ফেক্ট চেক: এক্টৰ সুশান্ত সিংহ ৰাজপূতৰ মৃত্যুত ৰাহুল গান্ধীৰ নামেৰে মিছা টুইটাৰ ভাইৰেল

বিশ্বাস টীমে নিজৰ অনুসন্ধানত ভাইৰেল টুইট টো নকলী বুলি পালে | ৰাহুল গান্ধীৰ টুইটক কাটিকূটি এক্টৰৰ ঠাইক ক্ৰিকেট বুলি লিখা গৈছে |

নতুন দিল্লী (বিশ্বাস নিউজ)| 14 জুন 2020 ত ফিল্মৰ তাৰকা সুশান্ত সিংহ ৰাজপুটে আমাৰ পৰা বিদায় লৈছিল | তেওঁৰ মৃত্যুত সমগ্ৰ দেশৰ তেওঁৰ প্ৰসংশক স্তব্ধ হৈ পৰিল | চিনেমাৰ জগতৰ তেওঁৰ লগৰীয়া অভিনেতা-অভিনেত্রীসকলক লৈ দেশৰ নামীদামী ব্যক্তিয়েও তেওঁৰ পৰলোক প্ৰাপ্তিত শোক প্ৰকাশ কৰে | সেই ক্ৰমত ৰাহুল গান্ধীৰ এক মিছা টুইটাৰ ভাইৰেল কৰি কিছু মানুহে তেওঁক লক্ষ্য নিবন্ধ কৰিছে | সেই টুইটাৰত সৈতে দাবী কৰা গৈছে যে ৰাহুল গান্ধীয়ে নিজৰ টুইটাৰত সুশান্ত সিংহ ৰাজপুটক শ্ৰদ্ধাঞ্জলি দিয়াৰ সময়ত ক্ৰিকেটাৰ বুলি উল্লেখ কৰিছে |

বিশ্বাস টীমে নিজস্ব অনুসন্ধানত ভাইৰেল হোৱা টুইটটো মিছা বুলি পালে | ৰাহুল গান্ধীৰ টুইটাৰত কাটকূট কৰি এক্টৰৰ ঠাইত ক্ৰিকেটাৰ বুলি লিখা গৈছিল |

কি ভাইৰেল হৈ আছে?

চোছিয়েল মিডিয়াত ৰাহুল গান্ধীৰ নামত এক টুইটাৰ সুশান্ত সিংহ ৰাজপূটৰ মৃত্যুৰ পাচত জনোৱা শ্ৰদ্ধাঞ্জলিক লৈ ভাইৰেল হৈ আছে | দাবী কৰা হৈছে যে ৰাহুল গান্ধীয়ে নিজৰ টুইটত সুশান্ত সিংহ ৰাজপূটক শ্ৰদ্ধাঞ্জলি দিয়াৰ সময়ত ক্ৰিকেটাৰ বুলি কৈছে | এই টুইটৰ স্ক্ৰীনচটক Sivasagar BJP Supporters নামৰ পেজে ছেয়াৰ কৰি লিখিছে : পাপ্পু ফিৰসে ফেইল হো গায়া (পাপ্পু আকৌ ফেইল হৈ গ’ল)

এই পোষ্টৰ আৰ্কাইড লিংক |

অনুসন্ধান

অনুসন্ধানৰ পাতনি মেলি আমি পোন প্ৰথমে ৰাহুল গান্ধীৰ অাধিকাৰিক টুইটাৰ হেণ্ডেলক….চালো | আমি তেওঁৰ একাউন্টত সুশান্ত সিংহ ৰাজপূটৰ মৃত্যুৰ পিচত শ্ৰদ্ধাঞ্জলি ব্যক্ত কৰাৰ টুইটাৰ পালোঁ | এই টুইচত ক্ৰিকেটাৰ লিখা ক’তো চকুত নপৰিল | এই টুইট তলত দেখা পাব |

এতিয়া আমি এই ঘটনাক লৈ পোনচাতেই AICCৰ চেক্ৰেটাৰী আৰু INC কংগ্ৰেছৰ কমুনিকেচনৰ হেড প্ৰণৱ ঝাৰ লগত যোগাযোগ কৰিলোঁ প্ৰণৱে এই টুইটৰ কথা লৈ আমাৰ লগত কথা পাতি ক’লে, ” হয় | এইটো এইকেইদিনৰ কথা…কালিয়েই শ্ৰী ৰাহুল গান্ধীয়ে অভিনেতা সুশান্ত সিংহ ৰাজপূটৰ পৰিয়াল আৰু প্ৰসংশকসকলৰ প্ৰতি নিজৰ সংবেদনা ব্যক্ত কৰিছিলে |” বিপক্ষ পাৰ্টিৰ চোছিয়েল মিডিয়া ফেক্টৰীয়ে সেইটো এক মিনিটতে ফটোচপ কৰিলে আৰু প্ৰকৃত টুইটক এক নকল ৰূপ দি দিলে |”

ভাইৰেল টুইট আৰু আচল টুইটটো মনোযোগেৰে চালে দুয়োটাৰ সময় একেই , আচল টুইটত য’ত এক্টৰ লিখা আছে তাত নকল টুইটত ক্ৰিকেট লিখা আছে | ৰাহুল গান্ধীৰ আচল টুইচ আৰু আৰু এই নকলী টুইটৰ ব্যৱধান আপুনি তলত পৰিস্কাৰকৈ দেখা পাব |

কংগ্ৰেছৰ প্ৰবক্তা পৱণ খেৰাইও এই নকলী টুইটক লৈ টুইট কৰিছে, সেইটোও তলত দেখা পাব |

https://twitter.com/Pawankhera/status/1272498760493305857

সুশান্ত সিংহ ৰাজপূটৰ মৃত্যুৰ পাচত তেওঁৰ প্ৰসংশকসকলৰ সহিত অনেক নামীদামী ব্যক্তিয়ে নিজৰ দুখ ব্যক্ত কৰিছিল | সেইসকলৰ ভিতৰত PM মোডী আৰু ৰাহুল গান্ধী আদিও অন্তৰ্ভুক্ত আছিল | সেই বাৰ্তাবোৰ লৈ দৈনিক জাগৰণৰ বাতৰি ইয়াত ক্লিক কৰি পঢ়িব পাৰিব | এই বাতৰিৰ অনুসাৰে ৰাহুল গান্ধীৰ টুইটক লৈ লিখা গৈছিলঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটাৰত লিখে যে সুশান্ত সিংহ ৰাজপূটৰ নিধনৰ কথা শুনি মই বৰ দুখ পালোঁ | তেওঁ এক যুৱক আৰু প্ৰতিভাশালী অভিনেতা আছিল যি অতি সোনকালে গৱল গৈ | জগতত তেওঁক ভালপোৱা, বন্ধু আৰু পৰিয়ালবৰ্গৰ প্ৰতি মোৰ সংবেদনা জনালোঁ |

চোছিয়েল মিডিয়াত এই টুইটক বহু লোকে ছেয়াৰ কৰি আছে আৰু তাৰ মাজৰ এক হ’ল Sivsagar BJP Supporters নামৰ ফেচবুক পেজ | এই পেজৰ 1,425 লোকে ফলো কৰে|

নিষ্কৰ্ষঃ বিশ্বাস টীমে নিজৰ অনুসন্ধানত ভাইৰেল টুইট টো নকলী বুলি পালে | ৰাহুল গান্ধীৰ টুইটক কাটিকূটি এক্টৰৰ ঠাইক ক্ৰিকেট বুলি লিখা গৈছে |

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস