Fact Check: ২০১৯ চনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গেটত প্ৰতিবাদৰ ভিডিঅ’ মিছা দাবীৰে ভাইৰেল

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা ভিডিঅ’ত দাবী কৰা হৈছে যে গুজৰাটৰ ভালচাদৰ ডিপিএছ স্কুল ৰাজবাগত অধ্যাপনা কৰা শিক্ষক চাকিল আহমেদ আনছাৰীয়ে আপত্তিজনক ভাষা ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অপমান কৰিছে।

নতুন দিল্লী (বিশ্বাস বাতৰি) ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা ভিডিঅ’ত দাবী কৰা হৈছে যে গুজৰাটৰ ভালচাদৰ ডিপিএছ স্কুল ৰাজবাগত অধ্যাপনা কৰা শিক্ষক চাকিল আহমেদ আনছাৰীয়ে আপত্তিজনক ভাষা ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অপমান কৰিছে।

পিছে, বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবীটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। ভাইৰেল হৈ থকা ভিডিঅ’টো ২০১৯ চনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বাৰাণসীত হোৱা প্ৰতিবাদথলীৰহে, এতিয়া এই ভিডিঅ’টো শেহতীয়া বুলি মিছা দাবীৰে ভাইৰেল কৰা হৈছে।

ভাইৰেল পোষ্টটোত কি আছে?

ছ’চিয়েল মিডিয়া ইউজাৰ ৰাষ্ট্ৰধ্বজে‘ ভাইৰেল ভিডিঅ’টো (আৰ্কাইভ লিংক) শ্বেয়াৰ কৰি লিখিছে, “হিন্দুসকল, শুনি লওক, প্ৰধানমন্ত্ৰী এজন মাতাল, আপুনি আপোনাৰ হোৱাটছএপ থকা এটাও নম্বৰ আৰু এটা গ্ৰুপ বাদ দিব নালাগে, ডিপিএছ স্কুল ৰাজবাগৰ শিক্ষক ছাকিল আহমেদ আনছাৰীৰ এই ভিডিঅ’টো সকলোলৈ প্ৰেৰণ কৰক যাতে এই শিক্ষকগৰাকী আৰু স্কুল দুয়োটাই যাতে বন্ধ হয়। যেতিয়া ভিডিঅ’টো ভাইৰেল হয় তেতিয়াই ই কাৰ্যকৰী হয় আৰু ই যথেষ্ট পাৰ্থক্য সৃষ্টি কৰে। যিসকলে ইয়াক লৈ অলপো অনুকম্পা নাই তেওঁলোকে নিজৰ মুখ বন্ধ ৰাখক।”

https://www.facebook.com/3e190be7 4a9e 4eca a29c f306a1cf483b

ছ’চিয়েল মিডিয়াত আন বহুতো ইউজাৰে একে আৰু একে ধৰণৰ দাবীৰে এই ভিডিঅ’টো শ্বেয়াৰ কৰা দেখা গৈছে।

অনুসন্ধান

ভাইৰেল ভিডিঅ’টোৰ সৈতে লিখা বিৱৰণত দাবী কৰা হৈছে যে ভিডিঅ’টোত দেখা ব্যক্তিগৰাকী গুজৰাটৰ ভালচাদৰ ডিপিএছ স্কুল ৰাজবাগত অধ্যাপনা কৰা শিক্ষক চাকিল আহমেদ আনছাৰী। আমাৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি, ডিপিএছ ৰাজবাগ জম্মু-কাশ্মীৰৰ কাঠুৱাৰ এখন বিদ্যালয়। ই এই ভাইৰেল ভিডিঅ’টোত দাবী কৰাৰ দৰে গুজৰাটৰ ভালচাদত অৱস্থিত বিদ্যালয় নহয়। তদন্তৰ এই পৰ্যায়ত এইটো স্পষ্ট হৈ পৰিছে যে ডিপিএছৰ এনে কোনো শাখা গুজৰাটত নাই, বৰঞ্চ জম্মু-কাশ্মীৰৰ কাঠুৱাতহে আছে।

ভাইৰেল ভিডিঅ’টোত ‘Ltv’ ৰ ৱাটাৰমাৰ্ক দেখুওৱা হৈছে। অনুসন্ধানত, আমি ১২ ডিচেম্বৰ, ২০১৯ তাৰিখে ‘The LTv’ৰ ফেচবুক পৃষ্ঠাত আপলোড কৰা এটা ভিডিঅ’ দেখিবলৈ পাইছিলো, যাৰ এটা অংশ মিছা দাবীৰে সৈতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে।

https://www.facebook.com/876f6916 bc22 417d 89ae 28dbee003710

ভিডিঅ’টোৰ সৈতে উল্লেখ কৰা তথ্য অনুসৰি, নাগৰিকত্ব বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত ৰাইজৰ পৰা ব্যাপক সঁহাৰি পোৱা গৈছে। ভিডিঅ’টোত, প্ৰতিবেদকজনক স্পষ্টকৈ কোৱা শুনা যায়, ‘আপোনালোক এন আৰ চি আৰু কেব (চিএবি)ৰ বিৰুদ্ধে প্ৰতিবাদত ওলাই আহিছে…আচলতে ঘটনাটো কি?’ ভিডিঅ’টোৰ পাছফালে অৰ্থাৎ পশ্চাদপটত আন প্ৰতিবাদকাৰীসকলৰ সৈতে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গেটখন দেখা গৈছে।

আমাৰ সহকৰ্মী দৈনিক জাগৰণৰ বাৰাণসীৰ প্ৰতিবেদক শাশ্বত মিশ্ৰই এই কথা নিশ্চিত কৰি কয়, “এইটো বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বাহিৰত হোৱা প্ৰতিবাদৰ এটা পুৰণি ভিডিঅ’। ১০ ডিচেম্বৰ, ২০১৯ ত নিউজ চাৰ্চত livehindustan.com ৱেবছাইটত প্ৰকাশিত এটা বাতৰিতো বেনাৰসত হোৱা প্ৰতিবাদৰ খবৰ উল্লেখ আছে। এই প্ৰতিবেদন অনুসৰি, “লোকসভাত গৃহীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মঙলবাৰে সন্ধিয়া যুটীয়া কাৰ্যকৰী সমিতিয়ে বিএইচইউ গেটৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। বিধেয়কখনক বৈষম্যমূলক বুলি অভিহিত কৰি এটা জোৰ সমদলো উলিওৱা হৈছিল। ‘

প্ৰতিবেদনত ব্যৱহৃত ফটোখনত ভাইৰেল ভিডিঅ’টোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আক্ৰোশমূলক ভাষা ব্যৱহাৰ কৰি থকা ব্যক্তিজনক দেখা গৈছে। ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীজনৰ প্ৰ’ফাইলটো এক বিশেষ আদৰ্শৰে বিশেষভাৱে অনুপ্ৰাণিত হোৱা দেখা গৈছে।

নিষ্কৰ্ষঃ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা ভিডিঅ’ত দাবী কৰা হৈছে যে গুজৰাটৰ ভালচাদৰ ডিপিএছ স্কুল ৰাজবাগত অধ্যাপনা কৰা শিক্ষক চাকিল আহমেদ আনছাৰীয়ে আপত্তিজনক ভাষা ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অপমান কৰিছে।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস