Fact Check: ৰাহুল গাঁন্ধীৰ শ্ৰীঙ্গেৰি শাৰদা পিঠৰ পুৰণা ছবি ভুল দাবিৰ সৈতে ভাইৰাল হৈ আছে

নতুন দিল্লী (বিশ্বাস নিউজ)। 5 ৰাজ্যত হ’বলগীয়া বিধানসভা নিৰ্ৱাচনৰ উত্তপ্ত বতৰত ভুল আৰু কুপ্ৰচাৰমূলক পোষ্টসমূহ ভাইৰাল হৈ আছে। এতিয়া ইয়াৰ লগত  যুক্ত কৰি ৰাহুল গাঁন্ধীৰ এখন ছবি ভাইৰাল হৈ আছে। ছবিত তেঁওক ঐতিহ্যবাহী পোচাক আৰু অঙ্গবস্ত্ৰ পিন্ধি থকা অৱস্থাত দেখা পোৱা গৈছে। এতিয়া কিছুমান ব্যৱহাৰকাৰীয়ে এই ছবিখনক সাম্প্ৰতিক কালত হ’বলগীয়া নিৰ্ৱাচনৰ লগত যুক্ত কৰি শ্বেয়াৰ কৰি আছে। 

বিশ্বাস নিউজৰ তদন্তত এই দাবি ভ্ৰমাত্মক বুলি প্ৰমানিত হৈছে। ভাইৰাল হৈ থকা ছবি 2018 চনৰ হয়, যেতিয়া ৰাহুল গাঁন্ধী আৰু কৰ্ণাটকৰ মূখ্যমন্ত্ৰী ছিদ্বাৰমৈয়া শ্ৰীঙ্গেৰি শাৰদা পিঠত উপস্থিত হৈছিল। যিটোক এতিয়া সাম্প্ৰতিক কালৰ বুলি ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। 

কি হৈ আছে ভাইৰাল?

ফেচবুক ব্যৱহাৰকাৰী এচ মজেঠিয়া-ই (S Majethia) 1 নভেম্ৱৰ 2023-ত ভাইৰাল ছবিখন (আৰ্কাইভ লিঙ্ক) শ্বেয়াৰ কৰিছে আৰু লিখিছে, “জনসাধাৰণৰ বিপুল দাবিত ৰাহুল গাঁন্ধীয়ে নতুন 5ম অৱতাৰ ধাৰণ কৰিছে, এতিয়া ৰাহুল গাঁন্ধীক প্ৰধান মন্ত্ৰী হোৱাৰ পৰা কোনো বাধা দিব নোৱাৰে, জনসাধাৰণে ভোট দিয়ক নাইবা নিদিয়ক, পণ্ডিত ৰাহুল মিশ্ৰা, মৌলানা ৰাহুল খান, চৰদাৰ ৰাহুল প্ৰীত চিং আৰু মিষ্টাৰ ৰাহুল ফাৰ্নাণ্ডেজৰ চৰিত্ৰত অসাধাৰণ অভিনয়ৰ পিছত দৰ্শকৰ বিপুল দাবিত এতিয়া পেচ কৰিলোঁ, *”শ্বেতাম্বৰ জৈন মুনি শ্ৰী ৰাহুল জী মহাৰাজ”*! *ৰাহুলৰ শ্বেতাম্বৰ জৈন মুনিৰ পিছত দিগম্বৰ জৈন মুনি, 2025-ত প্ৰয়াগৰাজ মহাকুম্ভত নাগা সাধু হোৱাৰে সাৰিত আছে!!** ৰাজনীতিৰ বাবে কি হৈ গ’ল… . মোদিজীৰ ৰাজত্বত…!!*

বহুত বেলেক ব্যৱহাৰকাৰীয়েও এই ছবিখম সমা আৰু মিল থকা দাবিৰ সৈতে শ্বেয়াৰ কৰিছে। 

তদন্ত

ভাইৰাল ছবিৰ গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্ছ কৰাৰ পিছত এয়া টাইমচ অফ ইণ্ডিয়াৰ ৱেবচাইটত 22 মাৰ্চ 2018-ত প্ৰকাশিত এখন ৰিপ’ৰ্টত পোৱা গ’ল। ছবিৰ লগত থকা তথ্য মতে, কৰ্ণাটকৰ 2018-ৰ বিধানসভা নিৰ্ৱাচন সময়ত ৰাহুল গাঁন্ধীয়ে ৰাজ্যজুৰি ভ্ৰমণ কৰিছিল। তেঁও শ্ৰীঙ্গেৰি শাৰদা পিঠ মন্দিৰ দৰ্শন কৰাৰ বাবে গৈছিল। এই সময়ত তেঁও মন্দিৰৰ ঐতিহ্যবাহী পোচাক পিন্ধিছিল।”

এই তদন্ত প্ৰক্ৰিয়াত আমি ভাইৰাল ছবিখনৰ লগত যুক্ত সংবাদ ‘দা হিন্দু’-ৰ ৱেবচাইটত পালোঁ। 21 মাৰ্চ 2018-ত প্ৰকাশিত খবৰ মতে, “ৰাহুল গাঁন্ধীয়ে শ্ৰীঙ্গেৰি শাৰদা পিঠ দৰ্শন কৰিলে, যিটো ঠাইৰ লগত তেঁওৰ পৰিয়ালৰ পুৰণা সম্পৰ্ক আছে। তেঁও মূখ্যমন্ত্ৰী সিদ্ধাৰমৈয়া আৰু এআইচিচি মহাসচিব কে.চি, তথা কংগ্ৰেছৰ অন্যান্য নেতাসকলৰ লগত শৰদম্বা মন্দিৰত পুজা-অৰ্চনা কৰিলে।” অমৰ উজালা-ৰ ৱেবচাইটত 21 মাৰ্চ 2018-ত প্ৰকাশিত খবৰত আমি ৰাহুল গাঁন্ধীৰ ভাইৰাল ছবিৰ লগত আৰু অন্যান্য ছবি পালোঁ।

 

বহুত অইন নিউজ ৱেবচাইটত ভাইৰাল ছবিৰ লগত যুক্ত খবৰ পঢ়িব পৰা যায়। অধিক তথ্যৰ বাবে আমি কংগ্ৰেছ প্ৰবক্তা অভিমণ্যু তেয়াগীৰ লগতও যোগাযোগ কৰিলোঁ। তেঁওৰ লগত ভাইৰাল পোষ্ট শ্বেয়াৰ কৰিলোঁ। তেঁও আমাক জঁনালে যে, “ভাইৰাল হৈ থকা ছবিখন পুৰণা। মানুহে ছবিখনক ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰি আছে।” 

শেষত আমি পুৰণা ছবিখনক ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ একাউন্ট স্কেন কৰিলোঁ। প্ৰ’ফাইলত ব্যৱহাৰকাৰীয়ে নিজক চুৰতৰ বাসিন্দা বুলি কৈছে। 

উপসংহাৰ:2018 চনৰ কৰ্ণাটকৰ বিধানসভা নিৰ্ৱাচনৰ সময়ত ৰাহুল গাঁন্ধীয়ে শ্ৰীঙ্গেৰি শাৰদা পিঠ দৰ্শন কৰিছিল। তেঁও জগদগুৰু শঙ্কৰাচাৰ্য আৰু শ্ৰীঙ্গেৰি মঠৰ ভাৰতী তীৰ্থ স্বামীজীৰ লগতও সাক্ষাৎ কৰিছিল। তেঁওৰ এই পুৰণা ছবিখনক সাম্প্ৰতিক কালৰ নিৰ্ৱাচনৰ লগত যুক্ত কৰি ভুল দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে। 

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস