X
X

Fact Check: ৰাহুল গাঁন্ধীৰ পুৰণি এখন সাক্ষাৎকাৰৰ ভিডিঅ’ ভ্ৰমাত্মক দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে

  • By: Pallavi Mishra
  • Published: Sep 30, 2023 at 10:35 AM
  • Updated: Sep 30, 2023 at 10:38 AM

নতুন দিল্লী(বিশ্বাস নিউজ) সামাজিক মাধ্যমত কংগ্রেছ নেতা ৰাহুল গাঁন্ধীৰ এখন ভিডিঅ’ ভাইৰাল হৈ আছে। এই ভিডিঅ’ খনত এই দাবি কৰা হৈছে যে, যেতিয়া ৰাহুল গাঁন্ধীক, এটা সাক্ষাৎকাৰ এটা কঠিন প্ৰশ্ন সোধা হৈছিল, তেঁও উত্তৰ দিব নোৱাৰিছিল আৰু মৌনতা অৱলম্বণ কৰিছিল। 

বিশ্বাস নিউজে ভাইৰাল ভিডিঅ’খন তদন্ত কৰিলে আৰু ভিডিঅ’খন এডিট কৰা বুলি প্ৰমানিত হ’ল।  

ভাইৰাল পোষ্টত কি আছে

ফেচবুক গ্ৰুপ ‘Senior Citizens Group <60yrs++++++’  12 চেপ্টেম্বৰৰ দিনা এটা  38 চেকেণ্ডৰ ভিডিঅ’ পোষ্ট কৰিছে যাৰ কেপশ্বন আছিল, “এই গম্ভীৰ সাক্ষাৎকাৰ চাই হাঁহি নিদিব, এয়া মোৰ বিনম্ৰ অনুৰোধ”, কিন্ত ভিডিঅ’খনত এয়া লিখা আছিল যে, “যেতিয়া আপুনি বোৰ বেছি মিছা কথা কয় আৰু IO এ আপোনাক কঠিন প্ৰশ্ন সোধে”।

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

ৰাহুল গাঁন্ধীৰ ভাইৰাল ভিডিঅ’ তদন্ত কৰিবলৈ, বিশ্বাস নিউজে প্ৰথমতে ইনভিড টুলৰ সহায়ত ভিডিঅ’খনৰ বিভিন্ন কিফ্ৰেম ওলালে। তাৰপিছত আমি এই কিফ্ৰেমসমূহ গুগল লেঞ্চ টুলৰ সহায়ত বিছাৰিলোঁ আৰু 2014 ত আজ তক-ৰ লগত হোৱা ৰাহুল গাঁন্ধীৰ সাক্ষাৎকাৰৰ এখন সম্পূৰ্ণ ভিডিঅ’ পালো। এই ভিডিঅ’খন আজতক-ৰ ইউটিউব চেনেলত 13 এপ্রিল 2014-ত আপলড কৰা হৈছিল। লগত থকা বিৱৰণ এইদৰে আছিল, “এই এদনীয় সাক্ষাৎকাৰত, কংগ্ৰেছৰ উপ সভাপতি ৰাহুল গাঁন্ধীয়ে কংগ্ৰেছৰ 2014ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰাভিযানৰ বিষয়ৰ লগত তেঁওলোকৰ মূখ্য প্ৰতিদ্বন্দী বিজেপি আৰু বহুত বিষয়ে ক’লে।” 

তেঁওৰ সাক্ষাৎকাৰৰ সম্পূৰ্ণ ভিডিঅ’ চোৱাৰ পিছত, আমি এয়া জানিব পালো যে ভাইৰাল ভিডিঅ’ত দেখুৱাৰ দৰে প্ৰশ্ন সোঁধতে তেঁও মনে মনে নাছিল, ইয়াৰ পৰিৱৰ্তে তেঁও তেঁওৰ প্রাথমিক মন্তব্যৰ বিষয়ে সোঁধতে তাৰ সম্পূৰ্ণ উত্তৰ দিছিল। ভিডিঅ’খনৰ পৰা বিভিন্ন ছবি লোৱা হৈছিল আৰু সেইবিলাকক সজাই এটা ভ্ৰমাত্মক ব্যাখ্যা প্ৰস্তুত কৰা হৈছিল, যিটো এতিয়া ভাইৰাল হৈ আছে। ভাইরাল ভিডিঅ’ত, “মই কৰিম, আপুনি চাব, ফলাফল যিয়ে নহওক, আপোনালোকে চাই লব, এয়ায় ক’ব খুজিছোঁ” এই কথাসাৰ মূল ভিডিঅ’খনত 26:35 মিনিটৰ অংশখিনিত পোৱা যায়, আৰু “মই লাগি আছো”  এই কথাসাৰ ভিডিঅ’খনৰ 12:23 মিনিটৰ অংশত পোৱা যায়। “মই লাগি আছো, মই লাগিযে থাকিম আৰু মোৰ চিন্তাধাৰা হ’ল যে, যদি শেষত বিজয়ী হ’ব বিছাৰো” কথাৰ এই অংশখিনি ভিডিঅ’খনৰ 12:40 মিনিটৰ পৰা লোৱা হৈছিল।“এইযে আপুনি জেকেট পিন্ধি আছে, জোতা পিন্ধি আছে” এই অংশটো ভিডিঅ’খনত 13:15 মিনিটত আছে। আৰু “এইবিলাক এতিয়া সলাব লাগিব…………” এই অংশটো ভিডিঅ’খনৰ 12:51 মিনিটৰ পৰা লোৱা হৈছে। ভিডিঅ’ৰ শেষৰ মূখৰ ভঙ্গিমাখিনি 12:58 মিনিটৰ পৰা লোৱা হৈছে। 

এই সকলক মিলাবলৈ নয় বছৰ পুৰণি সাক্ষাৎকাৰ এখনৰ ভিডিঅ’ৰ কেইবাটও অংশ লগলগাই মূল বক্তব্য সলনি কৰি এডিট কৰা হৈছে, যাৰ উদ্দেশ্য হ’ল ৰাহুল গাঁন্ধীয়ে সাক্ষাৎকাৰত মূৰ্খৰ দৰে কথা পাতিছে এই ভুল তথ্য প্ৰতিষ্ঠা কৰা। 

তদন্ত আগবঢ়াই নিঁওতে, বিশ্বাস নিউজে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সমন্বয়ক শুজা গাঁন্ধীৰ লগত যোগাযগ কৰিলে। যেতিয়া আমি তেঁওক এই ভাইৰাল পোষ্টৰ বিষয়ে অৱগত কৰিলো, তেঁও ক’লে যে, “ভিডিঅ’খন এডিট কৰা আৰু এয়া ৰাহুল গাঁন্ধীৰ বিৰুদ্ধে ভুল তথ্য বিয়পাৰ স্বাৰ্থত প্ৰস্তুত কৰা হৈছে।  সময় আহিছে যেতিয়া আমি সত্য আৰু অসত্য তথ্যৰ মাজত পাৰ্থক্য কৰিবলৈ শিকিব লাগিব, মানুহ সজাগ হ’ব লাগিব আৰু জানিব লাগিব যে, কোনবিলাক মানুহে বিভিন্ন ছলনাৰ আশ্ৰয় লই তেঁওলোকৰ আৱেগৰ লগত খেলি আছে।”   

তদন্তৰ শেষত, আমি ভুৱা ভিডিঅ’ পোষ্ট কৰা পেজখন ষ্কেন কৰিলো। ফেচবুক পেজ ‘Senior Citizens Group <60yrs++++++’ ৰ 3700ৰ বেছি অনুসৰণকাৰী আছে।

উপসংহাৰ:  বিশ্বাস নিউজে ভাইৰাল ভিডিঅ’খনৰ তদন্ত কৰিলে আৰু এই তথ্য পোহৰলৈ আহিলে যে, ৰাহুল গাঁন্ধীৰ পুৰণি সাক্ষাৎকাৰ এটাক এডিট কৰি ভুল তথ্য বিয়পাই দিয়া হৈছে।

  • Claim Review : যেতিয়া ৰাহুল গাঁন্ধীক এটা সাক্ষাৎকাৰত এখন জটিল প্ৰশ্ন সোধা হৈছিল তেঁও মৌনতা অৱলম্বণ কৰিছিল আৰু উত্তৰ দিব পৰা নাছিল।
  • Claimed By : Senior Citizens Group
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later