X
X

Fact Check : ভাৰতত লকডাউনৰ ভাইৰেল নিউজ প্লেট ভুৱা

উপসংহাৰ – ভাইৰেল নিউজ গ্ৰাফিক্স প্লেট বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত ভুৱা বুলি প্ৰমাণিত হৈছে। টিভি৯ চেনেলটোৰ দ্বাৰা তেনে কোনো বাতৰি প্ৰচাৰ কৰা হোৱা নাছিল।

বিশ্বাস নিউজ (নতুন দিল্লী)  দেশত কৰোনা সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ মাজতে, কিছুমান লোকে ভুৱা বাতৰিৰ জৰিয়তে ছ’চিয়েল মিডিয়াত সংক্ৰমণ বিয়পাবলৈ কুন্ঠাবোধ কৰা নাই। এটা নিউজ চেনেলৰ ভুৱা গ্ৰাফিক্স প্লেট ভাইৰেল কৰাৰ যোগেদি একাংশ লোকে দাবী কৰিছে যে মোডী চৰকাৰে সমগ্ৰ ভাৰততে লকডাউন জাৰি কৰিবলৈ আগবাঢ়িছে। পিছএ বিশ্বাস নিউজৰ নিজস্ব তদন্তত এই দাবীটো ভুৱা বুলি প্ৰমাণিত হৈছে।

বিশ্বাস নিউজে এই ভাইৰেল গ্ৰাফিক্স প্লেটখন পৰীক্ষা কৰে। ইয়াৰ পিছতেই আমি জানিব পাৰিছিলো যে টিভি৯ ভাৰতবৰ্ষৰ প্লেট ব্যৱহাৰ কৰি ভুৱা পোষ্ট সৃষ্টি কৰা হৈছে। বাতৰি চেনেলটোৱে তেনে কোনো বাতৰি প্ৰদৰ্শন কৰা নাই।

কি এই ভাইৰেল পোষ্ট

ফেচবুক ইউজাৰ প্ৰশান্ত তিৱাৰীয়ে ২০ এপ্ৰিলত এটা নিউজ চেনেলৰ ভুৱা স্ক্ৰীণশ্বট আপলোড কৰি লিখিছিল যে পশ্চিমবঙ্গৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে আৰু ইয়াৰ কাম শেষ হোৱাৰ লগে লগে মোদী চৰকাৰে লকডাউন ঘোষণা কৰিছে ৰাইজক ধ্বংস কৰিবলৈ। এখন চৰকাৰ যি কেৱল ভোটৰ আশাতহে থাকে।

এই ভাইৰেল ফে’চবুক পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে এই ভাইৰেল পোষ্টৰ সত্যতা নিৰূপণ কৰিবৰ বাবে ইয়াৰ নিজস্ব অনুসন্ধান আৰম্ভ কৰিছিল। যেতিয়া আমি ভাইৰেল পোষ্ট সম্পৰ্কীয় কী-ৱৰ্ড বিচাৰিবলৈ আৰম্ভ কৰিছিলো, তেতিয়া আমি টিভি9 ভাৰতৰ ইউটিউব চেনেল দেখিবলৈ পাইছিলো। আমি বিগত ১৭ এপ্ৰিল, ২০২১ তাৰিখে এই চেনেলটোৰ ইউটিউভ চেনেলত আপলোড কৰা এটা বাতৰি বুলেটিনৰ পৰা এই বাতৰিৰ সত্যতা সন্দৰ্ভত জানিব পাৰিলোঁ।

এই বুলেটিনৰ ৩০ তম ছেকেণ্ডত, আমি মূল গ্ৰাফিক্সটো বিচাৰি পাইছিলো, যাক সম্পাদনা কৰা হৈছে আৰু ভাইৰেল কৰা হৈছে। মূল ভিডিঅ’টোত, আমি মহাৰাষ্ট্ৰত লকডাউন হোৱাৰ কথা দেখিবলৈ পাও। অজিত পাৱাৰে লকডাউনৰ এক ‘সংকেত’ দিয়াৰ কথা এই বাতৰিত দেখিবলৈ পাও। পিছে এই ভাইৰেল স্ক্ৰীণশ্বটটোত মহাৰাষ্ট্ৰ আঁতৰাই ভাৰত আৰু অজিত পাৱাৰক আঁতৰাই প্ৰধানমন্ত্ৰী মোডীৰ ফটো ব্যৱহাৰ কৰি ভাইৰেল স্ক্ৰীণশ্বটলৈ পৰিৱৰ্তন কৰা হৈছে।

ঠিক তেনেদৰে, মূল বাতৰিটোত আমি“বিগত বৰ্ষৰ লেখিীয়াকৈ এইবছৰো ভাৰতত জাৰি হ’ব পাৰে লকডাউন’ লিখা থকা দেখিবলৈ পাও। ইয়াৰ ভিতৰতো মহাৰাষ্ট্ৰ শব্দটো সম্পাদনা কৰি তাত ভাৰত লিখা হৈছে, তাৰ পি.ছত বাক্যটো হৈছেগৈ – ভাৰতত জাৰি হ’ব পাৰে লকডাউন।

ভাইৰেল গ্ৰাফিক্সখনত অজিত পাৱাৰৰ ছবি আঁতৰাই দিয়া হৈছে আৰু সেই ঠাইত প্ৰধানমন্ত্ৰী মোডীৰ ছবিখন উপস্থাপন কৰা হৈছে। আনহাতে, যেতিয়া টিভি9 ইণ্ডিয়াৰ ষ্টাইল শ্বীটৰ কথা আহে, ছবি আৰু মুখ্য সমল দুটা পৃথক বাকচত থাকে, আনহাতে ভাইৰেল স্ক্ৰীণশ্বটটোত দুয়োটা উপাদানেই একেটা বাকচতে আছে।

আমাৰ তদন্ত আগবঢ়াই নি আমি টিভি9 ভাৰতবৰ্ষৰ সম্পাদকৰ সৈতে যোগাযোগ কৰো। তেওঁ আমাক জনায় যে তেওঁৰ চেনেলত তেনে কোনো বাতৰি প্ৰচাৰ কৰা হোৱা নাই। এই পোষ্টটো সম্পূৰ্ণ ভুৱা।

এতিয়া ভুৱাটো পোষ্ট কৰা ইউজাৰজনৰ ছ’চিয়েল প্ৰ’ফাইল পৰীক্ষা কৰাত আমি জানিব পাৰো যে ফেচবুক ইউজাৰ প্ৰশান্ত তিৱাৰী উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ লোক  যদিও বৰ্তমান দিল্লীৰ বাসিন্দা।

https://www.facebook.com/prashant.tiwari.509511

ইফালে যেতিয়া দেশত লকডাউনৰ কথা আহে, প্ৰধানমন্ত্ৰীয়ে যোৱা ২০ এপ্ৰিলত কৈছে যে লকডাউন দেশত চূড়ান্ত বিকল্প হ’ব লাগে। আপুনি তলত এই সম্পৰ্কীয় বাতৰিবোৰ চাব পাৰে।

নিষ্কৰ্ষঃ উপসংহাৰ – ভাইৰেল নিউজ গ্ৰাফিক্স প্লেট বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত ভুৱা বুলি প্ৰমাণিত হৈছে। টিভি৯ চেনেলটোৰ দ্বাৰা তেনে কোনো বাতৰি প্ৰচাৰ কৰা হোৱা নাছিল।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later