Fact Check: উচ্চতম ন্যায়ালয়ে প্ৰতিটো ভাষাত দেশৰ নাম “ভাৰত” লিখিবলৈ দিয়া নাই

উপসংহাৰ: আমাৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি ভাইৰেল পোষ্টটোত কৰা দাবীটো ভুল আছিল। উচ্চতম ন্যায়ালয়ে দেশৰ নাম সলনি কৰাৰ বিষয়ে কোনো সিদ্ধান্ত ঘোষণা কৰা নাই।

Fact Check: উচ্চতম ন্যায়ালয়ে প্ৰতিটো ভাষাত দেশৰ নাম “ভাৰত” লিখিবলৈ দিয়া নাই

নতুন দিল্লী (Vishvas News)। ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ এটা বিশেষ পোষ্ট ভাইৰেল হৈ আছে আৰু এই পোষ্টটোত দাবী কৰা হৈছে যে উচ্চতম ন্যায়ালয়ে ১৫ জুনৰ পৰা প্ৰতিটো ভাষাতে ভাৰতক “ভাৰত” নাম দিয়া হ’ব বুলি ৰায় দিছে। অৰ্থাৎ ইংৰাজীতো ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত লিখিব লাগিব বুলি কোৱা হৈছে বুলি উল্লেখ কৰিছে পোষ্টটোত। পিছে, বিশ্বাস নিউজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল পোষ্টটোৰ সৈতে কৰা দাবীটো মিছা।

দৰাচলতে, ২০২০ চনৰ মে’ মাহত উচ্চতম ন্যায়ালয়ে সংবিধানৰ ১ নং অনুচ্ছেদ সংশোধন কৰি দেশখনক প্ৰতিটো ভাষাত ভাৰতৰ নাম দিছিল। ভাৰতৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডেৰ বিচাৰপীঠে সংবিধানত সংশোধনৰ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰাৰ সময়ত ইয়াক নাকচ কৰিছিল। উচ্চতম ন্যায়ালয়ে কৈছিল যে সংবিধানত ভাৰতৰ নাম ভাৰত আৰু এই লেখ আৱেদনক প্ৰসঙ্গ হিচাপেহে গণ্য কৰা উচিত, অৱশ্যে ইয়াৰ চূড়ান্ত সিদ্ধান্ত কেন্দ্ৰৰ ওপৰত এৰি দিয়া হৈছিল।

কি এই ভাইৰেল পোষ্ট

ফে’চবুক ইউজাৰ Bramha Shanker Ojha ই এই শ্বেয়াৰ কৰি লিখিছে : Breaking || ভাৰতৰ সকলো নাগৰিকলৈ অভিনন্দন, আৰু India ৰ কথা নকওঁ, ১৫ জুনৰ পৰা, প্ৰতিটো ভাষাতে আমাৰ দেশৰ নাম এতিয়া কেৱল ভাৰতহে ৰখা হ’ব। #উচ্চতম ন্যায়ালয়

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল পোষ্টটোত কৰা দাবীৰ তদন্ত কৰিবলৈ কী-ৱৰ্ডৰ সৈতে ইণ্টাৰনেটত অনুসন্ধান কৰিছিল, কিন্তু আমি উচ্চতম ন্যায়ালয়ৰ এনে ৰায় অন্তৰ্ভুক্ত কৰা কোনো সংবাদ মাধ্যমৰ প্ৰতিবেদন পোৱা নাছিলো।

আমি ২৯ মে, ২০২০ তাৰিখে প্ৰকাশিত কিছুসংখ্যক সংবাদ মাধ্যমৰ প্ৰতিবেদন পাইছিলোঁ, য’ত উচ্চতম ন্যায়ালয়ে লকডাউন থকা স্বত্বেও ভাৰতক ভাৰত হিচাপে নামাকৰণ কৰিবলৈ লেখ আৱেদনৰ ওপৰত শুনানিৰ অনুমতি দিছিল। এই লেখ আবেদনৰ দ্বাৰা সংবিধানৰ অনুচ্ছেদ ১ ত সংশোধন বিচৰা হৈছিল।

এই আবেদনখনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ২ জুন, ২০২০ তাৰিখে ইয়াৰ ৰায় ঘোষণা কৰিবলৈ অস্বীকাৰ কৰি কয় যে লেখ আবেদনক ৰেফাৰেন্স বা প্ৰসঙ্গ হিচাপে চোৱা উচিত আৰু কেন্দ্ৰই ইয়াৰ ওপৰত সিদ্ধান্ত লোৱা উচিত। উচ্চতম ন্যায়ালয়ে এইটোও কৈছিল যে সংবিধানত দেশৰ নাম ভাৰত বুলি উল্লেখ আছে আৰু এনেদৰেই আবেদনখন নিষ্পত্তি কৰা হৈছিল।

অধিক তথ্যৰ বাবে, আমি উচ্চতম ন্যায়ালয়ৰ অধিবক্তা স্নেহা সিঙৰ সৈতে যোগাযোগ কৰো। তেওঁ আমাক জনায় যে ভাইৰেল পোষ্টটোত কৰা দাবীটো ভুল। উচ্চতম ন্যায়ালয়ে তেনে কোনো ৰায় দিয়া নাই। যোৱা বছৰ আদালতত দাখিল কৰা আবেদনখন আদালতে নিষ্পত্তি কৰি কৈছিল যে দেশৰ নাম ইতিমধ্যে সংবিধানত ভাৰত বুলি উল্লেখ আছে। সেয়েহে, ১৫ জুনৰ পৰা প্ৰতিটো ভাষাতে দেশখনৰ নাম ভাৰত হিচাপে সলনি কৰা হৈছে বুলি ভাইৰেল দাবীটো ভুল। শেষত ফে’চবুকত এই পোষ্টটো শ্বেয়াৰ কৰা ইউজাৰ Bramha Shankar Ojha ৰ প্ৰ’ফাইল স্কেন কৰাত আমি দেখিছিলো যে বাতৰিটো লিখাৰ পৰলৈকে ৬১০ জন লোক ইউজাৰজনৰ বন্ধু তালিকাত আছে আৰু এই ইউজাৰজন ফেচবুকত যথেষ্ট সক্ৰিয়।

নিষ্কৰ্ষঃ উপসংহাৰ: আমাৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি ভাইৰেল পোষ্টটোত কৰা দাবীটো ভুল আছিল। উচ্চতম ন্যায়ালয়ে দেশৰ নাম সলনি কৰাৰ বিষয়ে কোনো সিদ্ধান্ত ঘোষণা কৰা নাই।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস