উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত হৰিদ্বাৰ কুম্ভ মেলাক লৈ চলি থকা দাবী বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। ভাইৰেল ছবি ২০১৯ চনত অনুষ্ঠিত প্ৰয়াগৰাজ অৰ্ধকুম্ভৰ। অৱশ্যে এই কথা সত্য যে হৰিদ্বাৰ কুম্ভ এনে এক সময়তে আয়োজন কৰা হৈছে, যিটো সময়ত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ক্ষীপ্ৰগতিত বৃদ্ধি পাইছে। কিন্তু হৰিদ্বাৰ কুম্ভৰ সৈতে এই ভাইৰেল ফটোখনৰ কোনো সম্পৰ্ক নাই।
বিশ্বাস নিউজ (নতুন দিল্লী) । শেহতীয়াকৈ ব্যাপকভাৱে ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ মাজতে ছ’চিয়েল মিডিয়া ইউজাৰসকলে কুম্ভ মেলাৰ সৈতে জড়িত এখন বিশেষ ফটো শ্বেয়াৰ কৰি থকা দেখিবলৈ পোৱা গৈছে। ইউজাৰসকলে দাবী কৰি আছে যে এই ভাইৰেল ফটো হৰিদ্বাৰ কুম্ভৰ। ক’ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ লগত সংগতি থকা বাক্যাংশৰে এই ফটোখন ভাইৰেল কৰি থকা হৈছে। পিছে বিশ্বাস নিউজে কৰা অনুসন্ধানত এই দাবী বিভ্ৰান্তিকৰ প্ৰমাণিত হৈছে। এই ভাইৰেল ফটোখন ২০১৯ হোৱা প্ৰয়াগৰাজ অৰ্ধকুম্ভৰহে।
অৱশ্যে এই কথা সত্য যে হৰিদ্বাৰ কুম্ভ এনে এক সময়তে আয়োজন কৰা হৈছে, যিটো সময়ত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ক্ষীপ্ৰগতিত বৃদ্ধি পাইছে। কিন্তু হৰিদ্বাৰ কুম্ভৰ সৈতে এই ভাইৰেল ফটোখনৰ কোনো সম্পৰ্ক নাই।
বিশ্বাস নিউজে ইয়াৰ নিজস্ব ফেক্ট চেকিং হোৱাটছএপ্প চাটব’টতো (+91 95992 99372) এই ভাইৰেল ফটোখন ফেক্ট চেকিংৰ বাবে লাভ কৰিছো। ইউজাৰসকলে আমাক সুধিছিল যে এই ফটোখন হৰিদ্বাৰ কুম্ভমেলাৰ সৈতে জড়িত ফটো হয় নে নহয়। উল্লেখ্য যে এই ফটোখন টুইটাৰৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো ভাইৰেল হৈ আছে। টুইটাৰ ইউজাৰ Asrif Shah এ বিগত ৭ এপ্ৰিল ২০২১ তাৰিখে এই ভাইৰেল ফটোখন টুইট কৰি ইংৰাজীত লিখিছে ‘এয়া ভাৰতৰ কুম্ভ মেলা। বিশ্বৰ আটাইতকৈ ডাঙৰ ক’ভিড-১৯ হটস্পট। ভাৰত চৰকাৰৰ মতে এই মেলাই ক’ভিড-১৯ ভাল কৰি দিব।’
এই টুইটটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত ক্লিক কৰিও চাব পাৰিব।
ঠিক তেনেদৰে আন এগৰাকী ফে’চবুক ইউজাৰ Gufran Buland এ ৮ এপ্ৰিল ২০২১ তাৰিখে এই ফটোখন শ্বেয়াৰ কৰি লিখিছিল, ‘কুম্ভমেলাত ক’ভিড নিষিদ্ধ’
এই পোষ্টটোৰ স্ক্ৰীণশ্বট ইয়াত ক্লিক কৰি চাব পাৰিব।
বিশ্বাস নিউজে সৰ্বপ্ৰথমে এই ভাইৰেল ফটোখনৰ সত্যতা বিচাৰ কৰিবৰ বাবে ইয়াক গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্ছ টুলৰ ব্যৱহাৰ কৰে। আমি এই ফটোখনৰ সৈতে মিল থখা বহু ফটো দেখিবলৈ পাও। আমি এই ভাইৰেল ফটোখন ২০১৯ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে বিজনেছ ষ্টেণ্ডাৰ্ডৰ ৱেবছাইটত দেখিবলৈ পাও। এই সমগ্ৰ বাতৰি ২০১৯ চনত প্ৰয়াগৰাজত হোৱা কুম্ভ সন্দৰ্ভতে প্ৰস্তুত কৰা হৈচিল। এই বাতৰি ইয়াত ক্লিক কৰি চাব পাৰিব।
উল্লেখ্য যে আমি এইখন ভাইৰেল ফটো ১০ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে ৱান ইণ্ডিয়া ৱেবছাইটত প্ৰকাশিত এটা বাতৰিৰ সৈতেও দেখিবলৈ পাও। এই প্ৰতিবেদনো ২০১৯ চনৰ প্ৰয়াগৰাজ কুম্ভ সম্বন্ধীয় আছিল। এই বাতৰিটো ইয়াত ক্লিক কৰি চাব পাৰিব।
বিশ্বাস নিউজে এইপৰ্যন্ত চলোৱা অনুসন্ধানত এই কথা স্পষ্ট হৈ পৰিছে যে এই ভাইৰেল ফটোখনৰ সৈতে হৰিদ্বাৰত চলি থকা কুম্ভমেলাৰ কোনো সম্পৰ্ক নাই। এই ফটোখন ফেব্ৰুৱাৰী ২০১৯ চনৰে পৰা ইণ্টাৰনেটত উপলব্ধ হৈ আছে আৰু তেতিয়া বিশ্বত ক’ভিড-১৯ ৰ সংক্ৰমণ নাছিল। WHO ৰ মতে, ক’ভিড-১৯ ৰ সংক্ৰমণ ২০১৯ চনৰ ডিচেম্বৰ মাহতহে প্ৰথমবাৰৰ বাবে চীনৰ ৱুহান চহৰত ধৰা পৰিছিল।
বিশ্বাস নিউজে এইপৰ্যন্ত চলোৱা অনুসন্ধানত লাভ কৰা শুংসূত্ৰৰ আধাৰত এই ভাইৰেল ফটোখন সন্দৰ্ভত আৰু অধিক বিচাৰ-খোচাৰ কৰে। আমি এই ফটোখন ২০১৯ চনৰ কুম্ভ মেলাৰ অফিচিয়েল ৱেবছাইটতো লাভ কৰিছো। এই ফটোখন পৱিত্ৰ স্নানৰ কেপশ্যনৰ সৈতে আপলোড কৰা হৈছিল। এই ফটোখন তলত চাব পাৰিব।
বিশ্বাস নিউজে এই ভাইৰেল ফটোখন আমাৰ সহযোগী দৈনিক জাগৰণৰ প্ৰয়াগৰাজ সম্পাদকীয় বিভাগৰ প্ৰমোদ যাদৱলৈ প্ৰেৰণ কৰি ইয়াৰ সত্যতা জানিবলৈ বিচাৰো। তেওঁ আমিক নিশ্চিতি দি কয় যে এই ফটোখন প্ৰয়াগৰাজ কুম্ভমেলাৰহে। তেওঁ লগতে আমাক জনায় যে কুম্ভৰ বাবে নৈৰ তীৰত ইমান বিস্তীৰ্ণ এলেকা কেৱল প্ৰয়াগৰাজতেই আছে।
অৱশ্যে এই কথা সত্য যে ক’ভিড-১৯ ৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ সময়তে হৰিদ্বাৰত কুম্ভমেলা চলি আছে। উল্লেখ্য যে ১২ এপ্ৰিল ২০২১ তাৰিখে হৰিদ্বাৰৰ কুম্ভত দ্বিতীয়টো পৱিত্ৰ স্নানৰ আয়োজন কৰা হৈছে। ইয়াৰ ফটো তলত দেখা গৈছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি হৰিদ্বাৰ কুম্ভলৈ যোৱা প্ৰতিগৰাকী ভক্তৰে ক’ভিড-১৯ ৰ ফলাফল নিগেটিভ অহাটো অনিবাৰ্য।
বিশ্বাস নিউজে এই ভাইৰেল ফটোখন মিছা দাবীৰে সৈতে শ্বেয়াৰ কৰা ফে’চবুক ইউজাৰ Gufran Buland ৰ প্ৰ’ফাইল স্কেন কৰে। এই প্ৰ’ফাইলটো ২০১০ চনৰ ডিচেম্বৰ মাহতে খোলা হৈছিল আৰু এইগৰাকী ইউজাৰ ৰাজস্থান নিবাসী।
নিষ্কৰ্ষঃ উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত হৰিদ্বাৰ কুম্ভ মেলাক লৈ চলি থকা দাবী বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। ভাইৰেল ছবি ২০১৯ চনত অনুষ্ঠিত প্ৰয়াগৰাজ অৰ্ধকুম্ভৰ। অৱশ্যে এই কথা সত্য যে হৰিদ্বাৰ কুম্ভ এনে এক সময়তে আয়োজন কৰা হৈছে, যিটো সময়ত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ক্ষীপ্ৰগতিত বৃদ্ধি পাইছে। কিন্তু হৰিদ্বাৰ কুম্ভৰ সৈতে এই ভাইৰেল ফটোখনৰ কোনো সম্পৰ্ক নাই।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ