আমি আমাৰ অনুসন্ধানত পাইছোঁ যে ভিডিওটো প্ৰকৃততে বাংলাদেশৰ 2013 চনৰ|ভিডিওটোৰ NRC অথবা অসমৰ লগত কোনো লেনা দেনা নাই|
বিশ্বাস নিউজ
নতুন দিল্লী| অসমত NRC ক লৈ উৰাবাতৰিৰ বতাহ চলি আছে| সেই সময়তে চোচিয়েল মীডিয়াত আজিকালি এটা ভিডীও
ভাইৰেল হৈ পৰিছে| তাত সুৰক্ষাকৰ্মীয়ে
মানুহক বেয়া ধৰণে পিটি থকা দেখা গৈছে| ভিডিওটোৰ সৈতে
দাবী কৰা হৈছে যে সেইটো অসমৰ ঘটনা , আৰু পুলিচে জোৰ জৰবদস্তী মানুহৰ ঘৰ উচ্ছেদ কৰিছে| আমি অনুসন্ধান কৰি পালোঁ যে এই ভিডিও প্ৰকৃততে
বাংলাদেশৰ আৰু 2013 চনৰ| ভিডিওৰ NRC বা অসমৰ লগত একো
লেনা দেনা নাই|
কি ভাইৰেল হৈ আছে ?
চোচিয়েল মিডিয়াত এই ভিডিওত সুৰক্ষাকৰ্মীয়ে মানুহক বেয়া ধৰণে পিটি আছে| ভিডিওটোৰ লগত বৰ্ণনা কৰি লিখা হৈছে “অসমত NRC লাগু হৈছে| মানুহবোৰক ঘৰৰ উচ্ছেদ কৰি থকা হৈছে, সংবাদদাতাই এইবোৰ আপোনালোকক নেদেখুৱায়, কাৰণ তেওঁলোকো বিক্ৰী হৈছে, এতিয়া আপোনাৰ আৰু আমাৰ দায়িত্ব হৈছে যিমান পাৰে সিমান এই ভিডিওটো ছেয়াৰ কৰাটো|”
এই পোষ্টটোৰ আক*/ বৰ্জন এনেও দেখা পাব পাৰে|
অনুসন্ধান
এই পোষ্টটোৰ অনুসন্ধান কৰিবলৈ আমি পোন প্ৰথমতে ভিডিওটো ঠিককৈ চালোঁ| ভিডিওটো ২ মিনিট ২৭ চেকেণ্ডৰ| ভিডিওত ১ মিনিট ২৭ চেকেণ্ডত সুৰক্ষীকৰ্মীসকলৰ বৰ্ডীত (ইউনিফৰ্মত) RAB লিখা দেখা পাোৱা হয়|
আমি ইন্টাৰনেটত বিচাৰি পালো যে RAB ৰ ফুলফৰ্ম হৈছে ৰেপিড এক্চন বেটেলিয়ন আৰু বাংলাদেশ পুলিচৰ এক অপৰাধ আৰু আতংকবাদ বিৰোধী ইউনিট|
ভাইৰেল ভিডিওত ২ মিনিট ১৭ চেকেণ্ডত এগৰাকী পত্রকাৰক দেখা পাব, তেওঁৰ জেকেটত বাংলা আৰু ইংৰাজীত ETV বুলি লিখা আছে|
ইয়াৰ পাচত আমি এই ভিডিও টোক Invid ট্ৰলত দি আৰু এই ভিডিওটোৰ কীফ্ৰেম উলিয়ালোঁ| তাৰ পিচত এই কীফ্ৰেমক গুগুল ৰিভাৰ্চ ইমেজত Bangladesh Violance+ ETV কীৱৰ্ডত চাৰ্চ কৰিলোঁ| বিচৰাত ৭ মে ২০১৩ চনত ইউটিউবট আপলোড হোৱা এটা ভিডিও আমাৰ হাতত পৰিল, য’ত টাইটেলত লিখা আছিল, ETV On Joint Security Force’s Attack On Hafazat Rally -( 06. 05. 13)”., ভিডিওটোৰ মতে 2013 চনত বাংলাদেশৰ ঢাকাৰ ঘটনা|
আমি এই ভিডিওক ভাইৰেল ভিডিওটোৰ লগত মিলাওঁতে একে ফ্ৰেমত পূৰা মিলি গ’ল|
আমি এই বিষয়ত ETV বাংলাদেশৰ এডিটৰ মোহম্মদ ইকবাল খানৰ সৈতে কথা পাতিলোঁ, তেখেতে ক’লে,” এই ঘটনাটো বাংলাদেশৰ ঢাকাৰেই হয়| ঘটনাটো 2013 চনৰ| ভিডিওটোত দেখা পোৱা ৰিপোৰ্টাৰো ETV ৰেই হয়|
বিচাৰোঁতে আমি বাংলাদেশৰ এই ঘটনাৰ আৰু ভিডিও https// rapsodos.ru ত পালোঁ|আমি এই ভিডিওটোও ভাইৰেল ভিডিওটোৰ লগত মিলাই চাওঁতে একে ফ্ৰেমত মিলি গ’ল|
আমি এই পূৰা ভডিও dailymotion.com/ তো পালো|ইয়াৰ বৰ্ণনা ত ‘ Genocide in Dhaka ,Bangladesh on 6 May 2013 ‘
ভাইৰেল পোষ্টটোত দাবী কৰা হৈছিল যে ঘটনাটো অসমৰ, সেই কাৰণে আমি অসম ডি জী ভাস্কৰ জ্যোতি মহন্তৰ পিআৰও পী চি সীনৰ সৈতে কথা পাচিলোঁ| তেওঁ ক’লে, ” এই ভিডিওটো অসমৰ নহয়|”
এই ভিডিওটো চোচিয়েল মিডিয়াত বহু লোকে ছেয়াৰ কৰি আছে| তাৰ ভিতৰতে এগৰাকী খান এলীনা (Khan Aleena) নামৰ ফেচবুক প্ৰোফাইল আছে| তেওঁৰ লিখা এন্ট্ৰীৰ মতে তেওঁ হাইদ্ৰাবাদৰ|
নিষ্কৰ্ষঃ আমি আমাৰ অনুসন্ধানত পাইছোঁ যে ভিডিওটো প্ৰকৃততে বাংলাদেশৰ 2013 চনৰ|ভিডিওটোৰ NRC অথবা অসমৰ লগত কোনো লেনা দেনা নাই|
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ