X
X

Fact Check : ২০১৮ চনৰ পুৰণি খবৰক পশ্চিমবঙ্গ বিধানসভা নিৰ্বাচনৰ সৈতে সংযুক্ত কৰি ভাইৰেল কৰি থকা হৈছে

উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে। ২০১৮ চনৰ ৰাজস্থান বিধানসভা নিৰ্বাচনৰ সময়ত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ নামত কিছু প্ৰতীকাত্মক ইভিএম জব্দ কৰা হৈছিল। সেই সম্বন্ধীয় এটা বাতৰিকে এতিয়াৰ বুলি এচাম লোকে শেহতীয়াকৈ প্ৰচাৰ চলাইছে।

বিশ্বাস নিউজ (নতুন দিল্লী)  পশ্চিমবঙ্গ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ফে’চবুক, টুইটাৰ আৰু হোৱাটছএপ্পত বিভিন্ন ভুৱা বাতৰি ব্যাপক ৰূপত প্ৰচাৰ হৈ থকা দেখা গৈছে। শেহতীয়াকৈ এচাম ইউজাৰে পুৰণি বাতৰি কাকতৰ টুকুৰা কাটি লৈ পশ্চিমবঙ্গ বিধানসভা নিৰ্বাচনৰ সৈতে সংযোজন কৰি বিজেপিৰ বিৰুদ্ধে ব্যাপকভাৱে ভাইৰেল কৰিবলৈ লৈছে। এই ভাইৰেল হোৱা বাতৰি কাকতৰ টুকুৰাটোত দাবী কৰা হৈছে যে বিজেপি নেতাৰ ঘৰৰ পৰা ৬৬ টা নকল ইভিএম মেচিন জব্দ কৰা হৈছে। ফে’চবুক ইউজাৰে এই বাতৰিটো পশ্চিমবঙ্গ বিধানসভা নিৰ্বাচনৰ সৈতে সংযুক্ত কৰি ভাইৰেল কৰিবলৈ লৈছে।

বিশ্বাস নিউজে এই ভাইৰেল পোষ্টটোৰ সত্যতা বিচাৰ কৰাৰ বাবে অনুসন্ধান আৰম্ভ কৰে। এই অনুসন্ধানতে আমি জানিব পাৰো যে এয়া এক ভুৱা পোষ্ট। ৰাজস্থান বিধানসভা নিৰ্বাচনৰ সৈতে জড়িত এটা পুৰণি বাতৰিৰ কাটিং শেহতীয়াকৈ ইচ্ছাকৃতভাৱে ভাইৰেল কৰি থকা হৈছে।

কি এই ভাইৰেল পোষ্ট

ফে’চবুক ইউজাৰ জিতেন্দ্ৰ মুণ্ডালে বিগত ১২ মাৰ্চত এটা ফে’চবুক গ্ৰুপত বাতৰি কাকতৰ এটা পুৰণি কাটিং আপলোড কৰি লিখিছে – ‘পশ্চিমবঙ্গত একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে ভাইহঁত’

বাতৰি কাকতৰ শিৰোনাম আছিল – ‘বিজেপি নেতাৰ ঘৰৰ পৰা ৬৬ টা নকল ইভিএম জব্দ’

ফে’চবুক পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে সৰ্বপ্ৰথমে গুগলত এই বাতৰি বিচাৰি উলিওৱাৰ চেষ্টা কৰে যে শেহতীয়াকৈ পশ্চিমবঙ্গত নকল ইভিএম জব্দ হোৱা বা ধৰা পৰাৰ কোনো ঘটনা সংঘটিত হৈছে নেকি। পিছে শেহতীয়াকৈ এনে কোনো ঘটনা সংঘটিত হোৱাৰ খবৰ আমি লাভ নকৰিলো, যিয়ে এই পোষ্টটোৰ সত্যতা প্ৰতিপন্ন কৰিব পাৰে।

ইয়াৰ পিছতে আমি ভাইৰেল খবৰৰ শিৰোনাম – বিজেপি নেতাৰ ঘৰৰ পৰা ৬৬ টা নকল ইভিএম মেচিন জব্দ’ গুগলত টাইপ কৰি বিচাৰিবলৈ লও। আমি পত্ৰিকা ডট কম ত ৪ ডিচেম্বৰ ২০১৮ তাৰিখে প্ৰকাশিত এটা খবৰ লাভ কৰো। এই খবৰ অনুসৰি আজমীৰৰ ব্যাবৰত স্থানীয় আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই এটা ঘৰৰ পৰা ৬৬ টা প্ৰতীকাত্মক ইভিএম প্ৰচাৰ সামগ্ৰী জব্দ কৰে। এই মেচিনবোৰত জৈতাৰণৰ নিৰ্দলীয় প্ৰাৰ্থী সুৰেন্দ্ৰ গোৱেলৰ নিৰ্বাচনী চিহ্ন আৰু নাম খোদিত আছিল।

আমাৰ এই অনুসন্ধান অব্যাহত ৰাখি বিশ্বাস নিউজে পালিৰ জ্যেষ্ঠ সাংবাদিক ৰাজেন্দ্ৰ সিংৰ সৈতে যোগাযোগ স্থাপন কৰে। তেওঁৰ সৈতে এই ভাইৰেল পোষ্টত থকা বাতৰি কাকতৰ কাটিংটো শ্বেয়াৰ কৰে। তেওঁ এই সন্দৰ্ভত আমাক জনায় যে ৰাজস্থান বিধানসভা নিৰ্বাচনৰ পূৰ্বে নমুনা হিচাপে প্ৰস্তুত কৰি উলিওৱা কিছু প্ৰতীকাত্মক ইভিএম মেচিন জব্দ কৰা হৈছিল আৰু এয়া যথেষ্ট পুৰণি ঘটনা।

অনুসন্ধানৰ অন্তিমটো পৰ্যায়ত আমি এই ভুৱা পোষ্ট কৰা ইউজাৰগৰাকীৰ প্ৰ’ফাইল স্কেন কৰো। এই স্কেন কৰোতে আমি জানিব পাৰো যে ফে’চবুক ইউজাৰ জীতেন্দ্ৰ মুণ্ডাল এটা বিশেষ ৰাজনৈতিক দলৰ সমৰ্থক। তেওঁ মেড়তা চহৰৰ নিবাসী। একাউণ্ট লক হৈ থকা হেতুকে ইয়াতকৈ অধিক তথ্য আমি জানিবলৈ সক্ষম নহ’লো।

নিষ্কৰ্ষঃ উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে। ২০১৮ চনৰ ৰাজস্থান বিধানসভা নিৰ্বাচনৰ সময়ত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ নামত কিছু প্ৰতীকাত্মক ইভিএম জব্দ কৰা হৈছিল। সেই সম্বন্ধীয় এটা বাতৰিকে এতিয়াৰ বুলি এচাম লোকে শেহতীয়াকৈ প্ৰচাৰ চলাইছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later