Fact Check : গুৱাহাটী বিমানবন্দৰৰ নাম সলনি হোৱা নাই, ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ
বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম সলনি কৰি আদানি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰা বুলি ভাইৰেল হোৱা পোষ্টটো ভুৱা। দৰাচলতে, ভাইৰেল পোষ্টটোত থকা ছবিখন হৈছে বাতৰি কাকতত প্ৰকাশ পোৱা এখন নিবিদা আৰু ইয়াত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বিভিন্ন কামৰ বাবে আদানি গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপ’ৰ্ট লিমিটেডে নিবিদাহে আহ্বান কৰিছে।
- By: Rangman Das
- Published: Aug 22, 2021 at 09:42 PM
বিশ্বাস নিউজ (গুৱাহাটী)। শেহতীয়াকৈ এখন বাতৰি কাকতৰ ক্লিপিং ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। এই ক্লিপিং হৈছে Adani Guwahati International Airport Limited এ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (গুৱাহাটী বিমানবন্দৰ)ৰ বিভিন্ন Non-Aeronautical কামৰ বাবে ইচ্ছুক Party ৰ পৰা নিবিদা আহ্বান কৰাৰ জাননী। এই ক্লিপিংটোৰ সৈতে এতিয়া বিভিন্ন ছ’চিয়েল মিডিয়া ইউজাৰে এই গুৱাহাটী বিমানবন্দৰৰ নাম সলনি কৰি আদানিৰ নামত কৰা বুলি প্ৰচাৰ চলাইছে। পিছে বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত এই দাবী সম্পূৰ্ণ ভুৱা বুলি প্ৰমাণিত হৈছে। আমি জানিব পাৰিছিলো যে নিউজ ক্লিপৰ ফটোখন ভুৱা দাবীৰে ভাইৰেল কৰা হৈছে।
কি এই ভাইৰেল পোষ্ট?
ফেচবুক ব্যৱহাৰকাৰী Lalit Gogoi য়ে ১৮ আগষ্টত এখন ফটো আপলোড কৰি দাবী কৰিছে: : লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নামত আদানী গুৱাহাটী ইণ্টাৰনেচনেল এয়াৰপৰ্ট লিমিটেড নামৰ এক নতুন সংস্থা গঠন হল চাগে । তলৰ বিজ্ঞাপনটোৱে কয় । এনেকৈয়ে এদিন ভাৰতৰত্নৰ চিন-মোকাম নোহোৱা হৈ যাব !
ফে’চবুক পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।
অধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী ডা০ জয় প্ৰকাশ দাসে বিজ্ঞাপন ক্লিপিংৰ এই স্ক্ৰীণশ্বটটো “আদানি গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ স্বাগতম! বুলি লিখি শ্বেয়াৰ কৰিছে।
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম আদানি গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ সলনি কৰা হৈছে বুলি ভাবি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই পোষ্টসমূহ আৰু শ্বেয়াৰ কৰিছে।
অনুসন্ধান
বিশ্বাস নিউজ প্ৰথমেই গুগল ৰিভাৰ্চ ইমেজ টুলৰ জৰিয়তে ভাইৰেল ছবি বিচাৰিবলৈ আৰম্ভ কৰিছিল। আমি এই ছবিখন একাধিক ছ’চিয়েল মিডিয়া ইউজাৰে ব্যৱহাৰ কৰা দেখিবলৈ পাইছিলো। অধিকাংশ ইউজাৰেই ১৮ আগষ্টত এই ফটোখন পোষ্ট কৰা আমি দেখিবলৈ পাইছিলোঁ। ইয়াৰ পিছতেই আমি অসমৰ পৰা প্ৰকাশিত বিভিন্ন বাতৰি কাকত স্কেন কৰো। আমি ১৭ আগষ্টৰ এখাধিক বাতৰি কাকতত এই বিজ্ঞাপনটো দেখিবলৈ পাও।
ইয়াৰ পিছতে এই বিজ্ঞাপন আৰু ভাইৰেল হোৱা পোষ্ট সন্দৰ্ভত বিশ্বাস নিউজে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সঞ্চালক ৰাকেশ কুমাৰৰ সৈতে যোগাযোগ কৰে। ৰাকেশ কুমাৰে বিশ্বাস নিউজক জনায়, “বিমানবন্দৰৰ নাম কেতিয়াও সলনি হোৱা নাই আৰু তেনে কোনো পৰিকল্পনাও নাই। আদানি গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপ’ৰ্ট লিমিটেডে কেৱল এই বিমানবন্দৰৰ কিছু Non-Aeronautical Service ৰ বাবেহে এই নিবিদা আহ্বান কৰিছে। ভাইৰেল পোষ্ট ভুৱা।”
ইফালে এই ভুৱা বাতৰি সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে গুৱাহাটী বিমানবন্দৰৰ নাম কেতিয়াও সলনি হোৱা নাই আৰু তেওঁ মুখ্যমন্ত্ৰী হৈ থকালৈ এই বিমানবন্দৰৰ নাম কোনেও সলনি কৰিব নোৱাৰিব। এই সন্দৰ্ভত দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰ্তিবেদন তলত পঢ়িব পাৰিব।
উল্লেখ্য যে ২০১৮ চনত, কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা ব্যক্তিগত অংশীদাৰীত্ব (পিপিপি) আৰ্হিৰ অধীনত পৰিচালনা, ব্যৱস্থাপনা আৰু বিকাশৰ বাবে ছটা AAI বিমানবন্দৰ ক্ৰমে গুৱাহাটী, আহমেদাবাদ, জয়পুৰ, লক্ষ্ণৌ, থিৰুৱন্তপুৰম আৰু মেংগালুৰু লীজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে আদানি গ্ৰুপে এই আটাইকেইটা অৰ্থাৎ ছটা বিমানবন্দৰৰ বাবে সফল নিবিদাকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল।
অনুসন্ধানৰ অন্তিম পৰ্যায়ত বিশ্বাস নিউজে এই ভাইৰেল পোষ্ট শ্বেয়াৰ কৰা ফেচবুক একাউণ্ট Lalit Gogoi ক স্কেন কৰিছিল। ব্যক্তিজন এখন দৈনিক বাতৰি কাকতৰ সাংবাদিক হিচাপে কৰ্মৰত আৰু তেওঁ উত্তৰ লখিমপুৰৰ লোক আৰু গুৱাহাটীত বাস কৰে। বাতৰি লিখাৰ পৰলৈকে তেওঁৰ একাউণ্টত ১৭৭০ গৰাকী বন্ধু আছে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম সলনি কৰি আদানি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰা বুলি ভাইৰেল হোৱা পোষ্টটো ভুৱা। দৰাচলতে, ভাইৰেল পোষ্টটোত থকা ছবিখন হৈছে বাতৰি কাকতত প্ৰকাশ পোৱা এখন নিবিদা আৰু ইয়াত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বিভিন্ন কামৰ বাবে আদানি গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপ’ৰ্ট লিমিটেডে নিবিদাহে আহ্বান কৰিছে।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.