ফেক্ট চেক: বিহাৰৰ মতদানৰ নামত ভাইৰেল হৈ আছে অসমৰ ছয় বছৰ পুৰণি ফটো

বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল পোষ্টটো নকলী বুলি প্ৰমানিত হ’ল। অসমৰ ছয় বছৰৰ পুৰণা ফটোখনক এতিয়া কিছু লোকে বিহাৰৰ বুলি কৈ ভাইৰেল কৰি আছে।

নতুন দিল্লী (বিশ্বাস নিউজ)। চছিয়েল মিডিয়াত এজন ক্ষীণ-মিন ব্যক্তিয়ে ভোট দান কৰি থকা ফটো ভাইৰেল হৈ আছে। দাবী কৰা হৈছে যে এই ফটোখন বিহাৰৰ নিৰ্বাচন সম্বন্ধিত।

বিশ্বাস নিউজে ভাইৰেল পোষ্টৰ পৰীক্ষা কৰে। আমি গম পালো যে 2014 চনৰ এই ফটোখন বৰ্তমানৰ বিহাৰত ভোট দান কৰাৰ নামেৰে ভাইৰেল কৰি আছে। অৰিজিনেল ফটোখন অসমৰ। এই ফটোখনৰ সতে বিহাৰৰ নিৰ্বাচনৰ কোনো সম্বন্ধ নাই।

কি ভাইৰেল হৈ আছে ?

ফেচবুক পেজ Rajveer Singh RV য়ে 30 অক্তোবৰত এখন ফটো আপলোড কৰি দাবী জনাই যে : ‘ বিহাৰত নীতীশ ৰাজৰ 15 বছৰৰ বিকাশৰ জীৱন্ত ছবিয়ে ভোট দান কৰিছে। হয়তো এনে আশাৰে আহিছে পোলিং বুথ কিজানি কিছু ছবি সলনি হয় যি ভোগি আছে, যাতে তেওঁৰ সন্তানে ভোগ কৰিব নালাগে।

ফেচবুকৰ পোষ্টৰ আৰ্কাইব্ড ভাৰ্চন ইয়াত চাওঁক।

অনুসন্ধান

বিশ্বাস নিউজে পোন প্ৰথমে ভাইৰেল হৈ থকা ফটোখন গুগল ৰিভাৰ্চ ইমেল ট্ৰল কৰি আপলোড কৰি চাৰ্ছ কৰিলে। চাৰ্ছৰ সময়ত আমি এই ফটোখন janjwar. Comৰ এক লেখাত পালোঁ। এই ফটোখনৰ সম্বন্ধত লেখাটোত কেৱল ইমানেই জনোৱা গ’ল যে এইজন কোনো আদিবাসী। লেখাটো 19 নবেম্বৰ 2019 তাৰিখে পাব্লিছ হৈছিল। অৰ্থাৎ স্পষ্ট হৈ পৰিল যে ফটোখনৰ সতে বিহাৰৰ নিৰ্বাচনৰ নিৰ্বাচনৰ কোনো সম্বন্ধ নাই।

অনুসন্ধানৰ সময়ত আমি অৰিজিনেল ফটো ‘ডা হিন্দুত’ ৰ ৱেবচাইটত পালোঁ। 13 এপ্ৰিল 2014 ত পাব্লিছ হোৱা বাতৰিত জনোৱা গৈছে যে ফটোখন অসমৰ কাৰ্বি আলং জিলাৰ তিৱা জনজাতিৰ এক ব্যক্তিৰ ফটো। এই ব্যক্তি জনে নিজৰ ভোট দিবলৈ আহিছে। এই ফটোখন ৰিতুৰাজ কোঁৱৰ নামৰ ফটোগ্ৰাফাৰে তুলিছিল। সম্পূৰ্ণ বাতৰি আপুনি ইয়াতে চাব পাৰিব।

অনুসন্ধানৰ ইয়াৰ পাচৰ খেপত বিশ্বাস নিউজে ৰিতুৰাজ কোঁৱৰৰ সতে সম্পৰ্ক কৰে। তেখেতে জনাই যে তেখেত কেতিয়াও বিহাৰলৈ যোৱাই নাই, তথাপিও মানুহে তেখেতৰ পুৰণি ফটোখন ভাইৰেল কৰি আছে।

অন্তত আমি নকলী পোষ্ট ছেয়াৰ কৰোঁতাৰ ফেচবুক পেজ পৰীক্ষা কৰিলোঁ। Rajveer Singh RV নামৰ এই ফেচবুক পেজক মে 2016 ত প্ৰস্তুত কৰা হৈছিল।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল পোষ্টটো নকলী বুলি প্ৰমানিত হ’ল। অসমৰ ছয় বছৰৰ পুৰণা ফটোখনক এতিয়া কিছু লোকে বিহাৰৰ বুলি কৈ ভাইৰেল কৰি আছে।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস