X
X

Fact Check : উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ অসম আৰক্ষীৰ নহয়, ম্যানমাৰৰ ছবি ভুৱা দাবীৰে ভাইৰেল

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি অসম আৰক্ষীৰ নামত ভাইৰেল হোৱা পোষ্টটো ভুৱা। দৰাচলতে, ছবিখনত দেখা অস্ত্ৰ-শস্ত্ৰবোৰ অসম আৰক্ষীয়ে এৰি যোৱা বুলি কোৱা হৈছে যদিও দৰাচলতে সেয়া ম্যানমাৰৰ এক অভিযানত উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰহে।

বিশ্বাস নিউজ (গুৱাহাটী) শেহতীয়াকৈ অসম মিজোৰাম সীমান্তত দুয়োখন ৰাজ্যৰ আৰক্ষীৰ মাজত হোৱা সংঘাতৰ খবৰে পৰিৱেশ উত্তাল কৰি ৰাখিছে। ইয়াৰ মাজতে একাংশ লোকে কেতবোৰ ভুৱা বাতৰি ছ’চিয়েল মিডিয়াযোগে ভাইৰেল কৰি তুলিছে। শেহতীয়াকৈ ভালেমান অস্ত্ৰ-শস্ত্ৰৰ এখন ফটো ছ’চিয়েল মিডিয়া আৰু হোৱাটছএপ্পযোগে ভাইৰেল হৈছে। এই পোষ্টৰ সৈতে দাবী কৰা হৈছে যে অসম আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ এৰি সীমান্তৰ পৰা পলাই গৈছে। পিছে বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত এই দাবী আৰু ফটো দুয়োটাই ভুৱা বুলি প্ৰমাণিত হৈছে। আমি জানিব পাৰিছিলো যে যিখন ফটো ভুৱা দাবীৰে ভাইৰেল হৈছে, সেয়া প্ৰকৃততে ম্যানমাৰহে ফটো।

কি এই ভাইৰেল পোষ্ট?

ফেচবুক ব্যৱহাৰকাৰী Omar Shadap এ ২৭ জুলাইত এখন ফটো আপলোড কৰি দাবী কৰিছে: : ‘Arms left behind by Assam Police after surrendering with White Flag to Mizoram Police within Mizoram Territory. Shame on Govt of Assam.’ ইয়াৰ অসমীয়া অনুবাদ এনেধৰণৰ – ‘মিজোৰাম আৰক্ষীক অসম আৰক্ষীয়ে বগা পতাকা দেখুৱাই আত্মসমৰ্পন কৰি অস্ত্ৰ-শস্ত্ৰ এৰি থৈ গৈছে। অসম চৰকাৰ হায় হায়।’

ফে’চবুক পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

বহুতো ব্যৱহাৰকাৰীয়ে ছবিখন সঁচা বুলি ভাইৰেল কৰি তুলিছে। ভাইৰেল পোষ্টটো ইয়াত আৰু ইয়াত দেখা যাব।

অনুসন্ধান

বিশ্বাস নিউজ প্ৰথমে গুগল ৰিভাৰ্চ ইমেজ টুলৰ জৰিয়তে ভাইৰেল ছবি বিচাৰিবলৈ আৰম্ভ কৰিছিল। আমি এই ছবিখন www.myanmar-now.org নামৰ এটা ৱেবছাইটত পাইছিলো। ২৬ জুলাই, ২০২১ তাৰিখে এই ৱেবছাইটত বাৰ্মিজ আৰু ইংৰাজী ভাষাত প্ৰকাশিত এটা প্ৰতিবেদনত এই ভাইৰেল ফটোখন সন্নিৱিষ্ট কৰা হৈছে। এই প্ৰতিবেদনত ইংৰাজী ভাষাত উল্লেখ থকা অনুসৰি শিৰোনাম – The captain, armed with 22 guns, surrendered during the capture of the military council camp.

বাতৰিটো দুয়োটা ভাষাতে তলৰ লিংকত পঢ়িব পাৰিব।

লগতে ইয়াত সন্নিৱিষ্ট থকা প্ৰকৃত ফটোখনৰ তলত কেপশ্যনত লিখা হৈছে –  Guns obtained during the Chin CDF seizure of the Magyi Ein Nu police station. (Photo: Send) ইয়াৰ অসমীয়া অনুবাদ এনেধৰণৰ  – ‘মাগ্গি এইন ন্যু আৰক্ষী থানাত চিন চিডিএফ অভিযানত জব্দ অস্ত্ৰ-শস্ত্ৰ।’

বিশ্বাস নিউজে ইয়াৰ তদন্ত আগবঢ়াই নিছিল আৰু East Mojo ৰ হৈ অসম-মিজোৰাম সীমা সমস্যা কভাৰ কৰি থকা সাংবাদিক নিলোৎপল টিমছিনাৰ সৈতে এই ভাইৰেল দাবীটো ভাগ বতৰা কৰিছিল। তেওঁ ভাইৰেল দাবীটো অস্বীকাৰ কৰিছিল আৰু কৈছিল যে অসম আৰক্ষীয়ে এনেধৰণৰ মাৰণাস্ত্ৰ ব্যৱহাৰ নকৰে। ইফালে, অসম আৰক্ষী আৰু মিজোৰাম আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষৰ সময়ত অসম আৰক্ষীৰ ৫ জন জোৱানৰ মৃত্যু হৈছিল আৰু বহু লোক আহত হৈছিল যদিও এনেদৰে আত্মসমৰ্পন কৰা নাছিল। অৱশ্যে গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ পিছত অসম আৰক্ষী সীমান্তৰ পৰা আঁতৰি আহে। গতিকে এই ভাইৰেল পোষ্ট সম্পূৰ্ণ ভুৱা।

বিশ্বাস নিউজে ফেচবুক একাউণ্ট Omar Shadap ক স্কেন কৰিছিল যিয়ে ভাইৰেল দাবীটো ভাগ বতৰা কৰিছিল। ব্যক্তিগৰাকীয়ে তেওঁৰ একাউণ্ট লক কৰি থোৱা বাবে আমি সবিশেষ তথ্য লাভ নকৰিলো।

নিষ্কৰ্ষঃ নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি অসম আৰক্ষীৰ নামত ভাইৰেল হোৱা পোষ্টটো ভুৱা। দৰাচলতে, ছবিখনত দেখা অস্ত্ৰ-শস্ত্ৰবোৰ অসম আৰক্ষীয়ে এৰি যোৱা বুলি কোৱা হৈছে যদিও দৰাচলতে সেয়া ম্যানমাৰৰ এক অভিযানত উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰহে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later