ফেক্ট চেক: মাজাৰত চাদৰ অৰ্পণ কৰি থকা প্ৰধানমন্ত্ৰী মোদি আৰু মুখ্যমন্ত্ৰী যোগীৰ পুৰনা ভিডিঅ’ ভ্ৰমাত্মক দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে।
- By: Jyoti Kumari
- Published: Feb 24, 2023 at 05:19 PM
- Updated: Feb 25, 2023 at 11:42 AM
নতুন দিল্লী(বিশ্বাস নিউজ)। সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ 30 চেকেণ্ডৰ এটা ভিডিঅ’ দ্ৰুত গদতিত ভাইৰাল হৈ আছে। বিডিঅ’ত দুজনক মাজাৰত চাদৰ অৰ্পণ কৰি থকা অৱস্থাত দেখা গৈছে। ব্যৱহাৰকাৰীজনে এই ভিডিঅ’খন সম্প্ৰতিকালৰ বুলি দাবি কৰি শ্বেয়াৰ কৰি আছে। বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য পোহৰলৈ আনিছে যে এই ভিডিঅ’খনৰ ঘটনা অলপতে ঘটা নহয়, প্ৰকৃততে এয়া 4 বছৰ পুৰনা। 2018 চনত প্ৰধানমন্ত্ৰী মোদি আৰু মুখ্যমন্ত্ৰী যোগী মগহৰৰ কবীৰ দাসৰ মাজাৰত উপস্থিত হৈছিল। সেই ভিডিঅ’খনকে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে এতিয়াৰ বুলি শ্বেয়াৰ কৰি আছে।
কি হৈ আছে ভাইৰাল
ফেচবুক ব্যৱহাৰকাৰী মনোজ কুমাৰ-এ 14 ফেব্ৰুৱাৰীত এই ভিডিঅ’খন শ্বেয়াৰ কৰিছে আৰু লিখিছে যে, “মাজাৰত চাদৰ অৰ্পন কৰি থকা দেখা গ’ল মোদি আৰু যোগীক। “
ফেচবুক ব্যৱহাৰকাৰী এ. আৰ. কে-ও এই ভিডিঅ’খন শ্বেয়াৰ কৰিছে আৰু লিখিছে যে, হাজাৰ হাজাৰ মানুহৰ পোষ্ট আপুনালোকে দেখিছে আৰু পঢ়িছেও য’ত ছেকুলাৰ হিন্দুক এই লৈকে গালি দিয়া হৈছে যে, যিসকলে মাজাৰত চাদৰ অৰ্পণ কৰে সেইসকলৰ দেউতা সেইসকলৰেনে, নে তেঁওলোক প্ৰতিবেশী আব্দুলৰ সন্তান আদি…।
বন্ধুসকল তেজপিয়াত কৈ ও দ্ৰুত ৰং সলনি কৰাত আৰু বান্দৰতকৈও দ্ৰুত বাগৰাত(দল সলনি কৰাত) নেতা সকল সিদ্ধহস্ত হয়…
যিয়েনহওক, এনে ডাঙৰ ডাঙৰ কথা কোৱা ব্যক্তিসকলক এই ভিডিঅ’ উৎসৰ্গা কৰা হ’ল।
ফেচবুক পোষ্টৰ বিষয়বস্তু প্ৰকৃততে যেনে আছিল ঠিক সেইদৰে ইয়াত লিখা হৈছে। ইয়াৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক। ফেচবুকত কিছুমান অন্যান্য ব্যৱহাৰকাৰীসকলেও ভিডিঅ’খন পোষ্ট কৰি একে দাবি কৰিছে।
তদন্ত
ভাইৰাল ভিডিঅ’ৰ সতত্য প্ৰমানৰ বাবে আমি গুগলত সম্পৰ্কিত কীৱাৰ্ডৰ সৈতে বিছৰা আৰম্ভ কৰিলো। এই সন্দৰ্ভত আমি সম্প্ৰতিকালৰ কোনো মিডিয়াতথ্য নাপালোঁ, কিন্তু আমি 28 জুন 2018ত এনডিটিভি-ৰ ওৱেবচাইটত প্ৰকাশিত এখন ৰিপোৰ্ট পালোঁ। ৰিপোৰ্ট মতে প্ৰধানমন্ত্ৰী মোদি আৰু মুখ্যমন্ত্ৰী যোগী সন্ত কবীৰনগৰ জিলাত অৱস্থিত চুফী সন্ত কবীৰ দাসৰ মাজাৰত উপস্থিত হৈছিল।
তদন্ত আগবঢ়াইনিয়াৰ স্বাৰ্থত আমি গুগলত এই বিষয়ৰ লগত যুক্ত অন্য কীৱাৰ্ডৰ সৈতে বিছৰা আৰম্ব কৰিলোঁ। এই প্ৰক্ৰিয়াত আমি এএনআই-ৰ অধীনত থকা ইউটিউব চেনেলত ভাইৰাল ভিডিঅ’ আপল’ড হোৱা পালো। ভিডিঅ’খনক 28 জুন 2018ত শ্বেয়াৰ কৰা হৈছিল। প্ৰদত্ত তথ্য অনুসৰি, “মগহৰ-ত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী যোগীয়ে কবীৰ দাস জীৰ মাজাৰত নতমস্তক হৈছিল আৰু চাদৰ অৰ্পণ কৰিছিল ” ভিডিঅ’খনক ইয়াত চাওক।
তদম্ত চলি থকা অৱস্থাত আমি ভাইৰাল ভিডিঅ’ৰ লগত সম্পৰ্কিত বহুত ছবি, প্ৰধানমন্ত্ৰী মোদি ডাঙৰিয়াৰ অফিছিয়াল টুইটাৰ হেণ্ডেলতও পালোঁ। ছবিসমূহ 28 জুন 2018ত শ্বেয়াৰ কৰা হৈছিল। ছবিসমূহ শ্বেয়াৰ কৰি ইংৰাজীত কেপছন লিখা আছিল যে, ” সন্ত কবীৰ আদৰ্শ, সামাজিক সমানতা, ভাতৃত্ববোধ আৰু ন্যায়ৰ প্ৰতীক। তেঁও প্ৰতিজন ভাৰতীয়ক প্ৰেৰণা প্ৰদান কৰে। আৰু মই, সন্ত কবীৰৰ সমাধিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ আৰু মগহৰৰ সন্ত কবীৰৰ মাজাৰত চাদৰ অৰ্পণ কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। “
অধিক তথ্যৰ বাবে আমি উত্তৰ প্ৰদেশৰ বিজেপি-ৰ প্ৰবক্তা অৱনীশ ত্যাগিৰ লগত যোগাযোগ কৰিলোঁ। তেঁওক ভাইৰাল পোষ্টৰ লিঙ্ক শ্বেয়াৰ কৰি বিষয়টো দৃষ্টিগোচৰ কৰিলোঁ। তেঁও আমাক জঁনালে যে, “ ভিডিঅ’খন পুৰনা, যিটোক সম্প্ৰতিকালৰ বুলি শ্বেয়াৰ কৰা হৈ আছে। ”
इस फैक्ट चेक कोई हिंदी में यहाँ पढ़ें।
তদন্তৰ শেযত আমি এই পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰী ‘মনোজ কুমাৰৰ’ ছ’ছিয়াল ষ্কেনিঙ কৰিলোঁ। ষ্কেনিঙত আমি গম পালোঁ যে, ব্যৱহাৰকাৰীজন পাটনাৰ বাসিন্দা। ফেচবুকত ব্যৱহাৰকাৰীজনৰ এহাজাৰৰও অধিক বন্ধু আছে।
উপসংহাৰ: প্ৰধানমন্ত্ৰী মোদি আৰু মুখ্যমন্ত্ৰী যোগী সন্দৰ্ভত ভাইৰাল হোৱা পোষ্ট বিশ্বাস নিউজৰ তদন্তত ভ্ৰমাত্মক বুলি প্ৰমানিত হৈছে। 2018ত দুইজন নেতা কবীৰ দাসৰ মাজাৰত গৈছিল। এতিয়া সেইসময়ৰ ছবিসমূহক উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ বতৰত ভাইৰাল কৰা হৈ আছে।
- Claim Review : মাজাৰত চাদৰ অৰ্পন কৰি থকা দেখা গ’ল মোদি আৰু যোগীক।
- Claimed By : মনোজ কুমাৰ
- Fact Check : Misleading
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.