X
X

Fact Check: ভাইৰেল ভিডিঅ’ত মহিলাগৰাকীক অসংযতভাৱে স্পৰ্শ কৰা লোকজন আজাৰবাইজানৰ ৰাষ্ট্ৰপতি নহয়

উপসংহাৰ: আমি আমাৰ নিজস্ব অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল হোৱা ভিডিঅ’টোত দেখা ব্যক্তিগৰাকী আজাৰবেইজানৰ এগৰাকী সাংসদ, তেওঁ আজাৰবেইজানৰ ৰাষ্ট্ৰপতি নহয়। এই ঘটনাৰ পিছতে ব্যক্তিগৰাকীক বৰ্খাস্ত কৰা হৈছে।

নতুন দিল্লী (বিশ্বাস নিউজ) । শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে য’ত এজন ব্যক্তিয়ে এগৰাকী মহিলাক অসংযতভাৱে তথা অশালীনভাৱে স্পৰ্শ কৰা দেখা গৈছে। ভিডিঅ’টোত থকা ব্যক্তিজনক এটা কাৰ্যালয়ত বহি থকা দেখা গৈছে আৰু তেওঁৰ ঠিক পিছফালেই এগৰাকী মহিলাই কিছু ফাইল ৰখা দেখা গৈছে, ইয়াৰ পিছতে পুৰুষজনে মহিলাগৰাকীক অসংযতভাৱে তেওঁৰ শৰীৰ স্পৰ্শ কৰিছে। কিন্তু যেতিয়াই তেওঁ অনুভৱ কৰে যে তেওঁ অনলাইনযোগে এখন লাইভ মিটিংত আছে, তেতিয়া তেওঁ হাত আঁতৰাই আনে। এই পদটো আজাৰবাইজানৰ ৰাষ্ট্ৰপতি বুলি দাবী কৰা হৈছে। আমি আমাৰ অনুসন্ধানত পাইছিলো যে ভিডিঅ’টোত থকা ব্যক্তিজন আজাৰবাইজানৰ এজন সাংসদ আছিল যাক ঘটনাটোৰ পিছত বৰ্খাস্ত কৰা হৈছিল। এই ব্যক্তিজন আজাৰবাইজানৰ ৰাষ্ট্ৰপতি নহয়।

কি এই ভাইৰেল পোষ্ট

ভাইৰেল পোষ্টটোত, এজন পুৰুষক এটা কাৰ্যালয়ত বহি থকা দেখা গৈছে আৰু তাৰ পিছত এগৰাকী মহিলাই কিছুমান ফাইল ৰাখিছে, ইয়াৰ পিছত পুৰুষজনে মহিলাগৰাকীক অসংযত আৰু অশালীনভাৱে স্পৰ্শ কৰিছে। কিন্তু যেতিয়াই তেওঁ অনুভৱ কৰে যে তেওঁ অনলাইনত এখন লাইভ মিটিংত আছে, তেতিয়া তেওঁ হাত আঁতৰাই লয়। এই পোষ্টটো ” Azerbaijan president forgot to exit after zoom meeting” বুলি দাবী কৰা হৈছে যাৰ অসমীয়া অনুবাদ হৈছে “আজাৰবাইজানৰ ৰাষ্ট্ৰপতিয়ে জুম মিটিংৰ পিছত এক্সিট হ’বলৈ পাহৰি গৈছিল”

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।

অনুসন্ধান

ভাইৰেল পোষ্টটোৰ সৈতে এটা মন্তব্যত এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে ভিডিঅ’টোত দেখা ব্যক্তিজনৰ নাম হুছেইনবালা মিৰালামভ। ইয়াৰ পৰা এটা ইংগিত লৈ, আমি এই ভিডিঅ’টো InVID টুলৰ সহায়ত কীফ্ৰেমবোৰ উলিয়াইছিলো আৰু গুগল ৰিভাৰ্চ ইমেজত ‘হুছেইনবালা মিৰালামভ’ কীৱৰ্ডৰ সৈতে সেইবোৰ অনুসন্ধান কৰিছিলো। আমি panatimes.com ত এই বিষয়ক এটা বাতৰি পাইছিলো। ভাইৰেল ভিডিঅ’টোও বাতৰিটোৰ সৈতে সন্নিৱিষ্ট আছিল। প্ৰতিবেদনত কোৱা হৈছে, “আজাৰবাইজানৰ প্ৰাক্তন সাংসদ তথা বিশ্ববিদ্যালয়ৰ অধ্যাপক হুছেইনবালা মিৰালামভক তেওঁৰ মহিলা কৰ্মচাৰীক কেমেৰাৰ সমূখতে অশালীনভাৱে স্পৰ্শ কৰাৰ পিছত বৰ্খাস্ত কৰা হৈছিল।” 

মিৰালামভে unikal.org ত দিয়া এটা সাক্ষাৎকাৰত কৈছিল যে ঘটনাটো বিশ্ববিদ্যালয়ৰ সন্মিলনৰ সময়ত এই ঘটনাটো সংঘটিত হৈছিল। উল্লেখ্য যে হুছেইনবালা মিৰালামভ আজাৰবাইজানৰ এজন সাংসদ আছিল, কিন্তু এই ঘটনাটোৰ পিছতে তেওঁক বহিষ্কাৰ কৰা হৈছিল। তেওঁ বিশ্ববিদ্যালয়ৰ এজন শিক্ষকো আছিল।

আনহাতে আজাৰবাইজানৰ ৰাষ্ট্ৰপতি হৈছে ইলহাম আলিয়েভ। ইলহাম আলিয়েভ আৰু হুছেইনবালা মিৰালামভৰ মুখমণ্ডল বা শাৰীৰিক দিশৰ পৰাও কোনো সাদৃশ্য নাই। এই পাৰ্থক্যটো তলৰ ক’লাজত স্পষ্টভাৱে দেখা গৈছে।

এই সন্দৰ্ভত, আমি unikal.org ৰ ৱেব সম্পাদক মাৰ্টিল আজুকিৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কৈছিল যে “ভিডিঅ’টোত থকা ব্যক্তিজন হৈছে হুছেইনবালা মিৰালামভ। আৰু মিৰালামভ আজাৰবাইজানৰ ৰাষ্ট্ৰপতি নহয়। ভাইৰেল হৈ থকা দাবীটো ভুৱা। এই ভুৱা পোষ্টটো শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীজন চেন্নাইৰ বাসিন্দা আৰু ফে’চবুকত তেওঁৰ ১,৭১৬ গৰাকী বন্ধু আছে।

নিষ্কৰ্ষঃ উপসংহাৰ: আমি আমাৰ নিজস্ব অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল হোৱা ভিডিঅ’টোত দেখা ব্যক্তিগৰাকী আজাৰবেইজানৰ এগৰাকী সাংসদ, তেওঁ আজাৰবেইজানৰ ৰাষ্ট্ৰপতি নহয়। এই ঘটনাৰ পিছতে ব্যক্তিগৰাকীক বৰ্খাস্ত কৰা হৈছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later