X
X

Fact Check: মাইক টাইছনৰ টি-চাৰ্টত লিখা থকা এণ্টি-ভেকছিন শ্লোগানৰ ছবি সম্পাদনা কৰা হৈছে

উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। দৰাচলতে, এই ছবিখন সম্পাদনা কৰা হৈছে। প্ৰকৃত ছবিখনত মাইক টাইছনে পিন্ধা টি-চাৰ্টত কোনো শ্লোগান নাছিল, তাৰ পৰিৱৰ্তে, তেওঁৰ নিজৰ ফটোহে তাত আছিল আৰু ইয়াৰ তলত থকা ‘টাইছন’ৰ এখন ছবি আছিল।

বিশ্বাস নিউজ (নতুন দিল্লী)। বিশ্বজুৰি চলি থকা কৰোনা ভেকছিন অভিযানৰ মাজতে কিংবদন্তী আমেৰিকান বক্সাৰ মাইক টাইছনৰ এখন ছবি ভাইৰেল হৈছে, য’ত তেওঁৰ টি-চাৰ্টত ভেকছিন বিৰোধী শ্লোগান লিখা দেখা গৈছে। এই ছবিখন শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে মাইক টাইছনে কৰোনা ভেকছিনৰ বিৰোধিতা কৰিছে। পিছে বিশ্বাস নিউজৰ তদন্তত এই দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। দৰাচলতে, এই ছবিখন সম্পাদনা কৰা হৈছে। প্ৰকৃত ছবিখনত, মাইক টাইছনে তেওঁ পিন্ধা টি-চাৰ্টখনত শ্লোগান লিখা নাছিল। তাত তেওঁৰ নিজৰে এখন ছবি আছিল আৰু ইয়াত ‘টাইচন’ লিখা আছিল।

কি এই ভাইৰেল পোষ্ট

ফে’চবুক ইউজাৰ Antonio Wicks এ ৩০ জুন ২০২১ তাৰিখে এই ভাইৰেল ফটোখন শ্বেয়াৰ কৰি লিখিছিল – “Former champion boxer Mike Tyson sends the message ‘ I believe in God; Not Vaccines with a shirt he wears.”

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে অনুসন্ধান কৰিবলৈ ভাইৰেল ফটোখন গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ টুলত জমা দিছিল। এই ছাৰ্ছ কৰোতে আমি এই ছবিখন republicworld.com ত দেখিবলৈ পাইছিলো। ২৮ নৱেম্বৰ, ২০২০ তাৰিখে ইয়াত আপলোড কৰা এটা বাতৰিত মাইক টাইচন আৰু ৰয় জোনছ জুনিয়ৰৰ ছবিৰ এখন কোলাজ আছিল। ক’লাজত ব্যৱহৃত মাইক টাইছনৰ ছবিখন অতি ভাইৰেল ছবি আছিল, কিন্তু ইয়াত ব্যৱহৃত ছবিখনত মাইক টাইছনৰ টি-চাৰ্টত কোনো শ্লোগান নাছিল, কিন্তু তেওঁৰ নিজৰ এখন ছবি আৰু ইয়াৰ তলত থকা নিজৰ আৰু ‘টাইছন’ৰ এখন ছবি আছিল।

আমি মাইক টাইছনৰ প্ৰমাণীকৃত ইনষ্টাগ্ৰাম হেণ্ডেলতো এই ছবিখন দেখিবলৈ পাইছিলোঁ। ইয়াক ২৪ নৱেম্বৰ, ২০২০ তাৰিখে আপলোড কৰা হৈছিল। ছবিখনত তেওঁৰ টি-চাৰ্টত মাইক টাইছনৰ নিজৰ এখন ছবিও দেখুওৱা হৈছিল আৰু ইয়াত ‘টাইচন’ লিখা আছিল।

ছবি দুখনৰ মাজৰ সাদৃশ্য তলৰ কোলাজত দেখা যায়।

আমি এই সন্দৰ্ভত জাগৰণৰ ক্ৰীড়া সংবাদদাতা অভিষেক ত্ৰিপাঠীৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কৈছিল, “এই ছবিখন ভুৱা। মই জনামতে, তেওঁ কোনো ৰাজহুৱা অনুষ্ঠানত এনে কোনো টি-চাৰ্ট পিন্ধি থকা নাই। বাস্তৱ ছবিখনত তেওঁ পিন্ধা টি-চাৰ্টখনত তেওঁৰ নিজৰহে ছবি আছিল। “

এই সন্দৰ্ভত, আমি টাইছনৰ পাব্লিচিষ্ট জো মিগনানোৰ সৈতে মেইলযোগে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কৈছিল যে “ভাইৰেল ছবিখন ফটোশ্বপ কৰা হৈছে।”

ইণ্টাৰনেটত এটা কী-ৱৰ্ড অনুসন্ধানত, আমি এনে কোনো বাতৰি পোৱা নাছিলো য’ত টাইছনে ভেকছিনটোৰ বিৰুদ্ধে তেওঁৰ মতামত প্ৰকাশ কৰিছিল।

এতিয়া ফেচবুকত পোষ্টটো শ্বেয়াৰ কৰা ব্যৱহাৰকাৰী ‘Antonio Wicks’ৰ প্ৰ’ফাইল স্কেন কৰাত, আমি দেখিছিলো যে ব্যৱহাৰকাৰীজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ লোক।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। দৰাচলতে, এই ছবিখন সম্পাদনা কৰা হৈছে। প্ৰকৃত ছবিখনত মাইক টাইছনে পিন্ধা টি-চাৰ্টত কোনো শ্লোগান নাছিল, তাৰ পৰিৱৰ্তে, তেওঁৰ নিজৰ ফটোহে তাত আছিল আৰু ইয়াৰ তলত থকা ‘টাইছন’ৰ এখন ছবি আছিল।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later