X
X

Fact Check: অক্সিজেন চিলিণ্ডাৰ লৈ বাইকত বহি যোৱা ক’ৰোনা আক্ৰান্ত মহিলাৰ ছবিখন বাংলাদেশৰহে, ভাৰতৰ বুলি কৰা হৈছে ভাইৰেল

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল ছবিখনৰ দাবী মিছা বুলি প্ৰমাণিত হৈছে। বাইকত অক্সিজেনৰ সহায় লৈ বহি থকা এগৰাকী মহিলাৰ এই ছবিখন ভাৰতৰ নহয়। যদিও ভাৰততো কৰোনা ভাইৰাছৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু দেশৰ বহু ঠাইত অক্সিজেনৰ অভাৱ হোৱাৰ খবৰ পোৱা গৈছে, আমাৰ অনুসন্ধানত প্ৰকাশ পাইছে যে ছবিখন বাংলাদেশৰ বাৰিশাল চহৰৰহে।

  • By: ameesh rai
  • Published: Apr 23, 2021 at 12:29 AM

বিশ্বাস নিউজ (নতুন দিল্লী)। ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ এখন ছবি ব্যাপকভাৱে ভাইৰেল হৈ আছে য’ত মুখত অক্সিজেন লৈ থকা এগৰাকী মহিলাক যুৱকজনৰ সৈতে বাইকত বহি গৈ থকা দেখা গৈছে। ভাৰতত ”ৰোনা ভাইৰাছৰ বৰ্ধিত সংক্ৰমণৰ মাজত, ছ’চিয়েল মিডিয়া ইউজাৰ্ছসকলে দাবী কৰিছে যে ছবিখন ভাৰতৰ আৰু ইয়াক দেশৰ স্বাস্থ্য ব্যৱস্থাৰ ত্ৰুটি হিচাপে শ্বেয়াৰ কৰা হৈছে। বিশ্বাস নিউজৰ তদন্তত  এই দাবী মিছা বুলি প্ৰমাণিত হৈছে। ভাৰততো কৰোনা ভাইৰাছৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু দেশৰ বহু ঠাইত অক্সিজেনৰ অভাৱহোৱাৰ খবৰ পোৱা গৈছে যদিও আমাৰ অনুসন্ধানত প্ৰকাশ পাইছে যে ছবিখন ভাৰতৰ নহয়, বাংলাদেশৰহে।


কি এই ভাইৰেল পোষ্ট

টুইটাৰ ইউজাৰ Samavritti য়ে এই ফটোখন টুইট কৰি ইংৰাজীত লিখিছে যে, এনেদৰেই আপোনালোকৰ #PMcares কৰা হয়। কাৰণ আকৌতো মোদীয়েই আহিব।”

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে এই ভাইৰেল ছবিখনৰ আঁৰৰ সত্যতা নিৰ্ণয় কৰিবলৈ গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ টুল ব্যৱহাৰ কৰে। আমি ইণ্টাৰনেটত এই ছবিখনৰ দৰে বহুতো ফলাফল পাইছিলো। আমি এই ছবিখন বাংলাদেশৰ কেইবাটাও স্থানীয় মিডিয়াৰ আৰ্কাইভত দেকিবলৈ পাইছো। ফটোখন ১৮ এপ্ৰিলত dhakapost.com প্ৰকাশিত এটা প্ৰতিবেদনতো ব্যৱহাৰ কৰা হৈছে। যেতিয়া আমি গুগল ট্ৰান্সলেটৰৰ সহায়ত এই বাংলা প্ৰতিবেদনটো অনুবাদ কৰিছিলো, আমি গম পাইছিলো যে এই ছবিখন বাংলাদেশৰ বাৰিচাল চহৰৰ। বাতৰি অনুসৰি, বাইকখনত থকা মহিলাগৰাকীক ৰেহানা পাৰবীন বুলি চিনাক্ত কৰা হৈছে, যি তেওঁৰ পুত্ৰ জিয়াউল হাছান ওৰফে টিটুৰ সৈতে চিকিৎসালয়লৈ গৈ আছে। প্ৰতিবেদন অনুসৰি, ফটোখন ফেচবুকত তৌহিদ টুটুল বেৰিচাল নামৰ এগৰাকী যান-বাহন আৰক্ষীৰ লোকে পোষ্ট কৰিছিল। উল্লেখ্য যে মহিলাগৰাকী ক’ৰোনাত আক্ৰান্ত হৈছিল আৰু তেওঁ উশাহ-নিশাহৰ সমস্যাত ভুগি থকা বাবে তেওঁৰ পুত্ৰই তেওঁক চিকিৎসালয়লৈ লৈ গৈছিল। এই প্ৰতিবেদনটো ইয়াত ক্লিক কৰি চাব পাৰিব।

আমি এই ভাইৰেল ছবিখন banglanews24.com প্ৰকাশিত এটা প্ৰতিবেদনত  দেখিবলৈ পাইছিলো। ঢাকা পোষ্টৰ দৰে এই প্ৰতিবেদনখনেও ইয়াক বাংলাদেশৰ বাৰিশাল চহৰৰ ছবি বুলি বৰ্ণনা কৰিছে। প্ৰতিবেদনৰ বাকী তথ্যবোৰো একেই। বিশ্বাস নিউজে ফেচবুকত বৰিশাল আৰক্ষী কৰ্মচাৰী তৌহিদ টুটুলৰ প্ৰ’ফাইলতো ছবিখন বিচাৰি পাইছিল। তৌহিদ টুটুলে ১৭ এপ্ৰিল, ২০২১ তাৰিখে এই ছবিখন পোষ্ট কৰিছিল, সেয়া তলত উল্লেখ কৰা হৈছে।

বিশ্বাস নিউজে ভাইৰেল ছবিখন বাংলাদেশৰ বিশেষজ্ঞ আৰু জ্যেষ্ঠ সাংবাদিক অভিষেক ৰঞ্জনৰ সৈতে শ্বেয়াৰ কৰিছিল। অভিষেকে আমাক জানিবলৈ দিয়ে যে যিকোনো বাংলা ভাষাৰ বিশেষজ্ঞই এই ছবিখন চাই সহজে ক’ব পাৰে যে ছবিখন ভাৰতৰ নহয়, বাংলাদেশৰ। অভিষেকে লগতে কয় যে যদি আপুনি বাইকখনৰ নম্বৰ প্লেটখন চায়, তেন্তে ইয়াৰ শীৰ্ষত চহৰৰ নাম আৰু তাৰ পিছত বঙালীত তলৰ নম্বৰটো লিখা আছে। এই নম্বৰ প্লেটখনৰ শৈলীও বাংলাদেশৰ। লগতে ছবিখনত ৰাস্তাৰ সিপাৰে এখন নীলা ব’ৰ্ড আছে। অভিষেকে লগতে কয় যে ব’ৰ্ডখনত বেৰিশাল অভিযান্ত্ৰিক মহাবিদ্যালয় লিখা আছে, যিখন বাংলাদেশৰ বাৰিশাল চহৰত অৱস্থিত। অভিষেক ৰঞ্জনে আমাক এই কথাও জনায় যে তেওঁ তেওঁৰ বিভিন্ন প্ৰতিবেদন প্ৰস্তুত কৰিবৰ বাবে বিভিন্ন সময়ত বাংলাদেশৰ বৰিশাললৈ গৈছে আৰু এই ছবিখন তাত তোলা হৈছে।

বিশ্বাস নিউজে টুইটাৰ ইউজাৰ সমাবৃত্তিৰ প্ৰ’ফাইল স্কেন কৰিছিল, যিয়ে মিছা দাবীৰে এই ভাইৰেল ফটোখন টুইট কৰিছিল। তেওঁৰ প্ৰ’ফাইলটো ২০১১ চনৰ ডিচেম্বৰত খোলা কৰা হৈছিল আৰু আমাৰ বাতৰি লিখাৰ পৰলৈকে তেওঁৰ ৬৬১৮ জন ফ’ল’ৱাৰ্ছ আছিল।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল ছবিখনৰ দাবী মিছা বুলি প্ৰমাণিত হৈছে। বাইকত অক্সিজেনৰ সহায় লৈ বহি থকা এগৰাকী মহিলাৰ এই ছবিখন ভাৰতৰ নহয়। যদিও ভাৰততো কৰোনা ভাইৰাছৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু দেশৰ বহু ঠাইত অক্সিজেনৰ অভাৱ হোৱাৰ খবৰ পোৱা গৈছে, আমাৰ অনুসন্ধানত প্ৰকাশ পাইছে যে ছবিখন বাংলাদেশৰ বাৰিশাল চহৰৰহে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later