Fact Check: ২০১৭ চনতে ছোলাপুৰত উদযাপন কৰা আম্বেদকাৰ জয়ন্তী ফটো মিছা দাবীৰে ভাইৰেল

উপসংহাৰ: আমাৰ অনুসন্ধানত প্ৰকাশ পাইছে যে ভাইৰেল ছবিখন ২০১৭ চনত ছোলাপুৰত আয়োজন কৰা আম্বেদকাৰ জয়ন্তী উদযাপনৰ ছবি। ক’ৰোনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

Fact Check: ২০১৭ চনতে ছোলাপুৰত উদযাপন কৰা আম্বেদকাৰ জয়ন্তী ফটো মিছা দাবীৰে ভাইৰেল

নতুন দিল্লী (Vishvas News) ছ’চিয়েল মিডিয়াত এখন ছবি ভাইৰেল হৈ আছে য’ত এটা পথত বিশাল ভিৰ আৰু ভিৰৰ মাজত সুসজ্জিত টেবুল আৰু এফালে নীলা আৱৰণ দেখুওৱা হৈছে। ভাইৰেল পোষ্টটোৱে এই ছবিখনৰ জৰিয়তে দেখুৱাব বিচাৰিছে যে কুম্ভমেলাক প্ৰশ্ন কৰা লোকসকলে কৰোনাৰ সময়ত উদযাপন কৰা ভীমৰাও আম্বেদকাৰৰ জন্মজয়ন্তীত কোনো আপত্তি নেদেখুৱায়। বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত এই ভাইৰেল পোষ্টটোত কৰা দাবীটো মিছা বুলি প্ৰমাণিত হৈছে।

দৰাচলতে, এই ভাইৰেল ছবিখন হৈছে ২০১৭ চনত মহাৰাষ্ট্ৰৰ ছোলাপুৰত উদযাপন কৰা ভীমৰাও আম্বেদকাৰ জয়ন্তীৰ। ক’ৰোনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। আম্বেদকাৰ জয়ন্তী প্ৰতি বছৰে ছোলাপুৰত একেধৰণেৰে ধুমধামেৰে উদযাপন কৰা হয়, কিন্তু যোৱাবছৰ আৰু এইবছৰ ক’ৰোনাৰ বাবে তেনেদৰে কোনো উদযাপন বা আয়োজন হোৱা নাই।

কি এই ভাইৰেল পোষ্ট?

টুইটাৰ ইউজাৰ Er. Durgesh Pandey ই এই পোষ্ট শ্বেয়াৰ কৰি কেপশ্যনত লিখিছে -: যিসকলে #কুম্ভ মেলাত #ক’ৰোনা দেখে আৰু #আম্বেদকাৰ জয়ন্তীত ক’ৰোনা নেদেখে, তেওঁলোকক ভীৰু বুলি কোৱা হয়। ক’ৰোনা সকলোতে আছে ***।

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল দাবীৰ অনুসন্ধানৰ আৰম্ভ কৰিয়েই গুগল ৰিভাৰ্চ ইমেজ চাৰ্চৰ সহায়ত এই ভাইৰেল ফটোখন বিচাৰি পাইছিল। আমি ২৪ এপ্ৰিল, ২০১৭ তাৰিখে 7 AIMS নামৰ এটা ভেৰিফাইড ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ’ লাভ কৰিছিলো।এক মিনিটৰ বাবে দৃশ্যমান হোৱা এই ভিডিঅ’টোৰ দৃশ্যটো ভাইৰেল হোৱা সংশ্লিষ্ট ছবিখনৰ সৈতে একেই। ভাইৰেল ছবিখনত সোঁফালে “আনন্দ বৌদ্ধ মণ্ডল”ৰ বেনাৰো দেখুওৱা হৈছে আৰু ভিডিঅ’টোতো একেখন বেনাৰেই দেখা গৈছে।

ইউটিউবত এই ভিডিঅ’টোৰ সৈতে শিৰোনামত আম্বেদকাৰ জয়ন্তী ছোলাপুৰ ২০২০ জয়ন্তী এট হোম ২০১৭ ফ্লেশ্ববেক বুলি লিখা আছে।

ভাইৰেল ছবিখনৰ বিষয়ে অধিক তথ্যৰ বাবে, আমি ছোলাপুৰ সদৰ বজাৰ আৰক্ষী থানাৰ দায়িত্বত থকা জ্যেষ্ঠ পৰিদৰ্শক কমলাকাৰ বসন্ত পাটিলৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক জনায় যে ভাইৰেল ছবিখন পুৰণি, কিয়নো এইবছৰ ক’ৰোনাৰ সংক্ৰমণৰ বাবে আম্বেদকাৰ জয়ন্তীত কোনো আয়োজন বা উদযাপন কৰা হোৱা নাই।

অৱশ্যে, বিগত বৰ্ষতো আৰু এইবছৰো আম্বেদকাৰ জয়ন্তী উদযাপন কৰিবৰ বাবে বিভিন্ন ঠাইত ক’ৰোনাৰ নীতি-নিৰ্দেশনা উলঙ্ঘন কৰাৰ বিভিন্ন খবৰ লাভ কৰা গৈছে, কিন্তু এই ভাইৰেল ফটো এইবছৰৰ নহয়। এই ভাইৰেল পোষ্ট টুইটাৰত শ্বেয়াৰ কৰা ইউজাৰ শ্বাহিন পেটেলৰ প্ৰ’ফাইল স্কেন কৰাৰ পিছত, আমি দেখিছিলো যে ইউজাৰগৰাকী পেছাত এগৰাকী অভিযন্তা আৰু বাতৰি লিখালৈকে তেওঁৰ টুইটাৰ একাউণ্টত ৮৩১ গৰাকী ফ’ল’ৱাৰ্ছ আছে।

নিষ্কৰ্ষঃ উপসংহাৰ: আমাৰ অনুসন্ধানত প্ৰকাশ পাইছে যে ভাইৰেল ছবিখন ২০১৭ চনত ছোলাপুৰত আয়োজন কৰা আম্বেদকাৰ জয়ন্তী উদযাপনৰ ছবি। ক’ৰোনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস