X
X

Fact Check: অলপতে কলকাতাত অনুষ্ঠিত বামপন্থী কৰ্মকৰ্তাৰ ৰেলী বুলি ভুৱা প্ৰচাৰেৰে ভাইৰেল কৰা হৈছে মিছৰৰ ২০১১ চনৰ ছবি

উপসংহাৰ – এই ভাইৰেল পোষ্টটো বিভ্ৰান্তিকৰ। মিছৰৰ ২০১১ চনৰ এই ছবিখন ২০২১ চনৰপ ২৮ ফেব্ৰুৱাৰীৰ কলকাতাৰ এক ৰেলীৰ ছবি বুলি ভাইৰেল কৰি থকা হৈছে।

  • By: Pallavi Mishra
  • Published: Mar 13, 2021 at 01:25 PM
  • Updated: Mar 14, 2021 at 01:30 PM

নতুন দিল্লী (বিশ্বাস নিউজ) | ছ’চিয়েল মিডিয়াত এক বৃহৎ জনসমাগমৰ ছবি শেহতীয়াকৈ ব্যাপক ৰূপত ভাইৰেল হৈ পৰা দেখা গৈছে, এই ছবিখনৰ সৈতে দাবী কৰা হৈছে যে এয়া ২০২১ চনৰ ২৮ ফেব্ৰুৱাৰীত পশ্চিমবঙ্গৰ কলকাতাস্থিত ব্ৰিগেড গ্ৰাউণ্ডত অনুষ্ঠিত বামপন্থী কৰ্মকৰ্তাৰ এক বিশাল ৰেলীৰ দৃশ্য।

বিশ্বাস নিউজৰ তদন্তত এই ছবিখন ভুৱা বুলি প্ৰমাণিত হৈছে। উল্লেখ্য যে মিছৰত ২০১১ চনত হোৱা এক ধৰ্ণা কাৰ্যসূচীৰ ছবিকেই ২০২১ চনৰ ২৮ ফেব্ৰুৱাৰীত কলকাতাত অনুষ্ঠিত এক ৰেলীৰ ছবি বুলি ভাইৰেল কৰি থকা হৈছে।

কি এই ভাইৰেল পোষ্ট

এই পোষ্টটো Au Ro নামৰ এগৰাকী ফে’চবুক ইউজাৰে Ramachandra Guha নামৰ এখন ফে’চবুক পেজত শ্বেয়াৰ কৰি লিখিছে “This is Massive! Joint rally of INC, India & CPIM, WESTBENGAL at Brigade ground in the heart of Kolkata. More then 10 million people join in. According to opinion polls conducted by Telegraph, Wire, Scroll and Quint, Mamta Bannerjee won by an overwhelming majority already. In the words of Neruda, you can cut all flowers but you cannot stop spring.”

এই পোষ্ট টোৰ আৰ্কাইভ সংস্কৰণ ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

বামপন্থী-কংগ্ৰেছ-আইএছএফৰ মহাজোঁটে ২৮ ফেব্ৰুৱাৰী, ২০২১ তাৰিখে কলকাতাৰ প্ৰখ্যাত ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এক মেগা ৰেলীৰে ২০২১ চনৰ পশ্চিমবঙ্গ বিধানসভা নিৰ্বাচনৰ বাবে অভিযান আৰম্ভ কৰিছিল। বহু সংবাদ প্ৰতিষ্ঠানে এই মেগা ৰেলীৰ ওপৰত সংবাদ পৰিৱেশন কৰিছিল।

ভাইৰেল ফটোখনৰ এক তদন্ত কৰিবৰ বাবে আমি গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্ছ টুল ব্যৱহাৰ কৰি এই ফটোখনৰ উৎসৰ বিচাৰ-খোচাৰ কৰিলো। আমি এই ফটোখন democratherald.com নামৰ এটা ৱেবছাইটত লাভ কৰো। এই ফটোখনৰ লগত কেপশ্যন হিচাপে লিখা আছিল – “Egypt 2011: Ten years ago: Egyptian President Hosni Mubarak announced he would not run for a new term in September elections but rejected protesters’ demands he step down immediately and leave the country, after a dramatic day in which a quarter-million Egyptians staged their biggest protest to date calling on him to go.” অৰ্থাৎ এই ছবিখন মিছৰৰ আৰু ২০১১ চনৰে এক ঘটনাৰ ছবি এইখন।

আমি এই ছবিখন ১ ফেব্ৰুৱাৰী ২০১১ তাৰিখে দাখিল কৰা cryptome.org ৰ গেলেৰীতো লাভ কৰিছো। এই ছবিখনৰ সৈতে বিৱৰণ দিয়া হৈছে যে, “The crowd gathers in Tahrir, or Liberation, Square in Cairo, Egypt, Tuesday, Feb. 1, 2011. Tens of thousands of people flooded into the heart of Cairo Tuesday, filling the city’s main square as a call for a million protesters was answered by the largest demonstration in a week of unceasing demands for President Hosni Mubarak to leave after nearly 30 years in power. AP” ইয়াৰ অসমীয়া অনুবাদ এনেধৰণৰ, “মঙলবাৰ, ১ ফেব্ৰুৱাৰী, ২০১১ তাৰিখে মিছৰৰ কাহিৰাস্থিত তাহিৰ স্কায়াৰত সমবেত হৈছে হেজাৰ হেজাৰ জনতা। চহৰৰ মুখ্য চ’কটোত কেবা হেজাৰ লোকৰ সমাগম ঘটিছে। এপি।”

এই ভাইৰেল দাবী সন্দৰ্ভত আমি আমাৰ সতীৰ্থ দৈনিক জাগৰণৰ কলকাতা মুখ্য ব্যুৰ’ জে কে বাজপেয়ীৰ সৈতে যোগাযোগ কৰো। তেওঁ এই সন্দৰ্ভত কয়, “এই ছবি অলপতে অনুষ্ঠিত বামপন্থীসকলৰ ৰেলীৰ ছবি নহয়। আচলতে এই ছবি কলকাতাৰেই নহয়। ছবিত দেখা অট্টালিকাবোৰ কলকাতাৰ নহয়।”

বিশ্বাস নিউজে এই ভাইৰেল দাবী শ্বেয়াৰ কৰা উইজাৰ Au Ro ৰ প্ৰ’ফাইলটো স্কেন কৰে। আমি গম পালো যে এই ইউজাৰগৰাকী পণ্ডীচেৰীৰ।

নিষ্কৰ্ষঃ উপসংহাৰ – এই ভাইৰেল পোষ্টটো বিভ্ৰান্তিকৰ। মিছৰৰ ২০১১ চনৰ এই ছবিখন ২০২১ চনৰপ ২৮ ফেব্ৰুৱাৰীৰ কলকাতাৰ এক ৰেলীৰ ছবি বুলি ভাইৰেল কৰি থকা হৈছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later