X
X

Fact Check: ৰাহুল গান্ধীৰ এডিট কৰা ভিডিঅ’ ভুল দাবিৰ সৈতে ভাইৰাল হৈ আছে

নতুন দিল্লী(বিশ্বাস নিউজ): কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ব্যঙ্গ কৰাৰ উদ্দেশ্যত ভুল দাবিৰ সৈতে এখন ভিডিঅ’ বিয়পি পৰিছে য’ত তেঁও নিজকে দৰ্জী বুলি উল্লেখ কৰিছে। কিছুমান সামাজিক মাধ্যম ব্যবহাৰকাৰীয়ে এই হেতালী খেলা ভিডিঅ’ বিয়পাই ৰাহুল গান্ধীৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হৈছে। 

বিশ্বাস নিউজে এই ভাইৰাল পোষ্টখনৰ তদন্ত কৰিলে, আৰু দাবিটো ভুল বুলি প্ৰমানিত হলে। ভাইৰাল ক্লিপটো ৰাহুল গান্ধীৰ ভাষণৰ এটা অংশৰ হেতালী খেলি সৃষ্টি কৰা হৈছে। প্ৰকৃত ভিডিঅ’খনত, ৰাহুল গান্ধীয়ে এজন ফেশ্বন ডিজাইনাৰৰ লগত তেঁওৰ কথপোকথনৰ বিষয়ে আলোচনা কৰি আছিল। ভিডিঅ’ৰ নিৰ্দিষ্ট কিছু অংশ এডিট কৰা হৈছিল আৰু এনেদৰে বিয়পাই দিয়া হৈছে য’ত ৰাহুল গান্ধীয়ে নিজকে দৰ্জী বুলি উল্লেখ কৰাৰ ভুল তথ্য ওলাই পৰিছে। আমাৰ তদন্তই এই তথ্য নিশ্চিত কৰে যে ভাইৰাল পোষ্টখন ভুৱা। 

কি ভাইৰাল হৈ আছে?

ফেচবুক ব্যৱহাৰকাৰী শ্যাম 16 ডিচেম্বৰ ৰাহুল গান্ধীৰ এখন ভিডিঅ’ ক্লিপ (আৰ্কাইভ লিঙ্ক) আপল’ড কৰিছে। হাঁহিৰ ইম’জি এটাৰ সৈতে লিখা আছিল যে, “মই এজন দৰ্জী। ভিডিঅ’ ক্লিপত ৰাহুল গান্ধীক কই থকা শুনা যায় যে, “বিশ্বই মোক ফেশ্বন ডিজাইনাৰ বুলি জানে, কিন্তু মই ফেশ্বন ডিজাইনাৰ নহয়। মই এজন দৰ্জী আৰু যেতিয়া মই কিবা কাপোৰ চাঁও। মোক যিকোনে কাপোৰ দেখুৱাওক, যিকোনো ৰং দেখুৱাওক। যি মুহুৰ্তত মই কাপোৰখন চাঁও, মই কাপোৰখন চিনি পাঁও। এয়া কেনেকৈ কাটিব লাগিব, এয়া কিদৰে এজনৰ কান্ধত লগাব লাগিব। ক’ত কোনটো ৰং সাজিব? এয়াই মোৰ দক্ষতা এয়াই মোৰ কাম, মই এয়াই বুজি পাঁও। আৰু মই আপোনাক এই সাৰ কথা ক’ব পাৰো যে মই মোৰ কাম, মোৰ দক্ষতা ভালদৰে বুজি পাঁও। অতি গভীৰভাবে বুজি পাঁও। এতিয়া মনোযোগ দি শুনক, সেই কাপোৰজোৰ এজন দৰ্জীয়ে চিলাইছে। সেই দৰ্জীজন মানুহজনৰ পিছফালৰ কোঠাত লুকাই আছে। আপুনি সেই দৰ্জীজনক উলিয়াই লৈ আনক, তেঁওক পেৰিছ, ফ্ৰাঞ্চ পঠাওক, আমি চাপৰি বজাম.”

বিশ্বাস নিউজৰ তদন্ত:

ভাইৰাল ভিডিঅ’ৰ সত্যতা জানিবলৈ, বিশ্বাস নিউজে এই সন্দৰ্ভত এখন ধাৰাবাহিক তদন্ত কৰিছিল। সম্পূৰ্ণ ভিডিঅ’খন মনোযোগ সহকাৰে শুনাৰ পিছত, এয়া প্ৰমানিত হয় যে, ৰাহুল গান্ধীয়ে বেলেক এজনৰ ভাষ্যৰ বৰ্ণনা দি আছিল। ভাইৰাল ভিডিঅ’ৰ পৰা কিফ্ৰেম আহৰণ কৰি, তদন্ত আগবঢ়াবলৈ ইনৱিড টুল ব্যবহাৰ কৰা হৈছিল। একেদৰে গুগল লেঞ্ছ ব্যৱহাৰ কৰি, আচল ভিডিঅ’খন কংগ্ৰেছ দলৰ কৰ্তৃত্বাধীন ইউ টিউব চেনেলত চিহ্নিত কৰিব পৰা গৈছিল।

2018 চনৰ 11 জুন তাৰিখৰ মুল ভিডিঅ’খনত, কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক অবিছি সন্মিলনিত ভাষত প্ৰদান কৰা দেখা গৈছিল। সম্পূৰ্ণ ভিডিঅ’টো পৰ্যালোচনা কৰাৰ পিছত ভাইৰাল ক্লিপটোৰ সৈতে সংগতি ৰাখি অংশটো টাইমলাইনৰ প্ৰায় 2:34 ঘন্টাৰ ভিতৰত অৱস্থিত হৈছিল। এই খণ্ডটোত ৰাহুল গান্ধীয়ে এটা কাণ্ডৰ কথা কৈছে য’ত তেংও এজন ফ্বেশন ডিজাইনাৰক ভাৰতীয় সমকক্ষক উপহাস কৰাৰ বিষয়ে প্ৰশ্ন কৰিছিল।

ভিডিঅ’টো শুনাৰ লগে লগে পোহৰলৈ আহিল যে, ৰাহুল গান্ধীয়ে এজন বাৰতীয়ক উপহাস কৰা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত ফ্বেশন ডিজাইনাৰগৰাকীয়ে কয়, “বিশ্বই মোক ফ্বেশন ডিজাইনাৰ বুলি কয়। কিন্তু মই ফ্বেশন ডিজাইনাৰ নহয়। মই দৰ্জী। যেতিয়া মই, কাপোৰখনক চাঁও, যিকোনো ৰঙৰ যিকোনো কাপোৰ দেখুৱাওক। কাপোৰখন চোৱা মুহুৰ্ততেই মই সেইসমূহক বুজি পাঁও-সেইবিলাকক কেনেকৈ কাটিব লাগিব, সেইবিলাক কেনেকৈ এজনৰ কান্ধত লগাব লাগে, কোনটো ৰং ক’ত সাজিব। এয়া মোৰ দক্ষতা, মোৰ কাম। মই গভীৰভাবে বুজি পাঁও। এতিয়া মন কৰিব, সেই কাপোৰজোৰ এজন দৰ্জীয়ে বনাইছিল। সেই দৰ্জীজন মানুহজনৰ পিছফালৰ কোঠাত লুকাই আছে। আপুনি সেই দৰ্জীজনক উলিয়াই লৈ আনক, তেঁওক পেৰিছ, ফ্ৰাঞ্চ পঠাওক, আমি চাপৰি বজাম.”

সম্পূৰ্ণ ভিডিঅ’টো তলত চাব পাৰিব। 

বিশ্বাস নিউজৰ লগত হোৱা সাক্ষাৎকাৰ এটাত, কংগ্ৰেছ দলৰ সামাজিক মাধ্যম বিভাগৰ গিৰিশ কুমাৰ মহোদয়ে এয়া নিশ্চিত কৰে যে, ৰাহুল গান্ধীৰ ভাইৰাল ভিডিঅ’খন এডিট কৰা। এয়া তেঁওৰ পুৰণা ভিডিঅ’ এখনৰ অংশ যিটোক লৈ হেতালী খেলা হৈছে আৰু বিয়পাই দিয়া হৈছে। মুল ভিডিঅ’টোত, ৰাহুল গান্ধীয়ে, ফ্বেশন ডিজাইনাৰ এজনৰ লগত হোৱা তেঁওৰ কথপোকথনৰ বিষয়ে কথা পাতি আছিল। 

তদন্ত সমাপ্ত কৰাৰ বাবে, ভুৱা পোষ্টটোৰ বাবে দায়বদ্ধ ব্যৱহাৰকাৰীজনক পৰীক্ষা কৰা হয়। ফেচবুক ব্যৱহাৰকাৰী শ্যাম ঝেডুৰ সামাজিক স্কেনিঙত প্ৰকাশ পাইছে যে ব্যৱহাৰকাৰীজন ৰাজস্থানৰ বাসিন্দা আৰু তেঁওৰ 2000-ৰও অধিক ফেচবুক বন্ধু আছে। 

সামৰণিঃ বিশ্বাস নিউজৰ তদন্তত ৰাহুল গান্ধীৰ ভাইৰাল ভিডিঅ’ এডিট কৰা বুলি প্ৰমানিত হৈছে। প্ৰচাৰিত ক্লিপটো পাঁচ বছৰ পূৰ্বে ৰাহুল গান্ধীয়ে দিয়া ভাষণৰ উদ্ধৃতি আৰু ভুৱা দাবিৰে শ্বেয়াৰ কৰা হৈছে। মুল ভিডিঅ’টোত প্ৰকাশ পাইছে যে তেঁও এজন ফ্বেশন ডিজাইনাৰৰ সৈতে তেঁওৰ কথপোকথনৰ বিষয়ে আলোচনা কৰি আছিল। 

  • Claim Review : ৰাহুল গান্ধীয়ে নিজকে দৰ্জী বুলি উল্লেখ কৰিছে
  • Claimed By : ফেচবুক ব্যৱহাৰকাৰী:  শ্যাম ঝেডু
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later