, আৰু সংবাদ মাধ্যমৰ কোনো প্ৰতিবেদনতে কোৱা হোৱা নাই যে ৰিংকু গুপ্তা এজন বিজেপি নেতা।

অধিক তথ্যৰ বাবে, আমি ডিচিপি (দ্বাৰকা) সন্তোষ কুমাৰ মীনাৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক জনায় যে ভিডিঅ’টো দিল্লীৰ উত্তম নগৰৰ, পশ্চিমবঙ্গৰ নহয়। প্ৰাথমিক অনুসন্ধানত দেখা গৈছে যে কিছুসংখ্যক লোকে আৰক্ষীজনক আক্ৰমণ কৰিছে। বিষয়টো এতিয়াও তদন্তৰ অধীনত আছে। ৰিংকু গুপ্তা, অশ্বিনী আৰু কাকুৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰাও হৈছে। অনুসন্ধানৰ শেষ পৰ্যায়ত আমি ফে’চবুকত এই পোষ্টটো শ্বেয়াৰ কৰা ইউজাৰ ইনজামামুল লস্কৰৰ প্ৰ’ফাইল স্কেন কৰো। তেওঁৰ প্ৰ’ফাইল স্কেন কৰাৰ পিছত, আমি দেখিছিলো যে এই ইউজাৰগৰাকী সৰিতা পশ্চিমবঙ্গৰ লোক।

নিষ্কৰ্ষঃ উপসংহাৰ: আমাৰ অনুসন্ধানত প্ৰকাশ পাইছে যে ভাইৰেল হৈ থকা ভিডিঅ’টো পশ্চিমবংগৰ নহয়, দিল্লীৰ উত্তম নগৰৰহে। ৰিংকু গুপ্তা আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে আৰক্ষীজনক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later