ফেক্ট চেকঃ নিৰাশা হৈ ইটালীৰ মানুহে ৰাস্তাত পইচা ৰাস্তাত পেলোৱা নাই, বেংক লুট কৰা পুৰণী ফটো, মিছা দাবীৰে ভাইৰেল

নিষ্কৰ্ষঃ কোৰোণাৰ কাৰণে হোৱা মৃত্যুৰ পাচত হতাশাত ইটালীত মানুহে ৰাস্তাত নোট পেলাই যোৱা দাবীৰ সৈতে ভাইৰেল হৈ থকা পোষ্ট মিছা| ভাইৰেল হৈ থকা ফটোবোৰৰ কোৰোনা ভেনেজুৱেলাৰ হয়, ইয়াৰ কোৰোনা মহামাৰীৰ বিয়পাৰ বহুত আগৰ ঘটনাৰ সৈতে সম্বন্ধিত নায়|

নতুন দিল্লী (বিশ্বাস টীম)| ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা পোষ্টত সিঁচৰিত হৈ থকা নোট দেখা যাব পাৰে| দাবী কৰা হৈছে এই দৃশ্য ইটালীৰ, য’ত মানুহে কোৰোনাৰ কাৰণে হোৱা মৃত্যুৰ পাচত নিৰাশাৰ স্থিতিত নিজৰ দৌলত ৰাস্তাত পেলাবলৈ আৰম্ভ কৰিছে|

বিশ্বাস নিউজৰ অনুসন্ধানত এইটো দাবী ভুল বুলি ওলাল| টকাৰ বাণ্ডেল ৰাস্তাত পৰি থকা ফটো পুৰণা, ইয়াৰ কোৰোনাৰ সৈতে কোনো লেনদেন নাই|

কি আছে ভাইৰেল পোষ্টত ?

ফেচবুক পেজ Breaking News ASSAM এ কিছু ফটো ছেয়াৰ কৰি লিখিছে, “ইটালীত টকা পইছাবোৰ এইদৰে ৰাজপথত পেলাই দিছে| কাৰণ জীৱন নাথাকিলে পইছা কোনো দৰকাৰ নাই| ” এই পোষ্টৰ আৰ্কাইভ লিংক|

অনুসন্ধান

ভাইৰেল পোষ্ট ত দুখন ফটোৰ ব্যৱহাৰ কৰা গৈছিল| ৰিভাৰ্চ ইমেজত আমি ভেনেজুৱেলাৰ এক ৱেবচাইট madhuradascom ত 12 মাৰ্চ 2019 ত প্ৰকাশিত খবৰৰ লিংক পোৱা গ’ল| সেই খবৰত যি ফটোৰ ব্যৱহৃত হৈছে, তাত ৰাস্তাত সিঁচৰিত হৈ থকা নোটৰ ছবি দেখা যাব|

খবৰৰ মতে 11 মাৰ্চ মেৰিদাত মূখা পিন্ধা মানুহে বায়সেন্টীনিয়াৰ বেংক এজেঞ্চী লুট কৰা আৰু পুৰণা নোট ৰাস্তাত পেলাই দিয়ে, যিবোৰ 2018 ত ডিমনিটাইজ (নোটবন্দী)কৰিদিয়াগৈছিল| অৰ্থাত যি বোৰ নোট লুটাৰ পাচত ৰাস্তাত পেলাইছিল, সেইবোৰ প্ৰচলনৰ বাহিৰ হৈ গৈছিল|

ছচিয়েল মিডিয়াৰ চাৰ্চত আমি বহুতো টুইটাৰ হেণ্ডেল পালোঁ| @myteks ৰ হেণ্ডেলত এই ফটোবোৰ 12 মাৰ্চ 2019 ৰ টভীট কৰা গৈছিল| @myteks এ দিয়া ফটো জাৰ্নেলিষ্ট ভেনেজ্ৱেলাৰ নিবাসী|

এই ফটোবোৰ @ConflictsW ৰ হেণ্ডেলৰ পৰাও টভীট কৰা গৈছিল|. @ ConflictsWৰ হেণ্ডেলে এই ফটোবোৰ

টভীটত জনোৱা মতে এই ফটো মাৰ্চ 2019 ত ভেনেজুৱেলাৰ মেৰিদা ত হোৱা ঘটনাৰ সৈতে সম্বন্ধিত| টভীটত জনোৱা গৈছিল যে মেৰিদাত বেংক লুটৰ পাচত এই নোট বোৰ ৰাস্তাত পেলোৱা গৈছিল|

CNW ৰ টুইটাৰ প্ৰোফাইলত জানিবলৈ দিয়া মতে ,ই কন্ফিলক্ট ৰে জড়িত বাতৰি কাভাৰ কৰে| বিশ্বাস নিউজে এই টুইটাৰ হেণ্ডেলৰ লগত যোগাযোগ কৰিলে| তেখেতে জনালে,’ ভাইৰেল হৈ থকা ফটোবোৰ ভেনেজুৱেলাৰেই হয়| আৰু ইয়াৰ ইটালীৰ সৈতে কোনো সম্বন্ধ নাই|’ তেওঁ ক’লে, এই ফটোবোৰ আগতেও ভাইৰেল হৈছিল আৰু বহুতো ফেক্ট ছেকাৰে ইয়াৰ বিশ্বাসনীয়তাৰ বাবে মোৰ লগত যোগাযোগ কৰিছিলে|”

ৰিভাৰ্চ ইমেজ কৰাত আমি দ্বিতীয় ফটো imgur.comৰ গেলৰীত পালো| ৱেবচাইটত দিয়া বিৱৰণৰ অনুসাৰে এই ফটোখনো ভেনেজুৱেলাৰ বুলি জনালে আৰু ইয়াৰ তাৰিখ 17 মাৰ্চ 2019.|

এই ফটোবোৰ বহুতো ইউজাৰে ছেয়াৰ কৰিছে আৰু তাৰ মাজৰ এক হ’ল “Breaking News ASSAM” নামৰ ফেচবুক পেজ| এই পেজে অসমৰ সৈতে জড়িত খবৰ বেছিকৈ ছেয়াৰ কৰে|

নিষ্কৰ্ষঃ নিষ্কৰ্ষঃ কোৰোণাৰ কাৰণে হোৱা মৃত্যুৰ পাচত হতাশাত ইটালীত মানুহে ৰাস্তাত নোট পেলাই যোৱা দাবীৰ সৈতে ভাইৰেল হৈ থকা পোষ্ট মিছা| ভাইৰেল হৈ থকা ফটোবোৰৰ কোৰোনা ভেনেজুৱেলাৰ হয়, ইয়াৰ কোৰোনা মহামাৰীৰ বিয়পাৰ বহুত আগৰ ঘটনাৰ সৈতে সম্বন্ধিত নায়|

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস