বিশ্বাস নিউজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই ছবিখনৰ সৈতে কৰা দাবীটো ভুল আছিল। এয়া হৈছে নতুন দিল্লীৰ ৰে’ল ষ্টেচনৰ নৱীকৰণৰ বাবে এক প্ৰস্তাৱিত ব্লুপ্ৰিণ্ট, যাক এতিয়া অযোধ্যা ষ্টেচনৰ নামত শ্বেয়াৰ কৰি থকা হৈছে।
নতুন দিল্লী (বিশ্বাস নিউজ) || শেহতীয়াকৈ এখন ছবি ছচিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ আছে, য’ত এটা অতি আধুনিক ৰেল ষ্টেচন দেখা গৈছে। ছবিখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এইটো অযোধ্যা ৰে’ল ষ্টেচন। বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত লাভ কৰা তথ্য অনুযায়ী ছবিখনৰ সৈতে কৰা দাবীটো ভুল আছিল। এয়া হৈছে নতুন দিল্লীৰ ৰে’ল ষ্টেচনৰ নৱীকৰণৰ বাবে প্ৰস্তাৱিত এক ব্লুপ্ৰিণ্ট, যাক এতিয়া অযোধ্যা ষ্টেচনৰ নামত শ্বেয়াৰ কৰি থকা হৈছে।
কি এই ভাইৰেল পোষ্ট?
ফেচবুক ইউজাৰ Air News Live এ এই ছবিখন শ্বেয়াৰ কৰি লিখিছে, “মহান কাম মোডীজী… #india #Ayodhya #Modi: এই ছবিখনৰ ওপৰত লিখা হৈছিল “এই ষ্টেচনটো আমেৰিকা, চীন বা জাপানত নাই, ই হৈছে অযোধ্যাৰ এটা ষ্টেচন যিটো এখন দেশৰ জনতালৈ উৎসৰ্গিত হ’ব…”।
পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।
অনুসন্ধান
আমাৰ অনুসন্ধান আৰম্ভ কৰি, আমি প্ৰথমে গুগল ৰিভাৰ্চ ইমেজত এই ছবিখন অনুসন্ধান কৰিছিলো। আমি এই ফটোখন ভাৰতীয় ৰে’লৱেৰ অফিচিয়েল প্ৰতিবেদন “ইণ্ডিয়ান ৰেলৱে ভিজন ২০২০” ত দেখিবলৈ পাইছিলো। প্ৰতিবেদনখন ২০০৯ চনত ৰেল মন্ত্ৰালয়ে দাখিল কৰিছিল। তেতিয়াৰ পৰা, ছবিখন নতুন দিল্লী ৰেল ষ্টেচনৰ পুনৰ্বিকাশ সম্পৰ্কীয় কেইবাটাও সংবাদ মাধ্যমৰ প্ৰতিবেদনত ব্যৱহাৰ কৰা হৈছে।
আমি এই ছবিখন swarajyamag.com তো পাইছিলো। ২০২০ চনৰ ১৪ ফেব্ৰুৱাৰীত প্ৰকাশিত এই বাতৰিটোত ব্যৱহৃত এই ফটোখনৰ তলৰ শিৰোনামটো লিখা আছিল “৩ টা প্ৰস্তাৱিত স্তৰৰ সৈতে নতুন দিল্লী ৰেল ষ্টেচনৰ বাবে ব্লুপ্ৰিণ্ট।”
আমি এই ছবিখন nenow.in তো পাইছিলো। ইয়াত উপলব্ধ তথ্য অনুসৰি, ই দিল্লী ৰেল ষ্টেচনৰ এক প্ৰস্তাৱিত ব্লুপ্ৰিণ্ট।
এইবাৰ, আমি অযোধ্যা ৰে’ল ষ্টেচন সম্পৰ্কীয় তথ্য উদঘাটন কৰিবলৈ আৰম্ভ কৰিলোঁ। ২০২১ চনৰ ৪ ছেপ্টেম্বৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি www.outlookindia.com, “বিভাগীয় ৰে’ল প্ৰৱন্ধক এছ কে চাপ্ৰাই আমাক কৈছিল যে অযোধ্যা ষ্টেচনৰ প্ৰথম পৰ্যায়ৰ ৭০ শতাংশ সম্পূৰ্ণ হৈছে আৰু এই বছৰৰ ৩১ ডিচেম্বৰৰ ভিতৰত ষ্টেচনটো সাজু হৈ উঠিব।”
বিশ্বাস নিউজে এই সন্দৰ্ভত দৈনিক জাগৰণৰ অযোধ্যাৰ সংবাদদাতা ৰামা শংকৰৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ আমাক কয়, “এই ছবিখনৰ সৈতে অযোধ্যা ৰেল ষ্টেচনৰ কোনো সম্পৰ্ক নাই। অযোধ্যা ষ্টেচনৰ কাম এতিয়াও চলি আছে। তেওঁ অযোধ্যা ৰেল ষ্টেচনত চলি থকা নিৰ্মাণ কাৰ্যৰ শেহতীয়া ছবিবোৰো আমালৈ প্ৰেৰণ কৰিছিল, যিবোৰ তলত দেখা গৈছে।
উল্লেখ্য যে শেহতীয়াকৈ ইণ্ডিয়ান এক্সপ্ৰেছ বাতৰি কাকতত উত্তৰ প্ৰদেশ চৰকাৰৰ এটা বিজ্ঞাপন প্ৰকাশ পাইছিল। য’ত কলকাতাৰ ফ্লাইঅভাৰৰ এখন ফটো ব্যৱহাৰ কৰা হৈছিল। ভুলটো ধৰা পৰাৰ পিছত ইণ্ডিয়ান এক্সপ্ৰেছে ক্ষমাও বিচাৰিছিল। অৱশ্যে, তেতিয়া উত্তৰ প্ৰদেশ চৰকাৰক সামাজিক মাধ্যমত সমগ্ৰ বিশ্বৰ ছবি ব্যৱহাৰ কৰি শ্লেষাত্মক সুৰত লক্ষ্য কৰি লোৱা হৈছিল। অৱশ্যে, বহুতো ব্যৱহাৰকাৰীয়ে এই ফটো ইউপিৰ বুলি শ্বেয়াৰ কৰি আছিল।
ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰী এয়াৰ নিউজ লাইভৰ এক সামাজিক স্কেনিংত, আমি দেখিছিলো যে পৃষ্ঠাটো ফেচবুকত 291,22 জন লোকে অনুসৰণ কৰিছে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই ছবিখনৰ সৈতে কৰা দাবীটো ভুল আছিল। এয়া হৈছে নতুন দিল্লীৰ ৰে’ল ষ্টেচনৰ নৱীকৰণৰ বাবে এক প্ৰস্তাৱিত ব্লুপ্ৰিণ্ট, যাক এতিয়া অযোধ্যা ষ্টেচনৰ নামত শ্বেয়াৰ কৰি থকা হৈছে।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ