Fact Check: প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱাতৰ পুৰণি ভিডিঅ’ক ভুল দাবীৰে ভাইৰেল কৰা হৈ আছে

বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে এই দাবী ভুৱা হয়। আচলতে এতিয়া ভাইৰেল হৈ থকা ভিডিঅ’টো 2021 চনৰে হয়, সেই সময়ত হৰিশ ৰাৱতে পিৰাণ কলিয়াৰলৈ গৈছিলে আৰু তাত ছাবিৰ পাক দৰগাহত মাজাৰত চাদৰ দিছিলে আৰু ৰাজ্যৰ সুখ-সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিছিলে। সেই ভিডিঅ’টোক হে শেহতীয় ঘটনাৰ ভিডিঅ’ বুলি কৈ শ্বেয়াৰ কৰা হৈ আছে। কিন্তু এই ভিডিঅ’ৰ লগত শেহতীয়া কোনো ঘটনাৰ কোনো সম্বন্ধ হে নাই।  

নতুন দিল্লি (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱাতৰ এটা ভিডিঅ’ দ্ৰুত গতিত ভাইৰেল হৈ আছে। তাত তেওঁক দৰগাহত দেখা পোৱা গৈ আছে। এতিয়া কেইজন মান ইউজাৰে এই ভিডিঅ’ক শেহতীয়া ঘটনাৰ ভিডিঅ’ বুলি কৈ শ্বেয়াৰ কৰি আছে আৰু এয়া দাবী কৰি আছে যে হৰিশ ৰাৱাত ইছলাম ধৰ্ম গ্ৰহণ কৰিছে আৰু শেহতীয়াকৈ তেওঁ দৰগাহলৈ গৈছিলে।

বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে এই দাবী ভুৱা হয়। আচলতে এতিয়া ভাইৰেল হৈ থকা ভিডিঅ’টো 2021 চনৰে হয়, সেই সময়ত হৰিশ ৰাৱতে পিৰাণ কলিয়াৰলৈ গৈছিলে আৰু তাত ছাবিৰ পাক দৰগাহত মাজাৰত চাদৰ দিছিলে আৰু ৰাজ্যৰ সুখ-সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিছিলে। সেই ভিডিঅ’টোক হে শেহতীয় ঘটনাৰ ভিডিঅ’ বুলি কৈ শ্বেয়াৰ কৰা হৈ আছে। কিন্তু এই ভিডিঅ’ৰ লগত শেহতীয়া কোনো ঘটনাৰ কোনো সম্বন্ধ হে নাই।  

ভাইৰেল পোষ্টত কি আছে?

ফেচবুক ইউজাৰ কমলেশ ৰায় 17 অক্ট’বৰ 2024-ত ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ”সকলো দেশবাসীৰ জ্ঞাতাৰ্থে জনোৱা হৈ আছে যে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা, তেওঁ উত্তৰাখণ্ড ৰাজ্যৰ মুখ্যমন্ত্ৰীও আছিলে, আজিৰপৰা হিন্দু ধৰ্ম এৰি ইছলাম ধৰ্মক গ্ৰহণ কৰিছে। আপোনালোকে হয়তো বিশ্বাস নকৰিব, সেয়ে আপোনালোকৰ সন্মুখতে প্ৰমাণ দাঙি ধৰা হ’ল, চাওঁক, এই ৰাজনৈতিক দলসমূহৰ নেতাসকলে ক্ষমতাৰ গাদীত বহাৰ কাৰণে তেজপিয়াই ৰঙ সলনি কৰাৰ দৰে ধৰ্ম সলনি কৰি আছে, আনহাতে কিছুমান মানুহে এই সকল নেতাৰ তোষামোদ কৰি আছে কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে। সকলে চাওঁক, হৰিশ ৰাৱাত ডাঙৰীয়াই ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। আল্লা হু আকবৰ, লাজতে মৰি যাব লাগ দেই, সকলো শেষ হৈ গ’ল।”

ভাইৰেল পোষ্টৰ আৰ্কাইভ লিংক ইয়াত চাব পৰা যাব।

তদন্ত

ভাইৰেল ভিডিঅ’ৰ প্ৰকৃত সত্য জানিবলৈ আমি এই সম্বন্ধীয় কী-ৱৰ্ড ব্যৱহাৰ কৰি গুগল-ত ছাৰ্চ কৰিছিলোঁ। তেতিয়া আমি এই ভিডিঅ’ সম্বন্ধীয় বাতৰি ইটিভি ভাৰত-ৰ ৱেবছাইট-ত দেখা পালোঁ। সেই বাতৰিটো 28 নৱেম্বৰ 2021-ত প্ৰকাশিত হৈছিল। তাত থকা তথ্য অনুসৰি, প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱাতে পিৰাণ কলিয়াৰলৈ গৈ ছাবিৰ পাক দৰগাহৰ মাজাৰত চাদৰ দিছিলে আৰু সুখ-সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিছিলে। 2022-ত বিধানসভা নিৰ্বাচনত জয় লাভ কৰাৰ বাবেও হৰিশ ৰাৱাতে প্ৰাৰ্থনা কৰিছিলে। 

ছাৰ্চ কৰি থাকোঁতে ভাইৰেল ভিডিঅ’ সম্বন্ধীয় বাতৰি আমি নিউজ18 উত্তৰাখণ্ডৰ অফিচিয়েল ফেচবুক পেজ-তো দেখা পাইছিলোঁ। তাত 28 নৱেম্বৰ 2021-ত শ্বেয়াৰ কৰা বাতৰিত কোৱা হৈছে, “প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱাত পিৰাণ কলিয়াৰৰ ছাবিৰ পাক দৰগাহৰ মাজাৰত চাদৰ দিছে আৰু সুখ-শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে। সেই সময়ত তেওঁ কৈছে যে, বিধানসভা নিৰ্বাচনত কংগ্ৰেছ বিপুল ভোটত জয়ী হ’ব।”

আমি দেখা পালোঁ যে, ভাইৰেল ভিডিঅ’ৰ সৈতে যুক্ত কিছুমান ছবি বিভিন্ন ফেচবুক ইউজাৰেও শ্বেয়াৰ কৰিছে। সেই ছবিবোৰ 28 নৱেম্বৰ 2021-ত শ্বেয়াৰ কৰা হৈছিল।

এই বিষয়ত অধিক জানিবলৈ আমি কংগ্ৰেছৰ নেতা ৰাজপাল বিষ্টৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ ভাইৰেল দাবীক ভুল বুলি কৈছে। তেওঁৰ মতে, এয়া পুৰণি ভিডিঅ’ হয়। 

সদৌ শেষত আমি সেই জন ইউজাৰৰ প্ৰ’ফাইল স্কেন কৰি চাইছোঁ, যিজনে ভিডিঅ’টো শ্বেয়াৰ কৰিছিলে। তেতিয়া আমি গম পালোঁ যে, ফেচবুক-ত এই জন ইউজাৰৰ 1 হেজাৰৰ অধিক ফ্ৰেণ্ডছ আছে। ইউজাৰ জনে নিজক জৌনপুৰৰ নিবাসী বুলি পৰিচয় দিছে।

উপসংহাৰ: বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পালে যে ভাইৰেল দাবী ভুৱা হয়। আচলতে, ভাইৰেল ভিডিঅ’টো 2021-ৰ হয়, সেই সময়ত হৰিশ ৰাৱাতে পিৰাণ কলিয়াৰলৈ গৈ তাত ছাবিৰ পাক দৰগাহৰ মাজাৰত চাদৰ দিছিলে আৰু সুখ-সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিছিলে। সেইটো ভিডিঅ’ক হে এতিয়া শেহতীয়া ঘটনাৰ ভিডিঅ’ বুলি কৈ মিছা দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। কিন্তু এই ভিডিঅ’ৰ লগত শেহতীয়া কোনো ঘটনাৰ সম্বন্ধই নাই।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস