বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল পোষ্টটো ভুৱা প্ৰমাণিত হয়| প্ৰয়াগৰাজৰ পূৰ্ব ভাজযুমো নেতা শ্যাম প্ৰকাশ দ্বিবেদীৰ ফটো কিছু লোকে হাথৰসৰ আৰোপীৰ পিতাক ৰূপে ভাইৰেল কৰি আছে|
নতুন দিল্লী (বিশ্বাস নিউজ)| উ.প্ৰ.ৰ হাথৰসত হোৱা দুৰ্ঘটনাৰ পাচত এজন ব্যক্তিৰ ফটো ভাইৰেল হৈ পৰিছে| এই ফটোখন ভাইৰেল কৰি দাবী কৰা গৈছে যে এই ফটোখন হথৰস কেচত বলাৎকাৰৰ আৰোপী সন্দীপ ঠাকুৰৰ পিতাকৰ ফটো| বিশ্বাস নিউজে ভাইৰেল পোষ্টটোৰ পৰীক্ষা কৰিলে| আমি গম পালো যে ভাইৰেল ফটোখনৰ ব্যক্তিজনৰ হথৰসৰ লগত কোনো সম্বন্ধ নাই| তেখেত প্ৰয়াগৰাজৰ পূৰ্ব ভাজয়ুমো নেতাৰ ফটো| ডা০ শ্যাম প্ৰকাশ দ্বিবেদী বৰ্তমান ৰেপৰ আৰোপত জেলত বন্ধ হৈ আছে|
ফেচবুক ইউজাৰ Prabhat Das Panika (সঞ্জু প্ৰভাত দাস পানীকা)ই 3 অক্তোবৰত এখন ফটো আপলোড কৰি দাবী কৰে ঃ ‘ মনিষা বাল্মিকীৰ ধৰ্ষণকাৰী চাৰিজনৰ এজনৰ পিতৃৰ সৈতে উত্তৰ প্ৰদেশৰ মূৰ্খ্যমন্ত্রী যোগী আদিত্যনাথ আৰু মোডীজীৰ তলত ফটোদুখনে বহুত কিবা কিবি কৈছে| ‘
ফেচবুক পোষ্টটো আৰ্কাইড ভাৰ্চন চালোঁ|
বিশ্বাস নিউজে পোনপ্ৰথমে ভাইৰেল ফটোৰ বেলেগে বেলেগে ৰিভাৰ্চ ইমেইজ টুলত আপলোড কৰি চাৰ্চ কৰে| কেইবাটাও লিংকৰে গম পোৱা গ’ল যে ফটোত দেখা ব্যক্তিজন প্ৰয়াগৰাজৰ ভাজপাৰ নেতা ডা০ শ্যাম প্ৰকাশ দ্বিবেদী হয়| চাৰ্চৰ সময়ত আমি ‘ ডা০ শ্যাম প্ৰকাশ দ্বিবেদী’ নামৰ ফেচবুক একাউন্টত 6 চেপ্তম্বৰত পোষ্ট কৰা ফটো পালোঁ| তাৰ ভিতৰত এই ফটোখনো আছিল যিখন এতিয়া হাথৰস কেছৰ আৰোপীৰ পিতাৰ বুলি কৈ ভাইৰেল কৰা হৈছে|
অনুসন্ধানৰ সময়ত ভাইৰেল ফটোখন কেইবাটাও নিউজ ৱেবচাইটত পালোঁ| নিউজট্ৰেক নামৰ এক ৱেবচাইটত তিনি অক্তোবৰত এটা খবৰত ভাইৰেল ফটোৰ ব্যৱহাৰ কৰি জনাইছিল যে প্ৰয়াগৰাজত এজনী ছাত্রীক গেগংৰেপ কৰাৰ আৰোপত ভাজপা নেতা শ্যাম প্ৰকাশ দ্বিবেদী ধৰা পৰিল| খবৰটোৰ মতে ,আৰোপী বহু দিনৰ পৰা পতালক হৈ আছে|
পৰীক্ষাৰ পিচৰ খেপত আমি প্ৰয়াগৰাজৰ বাতৰিকাকতৰ ইপেপাৰ ঘুকটিলোঁ| আমি দৈনিক জাগৰণৰ চাৰি অক্তোবৰৰ ইপেপাৰত এটা খবৰ পালোঁ| তাত জনাইছে যে পূৰ্ব ভাজপাৰ নেতা ডা০ শ্যাম প্ৰকাশ দ্বিবেদী সামুহিক দূঃকৰ্মৰ মামলাত ধৰাপেলাই জেললৈ পঠোৱা হ’ল| পূৰা খবৰ আপুনি তলত পঢ়িব পাৰিব|
অধিক জানিবলৈ বিশ্বাস নিউজে নিজা সহযোগী বাতৰিকাকত দৈনিক জাগৰণ ৰ প্ৰয়াগৰাজৰ সম্পাদক ৰাকেশ পাণ্ডেয়ৰ সতে ভাইৰেল ফটো ছেয়াৰ কৰিলে| তেখেতে জনালে যে ফটোত দেখা ব্যক্তিজন হাথৰসৰ কেছৰ আৰোপী সন্দীপ ঠাকুৰৰ পিতাক নহয় ,প্ৰয়াগৰাজৰ পূৰ্ব ভাজযুমো নেতা ডা০ শ্যাম প্ৰকাশ দ্বিবেদী হয়| বৰ্তমান তেওঁ জেলত আছে| ছোৱালীজনীৰ ফটোত কৰ্ণলগঞ্জ পুলিচে 15 চেপ্তেম্বৰত মুকৰ্দমা দৰ্জ কৰি লৈছিল| তিনি অক্তোবৰত শ্যাম পেৰকাশ দ্বিবেদীক গ্ৰেপ্তাৰ কৰা হৈছিল|
এই ফটোবোৰত বহুতো ইউজাৰে ভুৱা দাবীৰ সতে ছেয়াৰ কৰি আছে আৰু তাৰ মাজৰে এজন Prabhat Das Panika নামৰ ফেচবুক ইউজাৰ| এই ইউজাৰ জন গুৱাহাটীৰ নিবাসী আৰু তেওঁক 1, 063 জন লোকে ফ’লো কৰে|
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল পোষ্টটো ভুৱা প্ৰমাণিত হয়| প্ৰয়াগৰাজৰ পূৰ্ব ভাজযুমো নেতা শ্যাম প্ৰকাশ দ্বিবেদীৰ ফটো কিছু লোকে হাথৰসৰ আৰোপীৰ পিতাক ৰূপে ভাইৰেল কৰি আছে|
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ