ফেক্ট চেক: ইন্দ’নেচিয়াত দলঙ ভাঙি যোৱাৰ ঘটনা অসমৰ বানপানীৰ দৃশ্য বুলি শ্বেয়াৰ কৰা হৈ আছে

ভাইৰাল দাবিটো বিশ্বাস নিউজৰ তদন্তত অসত্য বুলি প্ৰমানিত হৈছে। এই ভিডিওৰ ভাৰতৰ লগত কোনো সম্বন্ধ নাই। এয়া ইন্দ’নেচিয়াত এবছৰ আগত ঘটা ঘটনা এটাৰ ভিডিও। যি এতিয়া ভুল দাবিৰে শ্বেয়াৰ কৰা হৈ আছে।

ফেক্ট চেক: ইন্দ’নেচিয়াত দলঙ ভাঙি যোৱাৰ ঘটনা অসমৰ বানপানীৰ দৃশ্য বুলি শ্বেয়াৰ কৰা হৈ আছে

নিউ দিল্লি (বিশ্বাস নিউজ) : সামাজিক মাধ্যমত এখন ভিডিও শ্বেয়াৰ কৰা হৈ আছে, যত দাবি কৰা হৈছে যে অসমত বন্যাৰ ফলত এটা লোহাৰ দলঙ ভাঙিলে আৰু নৈত উটি গ’ল। ভিডিওত দেখা গৈছে যে নৈৰ তীব্ৰ বিদ্যুতৰ বাবে, এটা লোহাৰ দলঙ মুহুৰ্ততে ভাঙি পৰিল। বিশ্বাস নিউজৰ তদন্তত ভাইৰাল দাবিটো অসত্য বুলি প্ৰমানিত হৈছে। ভাইৰাল ভিডিওটোৰ ভাৰতৰ লগত কোনো সম্পৰ্ক নাই। ভিডিওটো ইন্দ’নেচিয়াত এবছৰ আগত ঘটা এটা ঘটনাৰ।যি এতিয়া ভ্ৰমাত্মক দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

দাবি :

ফেচবুক ব্যৱহাৰকাৰী দুৰ্গাপ্ৰসাদ মহাপাত্ৰয় ভিডিওটো পোষ্ট কৰিছে আৰু লিখিছে যে, “ নৈ-ৰ তীব্ৰ প্ৰবাহৰ বাবে দলঙখন ভাঙি পৰিল। অসমত বন্যাৰ ফলত পৰিস্থিতি ভয়ঙ্কৰ হৈ পৰিছে।”

পোষ্টটোৰ আৰ্কিভ সংষ্কৰণটো ইয়াত চাব পাৰিব

তদন্ত:

বিশ্বাস নিউজে ভাইৰাল ভিডিওৰ সত্য অনুসন্ধানৰ বাবে ইনভিড টুল ব্যৱহাৰ কৰিছে।এই টুলৰ সহায়ত আমি বহুত ভিডিও বিছাৰিছো আৰু গুগল ৰিভাৰ্চ ইমেজৰ জৰিয়তে অনুসন্ধান কৰিছো। আমি দাবিটোৰ লগত সংগতি থকা এখন ভিডিও ইন্দ’নেচিয়া নিউজৰ ওৱেবচাইট ট্ৰিবিউন নিউজ উইকি-ত পাইছো ।

এই ৰিপোৰ্টটো 5 এপ্ৰিল2021 ত প্ৰকাশ হৈছিল। ৰিপোৰ্টত দিয়া তথ্য অনুসৰি কামবানিৰু নৈ-ত থকা পুৰণি কামবানিৰু দলঙ, ইন্দ’নেচিয়াৰ পূৰ্ব চাম্বা ৰিজেঞ্চিত হোৱা বন্যাৰ ফলত ভাঙি পৰিছিল।

তদন্ত আগবঢ়াই নিঁওতে, আমি কিছুমান কি-ৱাৰ্ড ব্যৱহাৰ কৰি গুগলত বিছাৰিছো। আমি সেই ভিডিওৰ দৃশ্য থকা আৰ্টিকল আৰু বহুতো ইন্দ’নেচিয়ান নিউজ বুলেটিন পাইছো।

ইন্দ’নেচিয়ান নিউজ চেনেল চেৰাম্বি-এ 5 এপ্ৰিল2021 ত ভিডিওটো আপল’ড কৰিছিল। সেই ৰিপোৰ্ট অনুসৰি, আহমদ ইয়ানি দলঙ যি স্থানীয়ভাবে পুৰণি কাম্বানিৰু দলঙ নামে পৰিচিত, এজলকা বানপানীত ভাঙি পৰিল।

অধিক তথ্যৰ বাবে, আমি অসমত স্থিত আমাৰ সংবাদদাতা পল্লভী শইকিয়াৰ লগত যোগাযোগ কৰিলো। তেঁও আমাক জনালে যে ভাইৰাল হোৱা দাবিটো অসত্য। ভিডিওটো অসমতও ভাইৰাল হৈছে, মানুহে দাবি কৰিছে যে এইটো থাইজ’ৱাৰি দলঙ। কিন্তু ডিমা হাচাওত এনে কোনো দলঙ নাই আৰু এনে কোনো দলঙ ভঙাও নাই।এই ভিডিওখন অসমৰ নহয়। যদি ইয়াত এনে ডাঙৰ ঘটনা ঘটিলেহেঁতেন, আমি এই সন্দৰ্ভত খবৰ পালোহেঁতেন। এই পোষ্টটো ভুৱা।

বিশ্বাস নিউজ, ইয়াৰ তদন্তৰ শেষ ধাপত, এটা বেকগ্ৰাউণ্ড চেক কৰিলে, সেই প্ৰ’ফাইলটোত যিটোৰ পৰা এই ভিডিওখন শ্বেয়াৰ হৈছে। আমি গম পালো যে ব্যৱহাৰকাৰীজনক 897 জন মানুহে অনুসৰণ কৰে। দুৰ্গাপ্ৰসাদ মহাপাত্ৰ উড়িষ্যাৰ বাসিন্দা।

নিষ্কৰ্ষঃ ভাইৰাল দাবিটো বিশ্বাস নিউজৰ তদন্তত অসত্য বুলি প্ৰমানিত হৈছে। এই ভিডিওৰ ভাৰতৰ লগত কোনো সম্বন্ধ নাই। এয়া ইন্দ’নেচিয়াত এবছৰ আগত ঘটা ঘটনা এটাৰ ভিডিও। যি এতিয়া ভুল দাবিৰে শ্বেয়াৰ কৰা হৈ আছে।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস