X
X

Fact-Check: বাংলাদেশৰ পুৰণি ভিডিঅ’ পশ্চিমবংগৰ বুলি দাবী কৰি ভাইৰেল কৰা হৈছে

উপসংহাৰ: বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি কলকাতাৰ ভিডিঅ’ বুলি দাবী কৰা এই প্ৰতিবাদী সমদলৰ ভিডিঅ’টো আচলতে বাংলাদেশৰহে আৰু ৰোহিঙ্গীয়া মুছলমানসকলৰ গণহত্যাৰ প্ৰতিবাদত এই সমদল উলিওৱা হৈছিল।

বিশ্বাস নিউজ (নতুন দিল্লী): ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিশেষকৈ হোৱাটছএপ আৰু ফেচবুকত এটা ভিডিঅ’ শেহতীয়াকৈ ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে, য’ত বহুসংখ্যক মুছলমান লোকক এটা বিশাল ৰেলী উলিওৱা দেখা গৈছে। ভিডিঅ’টোৰ সৈতে দাবী কৰা হৈছে যে পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সমৰ্থনত কলকাতাত মুছলমানসকলে এই ৰেলী উলিয়াইছিল। বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত জানিব পাৰিছে যে এই ভিডিঅ’টো বাংলাদেশৰ আৰু এয়া প্ৰায় চাৰি বছৰতকৈও অধিক পুৰণি। এই ৰেলী কৰা হৈছিল ৰোহিংগীয়া মুছলমানসকলৰ প্ৰতি নিষ্ঠুৰতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে।

দাবী –

ফে’চবুক ইউজাৰ Manjeet Pancholi য়ে এই ভাইৰেল ভিডিঅ’টো ১৪ জুনত ফে’চবুকত শ্বেয়াৰ কৰি লিখিছে –  ममता की छांव में आज ये रेली कलकत्ता में निकली है। कल पुरे देश में निकलेंगी तब सिर्फ PM Shree Narendra Modi याद आयेंग। ইয়াৰ অসমীয়া অনুবাদ হৈছে – মমতা বেনাৰ্জীৰ সমৰ্থনত আজি এই ৰেলী কলকাতাত উলিওৱা হৈছে। কাইলৈ সমগ্ৰ দেশতে এই ৰেলী উলিওৱা হ’ব, তেতিয়া কেৱল প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীলৈ মনত পৰিব।

ইয়াৰ আৰ্কাইভ সংস্কৰণ তলত চাব পাৰিব –

https://www.facebook.com/manjeet.pancholi/videos/10216575685342921

অনুসন্ধান –

বিশ্বাস নিউজে প্ৰথমে এই ভিডিঅ’টো সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি ইয়াৰ অনুসন্ধান আৰম্ভ কৰিছিল।

আমি ভিডিঅ’টো বাৰে বাৰে চাইছিলো আৰু কেইবাটাও মন্তব্য কৰিছিলো।

মমতা বেনাৰ্জীৰ দৰে দেখা পূৰ্ণাৱয়ব কাট-আউটটো প্ৰকৃততে ম্যানমাৰৰ বৰ্তমান আটকাধীন নেতা আং ছ্যাং ছ্যু কীৰ।

ভিডিঅ’টো জুম-ইন কৰিও এই দিশবোৰ চাব পাৰিব।

বিশ্বাস নিউজৰ দৃষ্টিত পৰা আন এক দিশ হৈছে, ইয়াত বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকাখন স্পষ্টৰূপত দেখা গৈছে। তদুপৰি এই ৰেলীত প্ৰদৰ্শন কৰা এখন প্লে’কাৰ্ডত স্পষ্টভাৱে লিখা আছে – ‘Stop! Brutal genocide on Rohingya Muslims.’

গতিকে এতিয়া এইটো স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টো ৰহিংগীয়া মুছলমানসকলৰ গণহত্যাৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদলৰ আছিল। আৰু এই ভিডিঅ’টো বাংলাদেশৰ।

বিশ্বাস নিউজে ইণ্টাৰনেটত, ‘Bangladesh protest rally against genocide on Rohingya Muslims.’ কী-ৱৰ্ড টাইপ কৰি বিচাৰ-খোচাৰ কৰিছিল।

ইয়াতেই আমি দেখিবলৈ পাও যে Spice InfoTube নামৰ এটা ইউটিউব চেনেলে এই ভিডিঅ’টো ১৩ ছেপ্তেম্বৰ ২০১৭ তাৰিখে আপলোড কৰিছিল। আকৰু এই ভিডিঅ’টোত লিখা হৈছিল – Islami Andolon Bangladesh enclose myanmar Embassy.

ইয়াৰ উপৰি বিগত ৮ ছেপ্তেম্বৰ, ২০১৭ তাৰিখে www.outlookindia.com ত প্ৰকাশিত এটা বাতৰিও আমি দেখিবলৈ পাইছিলো। এই প্ৰতিবেদনৰ শিৰোনাম আছিল – Thousands of Bangladesh Muslims protest Rohingya killings

এই প্ৰতিবেদন নিম্নোক্ত লিংকত ক্লিক কৰি পঢ়িব পাৰিব -: https://www.outlookindia.com/newsscroll/thousands-of-bangladesh-muslims-protest-rohingya-killings/1141878

বিশ্বাস নিউজে ইয়াৰ পিছতেই দৈনিক জাগৰণৰ পশ্চিমবঙ্গৰ ব্যুৰ’ চীফ জে কে বাজপেয়ীৰ সৈতে মত বিনিময় কৰে এই প্ৰসঙ্গত। তেওঁ আমাক জনায় যে ভিডিঅ’টো কলকাতাৰ নহয় আৰু বছৰে বছৰে এয়া মিছা দাবীৰে ভাইৰেল হৈ আহিছে।

বিশ্বাস নিউজে ইয়াৰ পূৰ্বেও এই ভিডিঅ’টোৰ এক সত্যতা পৰীক্ষা কৰিছিল। 0

সেয়া আপোনালোকে ইয়াত ক্লিক কৰি চাব পাৰিব –

বিশ্বাস নিউজে এতিয়া এই ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা ফে’চবুক ব্যৱহাৰকাৰীৰ ছ’চিয়েল স্কেন কৰোতে জানিব পাৰো যে ব্যৱহাৰকাৰী মনজিৎ পাঞ্চোলী লিভাৰপুলৰ বাসিন্দা।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি কলকাতাৰ ভিডিঅ’ বুলি দাবী কৰা এই প্ৰতিবাদী সমদলৰ ভিডিঅ’টো আচলতে বাংলাদেশৰহে আৰু ৰোহিঙ্গীয়া মুছলমানসকলৰ গণহত্যাৰ প্ৰতিবাদত এই সমদল উলিওৱা হৈছিল।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later