X
X

Fact Check : দাহোড ৰে’লৱে ষ্টেশ্যনত কোনো সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ হোৱা নাই, ভাইৰেল ভিডিঅ’ এটা মকড্ৰিলৰহে

উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত ‘দাহোদ ৰে’লৱে ষ্টেশ্যনত দুটা সন্ত্ৰাসবাদী কৰায়ত্ত’ শীৰ্ষক ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে। এয়া আছিল এটা মকড্ৰিলৰ ভিডিএঅ’, এই ভিডিঅ’টোকেই বিভিন্ন লোকে ভুৱা দাবীৰে সৈতে ভাইৰেল কৰিছে।

বিশ্বাস নিউজ (নতুন দিল্লী) | ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ আন এক মকড্ৰিলৰ ভিডিঅ’ ভুৱা দাবীৰে সৈতে ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে। এই ভিডিঅ’টোত আৰক্ষী বাহিনীয়ে দুগৰাকী লোকক ধৰি ৰখা অৱস্থাত দেখা গৈছে। ছ’চিয়েল মিডিয়া ইউজাৰসকলে দাবী কৰিছে যে গুজৰাটৰ দাহোদ ৰে’ল ষ্টেশ্যনত সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰা হৈছে।

বিশ্বাস নিউজে ইয়াৰ পূৰ্বেও বহুবাৰ এনেধৰণৰ ভিডিঅ’ৰ অনুসন্ধান চলাইছে। এইবাৰো তাৰ ব্যতিক্ৰম ন”ল, আমি অনুসন্ধান আৰম্ভ কৰিলো। অনুসন্ধানত জানিব পাৰিলো যে দাহোদ ৰে’ল ষ্টেশ্যনত কিছুদিন পূৰ্বে এক মকড্ৰিল সম্পন্ন হৈছিল, যাতে ৰে’ল ষ্টেশ্যনৰ সুৰক্ষা ব্যৱস্থাৰ তদাৰকী কৰিব পৰা যায়। সেই মকড্ৰিলৰেই ভিডিঅ’ এতিয়া কিছুসংখ্যক লোকে সন্ত্ৰাসবাদীৰ সৈতে জড়িত ঘটনা বুলি উল্লেখ কৰি ভাইৰেল কৰিবলৈ লৈছে। আমাৰ অনুসন্ধানত এই ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে।

কি এই ভাইৰেল পোষ্ট

ফে’চবুক পেজ Social Reporter গ্ৰুপে ৬ এপ্ৰিল তাৰিখে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে আৰু লিখিছে – ‘দাহোদ ৰে’লৱে ষ্টেশ্যনত আৰক্ষীয়ে সাহসিকতাৰ পৰিচয় দিয়াৰ উপৰিও কৌশলেৰে দুটাকৈ সন্ত্ৰাসবাদীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। এই সন্ত্ৰাসবাদী দুটাই কিছুসংখ্যক লোক আৰু ৰে’লৱে প্ৰশাসনৰ কিছু কৰ্মচাৰীক আগ্নেয়াস্ত্ৰ দেখুৱাই পণবন্দী কৰি ৰাখিছিল।’

এই ভিডিঅ’টো সঁচা বুলি ভাবি আন বহু ইউজাৰে ভাইৰেল কৰি আছে। এই ভাইৰেল পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে এই ভাইৰেল ভিডিঅ’টো অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাৰ পিছত স্পষ্টভাৱে প্ৰমাণ পায় যে এয়া এক মকড্ৰিলৰ ভিডিঅ’। আমি আমাৰ অনুসন্ধানত InVID টুলৰ ব্যৱহাৰ কৰিলো। ইয়াৰ মাধ্যমেৰে ভালেমান ভিডিঅ’ গ্ৰেবছ উলিয়াবলৈ সক্ষম হলো, তাৰ পিছত পুনৰ এইবোৰক ৰিভাৰ্ছ ইমেজ টুলৰ সহায়েৰে বিচাৰিবলৈ আৰম্ভ কৰিলো। .

আমি দিব্যভাস্কৰ নামৰ এটা ৱেবছাইটত এই সম্বন্ধীয় এটা খবৰ লাভ কৰিলো।বিশ্বাস নিউজে এই খবৰটোকেই গুগল অনুবাদকৰ সহায়েৰে অনুবাদ কৰে। ইয়াৰ পিছতে আমি জানিবলৈ পাও যে গুজৰাটী ভাষাত প্ৰকাশিত এই বাতৰিটোত উল্লেখ কৰা হৈছে যে ৩১ মাৰ্চ তাৰিখে দাহোদ ৰে’ল ষ্টেশ্যনত এটা বিশেষ মকড্ৰিল সম্পন্ন হৈছিল। এই সম্বন্ধীয় সম্পূৰ্ণ বাতৰি ইয়াত পঢ়ক।

এই মকড্ৰিলৰেই আন এটা এংগলৰ এটা ভিডিঅ’ আমি ইউটিউবতো লাভ কৰিলো। ৪ এপ্ৰিলত এই মকড্ৰিলৰ সম্পূৰ্ণ ভিডিঅ’ আমি লাভ কৰিলো। ইয়াত স্পষ্টভাৱে লিখা আছে যে এয়া এক মকড্ৰিল আছিল। ,ম্পূৰ্ণ ভিডিঅ’টো ইয়াত চাব পাৰিব।

আমাৰ অনুসন্ধান অব্যাহত ৰাখি আমি বিশ্বাস নিউজৰ তৰফৰ পৰা পশ্চিম ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ সৈতে যোগাযোগ কৰো। তেওঁ আমাক জনায় যে এই ভাইৰেল ভিডিঅ’টো দাহোদ ৰে’লৱে ষ্টেশ্যনত সম্পন্ন হোৱা এক মকড্ৰিলৰহে।

এই ভাইৰেল ভিডিঅ’টো সন্দৰ্ভত আমি গুজৰাটৰ জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত নেমাৰ সৈতে যোগাযোগ কৰো। তেওঁক এই ভাইৰেল ভিডিঅ’টো প্ৰেৰণো কৰো। তেওঁ এই কথা নিশ্চিতি দি কয় যে এই ভাইৰেল ভিডিঅ’টো এটা মকড্ৰিলৰ ভিডিঅ’। আমাৰ অনুসন্ধানৰ অন্তিমটো পৰ্যায়ত এই ভুৱা পোষ্ট কৰা ফে’চবুক পেজটো পৰীক্ষা কৰো। আমি লাভ কৰা তথ্য অনুসৰি Social Reporter গ্ৰুপ নামৰ এই পেজটো ১৮৫ গৰাকী লোকে ফ’লো কৰে। এই পেজটো বিগত ৫ মে’ ২০২০ তাৰিখে খোলা হৈছিল।

নিষ্কৰ্ষঃ উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত ‘দাহোদ ৰে’লৱে ষ্টেশ্যনত দুটা সন্ত্ৰাসবাদী কৰায়ত্ত’ শীৰ্ষক ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে। এয়া আছিল এটা মকড্ৰিলৰ ভিডিএঅ’, এই ভিডিঅ’টোকেই বিভিন্ন লোকে ভুৱা দাবীৰে সৈতে ভাইৰেল কৰিছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later