ফেক্ট চেকঃ জো বাঈডনৰ শপত গ্ৰহণ সমাৰোহত পূৰ্ব প্ৰধান মন্ত্রী মনমোহন সিং নাযায়, ভাইৰেল পোষ্ট মিছা|

বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবী মিছা প্ৰমানিত হ’ল| জো বাঈডনৰ শপত গ্ৰহণ সমাৰোহত দেশৰ পূৰ্ব প্ৰধানমন্ত্রী ড০ মনমোহন সিং নাযায়|

ফেক্ট চেকঃ জো বাঈডনৰ শপত গ্ৰহণ সমাৰোহত পূৰ্ব প্ৰধান মন্ত্রী মনমোহন সিং নাযায়, ভাইৰেল পোষ্ট মিছা|

নতুন দিল্লী (বিশ্বাস নিউজ)| আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ডেমোক্ৰেট প্ৰাৰ্থী জো বাঈডনৰ জয়লাভৰ পাচত চছিয়েল মিডিয়াত এটা দাবী তীব্ৰগতিত ভাইৰেল হৈ আছে| কিছু ভাৰতীয় ইউজাৰে দাবী কৰিছে যে ভাৰতৰ পূৰ্ব প্ৰধান মন্ত্রী ড০ মনমোহন সিং, জো বাঈডেনৰ ৰাষ্ট্ৰপতি শপত গ্ৰহণ সমাৰোহত মুখ্য অতিথি ৰূপে ভাগ ল’ব| বিশ্বাস নিউজে এই দাবী পৰীক্ষা কৰিলে| বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবী মিছা বুলি প্ৰমাণ হ’ল| ড০ সিঙৰ অফিচেও এই দাবী খণ্ডন কৰিছে|

কি হৈ আছে ভাইৰেল?

ফেচবুক পেজ NE Live 24 X7 এ 8 নবেম্বৰত পূৰ্ব প্ৰধানমন্ত্রী ড০ মনমোহন সিং আৰু জো বাঈডনৰ ফটো আপলোড কৰি লিখিছে : “Big_Breaking.
আমেৰিকাৰ ৰাট্ৰপতিৰ শপত গ্ৰহণ অনুস্থানত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্রী ড০ মনমোহন সিং|”

এই পোষ্টৰ আৰ্কাইণ্ড লিংক|

অনুসন্ধান

আমেৰিকাত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলত ডোনাল্ড ট্ৰাম্প এক তীব্ৰ প্ৰতিযোগিতাত ডেমোক্ৰেট প্ৰাৰ্থী জো বাঈডনক জয়ী ঘোষনা কৰে| ট্ৰম্পক হৰুৱাই হোৱাট হাউচত স্থান প্ৰাপ্ত কৰা বাঈডনে আমেৰিকাৰ ইতিহাসত এতিয়া লৈকে হোৱা আটাইতকৈ বয়োজ্যেষ্ঠ ৰাষ্ট্ৰপতি হ’ব| 77 বছৰীয়া পূৰ্বৰ উপৰাষ্ট্ৰপতি আমেৰিকাৰ 46 তম ৰাষ্ট্ৰপতি হ’ব|

বাঈডেনৰ জয়ৰ পাচত ভাৰতীয় ইউজাৰে এটা দাবী ভাইৰেল কৰি আছে, য’ত কোৱা গৈছে যে দেশৰ পূৰ্ব প্ৰধানমন্ত্রী মনমোহন সিং জো বাঈডেনৰ ৰাষ্ট্ৰপতি শপত গ্ৰহণ সমাৰোহত ভাগ ল’ব| এইটো এটা ডাঙৰ কথা সেইকাৰণে দাবীটোৰ অনুসন্ধানত আমি নিউজ চাৰ্চ কৰিলোঁ| আমি নিজৰ অনুসন্ধানত এনে কোনো বাতৰি নাপালোঁ য’ত দাবী কৰা হৈছে যে মনমোহন সিং জো বাঈডেনৰ ৰাষ্ট্ৰপতি ৰ শপত গ্ৰহণ সমাৰোহত অংশগ্ৰহণ কৰিব, কিন্তু আমি এনে বাতৰিৰ লিংক পালো য’ত এই দাবীক খণ্ডন কৰিছে|

অনুসন্ধান আগবঢ়াই আমি ড০ মনমোহন সিঙৰ অফিচৰ সৈতে যোগাযোগ কৰিলোঁ| সিঙৰ অফিচে এই দাবী খণ্ডন কৰি কয়, ” আমি কেইদিনমান আগৰ পৰা এই ভাইৰেল দাবীৰ বিষয়ে ফোন পাইছো| আমি জনাব বিচাৰিছো যে ভাইৰেল দাবী মিছা| ড০ সিংঙে এতিয়া লৈকে তেনে কোনো আমন্ত্রনী পোৱা নাই|”

দৈনিক জাগৰণৰ সহযোগী বাতৰিকাকত নয়ীদুনিয়াত প্ৰকাশিত এটা বাতৰিৰ অনুসাৰে, ” জো বাঈডেন অহা বছৰৰ 20 জানুৱাৰীত যেতিয়া 46 তম ৰাষ্ট্ৰপতি ৰূপে হোৱাই হাউচত দায়িত্ব গ্ৰহণ কৰিব| তেখেত 78 বছৰত এই পদৰ দায়িত্ব লোৱা দেশৰ আটাইতকৈ বয়োজ্যেষ্ঠ ৰাষ্ট্ৰপতি হ’ব| এতিয়ালৈকে তেখেত দুবাৰ আমেৰিকাৰ উপৰাষ্ট্ৰপতি হৈছিল| ভাৰতীয় মূলৰ কমলা হেৰিস দেশৰ আগন্তুক উপৰাষ্ট্ৰপতি হ’ব| তেখেত প্ৰথম অশ্বেত মহিলা, যি এই পদত নিৰ্বাচিত হৈছে| বাঈডেন এতিয়া ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে|”

এই দাবীক ভাইৰেল কৰোঁতা ফেচবুক পেজ NE Live 24X7 ক 84,890 লোকে ফলো কৰি আছে আৰু এই পেজ 20 অক্তোবৰ 2015 ত বনোৱা গৈছিল| অসমৰ সৈতে জড়িত বাতৰি বেছিকৈ কাভাৰ কৰে|

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবী মিছা প্ৰমানিত হ’ল| জো বাঈডনৰ শপত গ্ৰহণ সমাৰোহত দেশৰ পূৰ্ব প্ৰধানমন্ত্রী ড০ মনমোহন সিং নাযায়|

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস