ফেক্ট চেক: এই ফটোবোৰ ৰাম মন্দিৰ অযোধ্যাৰ নহয়, কাশী বিশ্বনাথ কৰিড’ৰ বাৰানসীৰ হয়

বিশ্বাস টীমৰ অনুসন্ধানত ভাইৰেল পোষ্টৰ দাবী মিছা বুলি পোৱা গ’ল। পোষ্টটোত ব্যৱহাৰ কৰা ফটোবোৰ কাশী বিশ্বনাথ মন্দিৰ কৰিডৰৰ নিৰ্মাণ কাৰ্যৰ যিবোৰ ৰাম মন্দিৰৰ বুলি কৈ ভাইৰেল কৰি আছে।

নতুন দিল্লী (বিশ্বাস নিউজ)| চছিয়েল মিডিয়াত এটা পোষ্ট তীব্ৰগতিত ভাইৰেল হৈ আছে, তাত কিছু ফটোৰ ব্যৱহাৰ কৰি দাবী কৰি আছে যে ছবিবোৰ ৰাম মন্দিৰ নিৰ্মান অযোধ্যাৰ। বিশ্বাস টীমে নিজৰ অনুসন্ধানত ভাইৰেল পোষ্টৰ দাবী মিছা বুলি গম পালে। পোষ্টটোত ব্যৱহাৰ কৰি থকা ফটোবোৰ কাশী বিশ্বনাথ মন্দিৰ কৰিডৰ বাৰানসীৰ নিৰ্মান কাৰ্যৰ হয়, যিবোৰ ৰাম মন্দিৰ অযোধ্যৰ নামেৰে ভাইৰেল কৰি আছে।

কি ভাইৰেল হৈ আছে?

ফেচবুক ইউজাৰ GK Modi ll” য়ে 1 নবেম্বৰ তাৰিখে এই ফটোবোৰ আপলোড কৰি লিখে : “ৰাম মন্দিৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত, জয় শ্ৰী ৰাম

ভাইৰেল পোষ্টৰ আকাইৰ্ড লিংক।

অনুসন্ধান

অনুসন্ধানৰ আৰম্ভনী কৰি এই ফটোবোৰক গুগল ৰিভাৰ্চ ইমেজ ট্ৰলত আপলোড কৰি চাৰ্ছ কৰিলোঁ। চাৰ্ছৰ কৰাৰ ফলত এটা কথা পৰিষ্কাৰ হৈ পৰিল যে ফটোবোৰ ৰাম মন্দিৰ নিৰ্মাণৰ নহয়। জাগৰণ ডট কমত 27 অক্তোবৰত প্ৰকাশিত এটা বাতৰিত আমি এই ফটোখন পালোঁ। বাতৰিটোৰ হেড লাইন আছিল : Dream Project of PM Modi ; বেনাৰসত কাশী বিশ্বনাথ মন্দিৰ কৰিডৰ ৰ নিৰ্মাণ কাৰ্যই গতি ল’লে।

বাতৰিটোৰ অনুসাৰে, এই ফটোবোৰ কাশী বিশ্বনাথ মন্দিৰ কৰিডোৰ নিৰ্মাণ কাৰ্যৰ। এই বাতৰিৰ সতে ভাইৰেল হোৱা ফটোবোৰ দেখা গ’ল। বাতৰিটো পঢ়িবলৈ ইয়াত ক্লিক কৰক।

ভাইৰেল ফটোবোৰ আমি হিন্দুস্থান টাইমছৰ ৱেবচাইটত প্ৰকাশিত এটা বাতৰিতো পালোঁ। ইয়াত ক্লিক কৰি বাতৰিটা পঢ়িব পাৰিব।

অনুসন্ধান আগবঢাই আমি ফটোবোৰ লৈ সহযোগী দৈনিক জাগৰণৰ বাৰানসীৰ ৰিপোৰ্টাৰ শাশ্বত মিশ্ৰৰ লগত যোগাযোগ কৰিলোঁ। এই কথা স্পষ্ট হৈ পৰিল যে এই ভাইৰেল হৈ থকা ফটোবোৰ ৰাম মন্দিৰ অযোধ্যাৰ নহয়। সেইবাবে এইবাৰ ভাইৰেল পোষ্ট ছেয়াৰ কৰোঁতা

ফেচবুক একাউন্ট GK Modi 11 ৰ চছিয়েল স্কিনিং কৰাৰ পাল। এই ইউজাৰজন গুৱাহাটীৰ নিবাসী আৰু বিশেষ ৰাজনৈতিক পাৰ্টীৰ সমৰ্থকো হয়।

নিষ্কৰ্ষঃ বিশ্বাস টীমৰ অনুসন্ধানত ভাইৰেল পোষ্টৰ দাবী মিছা বুলি পোৱা গ’ল। পোষ্টটোত ব্যৱহাৰ কৰা ফটোবোৰ কাশী বিশ্বনাথ মন্দিৰ কৰিডৰৰ নিৰ্মাণ কাৰ্যৰ যিবোৰ ৰাম মন্দিৰৰ বুলি কৈ ভাইৰেল কৰি আছে।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস