ফেক্ট চেকঃ তেজপুৰৰ লেচুয়ে 2015 চনতেই প্ৰাপ্ত কৰিছিল জীআই টেগ, ভাইৰেল পোষ্ট ভ্ৰমিত|

তেজপুৰৰ লেচুৱে 2015 চনতেই জীআই টেগ পাইছিল, এইটো নতুন আপডেট নহয়| ভাইৰেল পোষ্ট ভ্ৰমিত|

ফেক্ট চেকঃ তেজপুৰৰ লেচুয়ে 2015 চনতেই প্ৰাপ্ত কৰিছিল জীআই টেগ, ভাইৰেল পোষ্ট ভ্ৰমিত|

নতুন দিল্লী (বিশ্বাস টীম)| চছিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ আছে, যিটোৰ জড়িয়তে দাবী কৰা হৈছে যে তেজপুৰৰ লেচুয়ে অলপতে জীয়োগ্ৰাফিকেল ইণিডিকেচন টেগ প্ৰাপ্ত কৰিছে| বিশ্বাস নিউজে অনুসন্ধান কৰি পালে যে ভাইৰেল পোষ্টত কৰা দাবী ভ্ৰমিত| তেজপুৰৰ লেচুৱে জী আই টেগ এতিয়া নহয় বৰং 2015 চনতেই পাইছিল|

কি আছে ভাইৰেল পোষ্টত?

ফেচবুকত চৈয়দ ইস্কন্দৰ মজিব নামৰ ইউজাৰে এই পোষ্টটো ছেয়াৰ কৰি লিখিছে: “অসমৰ তেজপুৰৰ বিখ্যাত ৰসাল লেচুৱে ভৌগলিক মান্যতা (জি আই টেগ) লাভ কৰিবলৈ সক্ষম হৈছে। জি আই টেগ লাভ কৰাৰ ফলত এইবিধ ৰসাল ফলে নিজা ঠাইৰ মান্যতা লাভ কৰাৰ লগতে অন্য ঠাইত উৎপাদনৰ ক্ষেত্ৰত ইয়াৰ সীমাবদ্ধতা থাকিব।এগ্ৰিকালচাৰেল এণ্ড প্ৰ’চিড ফুড প্ৰ’ডাক্টছ এক্সপোৰ্ট ডেভেলপমেণ্ট অথৰিটি(এপিইডিএ)য়ে টুইটাৰৰ মাধ্যমেৰে এই কথা প্ৰকাশ কৰে।
তেজপুৰৰ লেচু ইয়াৰ সোৱাদ আৰু আকাৰৰ বাবে অসমত বিখ্যাত। এই লেচুত ৬০ শতাংশ ৰস, ১৯ শতাংশ গুটি, ১৩ শতাংশ ছাল আৰু ৮ শতাংশ মঙহাল অংশ থাকে। ইয়াৰ উপৰিও এই লেচু হ’ল ভিটামিন-চি, প্ৰটিন আৰু বিভিন্ন প্ৰকাশৰ দেহৰ বাবে প্ৰয়োজনীয় উপকৰণৰ এক প্ৰধান উৎস। তেজপুৰৰ লেচুৰ উপৰিও অসমৰ আদা, ভোট জলকীয়া আদিয়েও জি আই টেগ লাভ কৰিবলৈ সক্ষম হৈছিল।”
পোষ্টৰ আৰ্কাইব্ড ভাৰচন ইয়াত দেখা পাব|

অনুসন্ধান

আমি গুগল চাৰ্চত কীৱৰ্ডৰ সহায়ত তেজপুৰৰ লেচুৰ জীআই টেগৰ বিষয়ে বিচাৰ খোচাৰ কৰিলো| আমি এগ্ৰীকালচাৰেল এণ্ড প্ৰোচেচ ফুড প্ৰোডাক্টচ এক্সপোৰ্ট ডেভেলাপমেন্ট অথোৰেটী (APEDA) ৰ 6 নবেম্বৰৰ সন্ধিয়া 4.13 বজাত এক টুইট পালোঁ|

এই টুইটত লিখা আছিল : অসমৰ তেজপুৰৰ লেচুয়ে জীয়োগ্ৰাফিকেল ইণ্ডিকেচন (G I) টেগ পালে, যাৰ দ্বাৰা এই সোৱাদ লগা বস্তু ৰাজ্যৰ উৎপাদৰ অভেদ্য প্ৰমাণ পালে| এই টুইটত ক’তোৱেই এই কথা উল্লেখ কৰা নাই যে তেজপুৰৰ লেচুৱে জীআই টেগ পালে|

জীয়োগ্ৰাফিকেল ইণ্ডিকেচন অৰ্থাৎ (G I) টেগ এই উৎপাদনত প্ৰয়োগ কৰা যায়,যাৰ বিশিষ্ট ভৌগলিক উৎপত্তি হয় বা সেই মূলৰ কাৰণে প্ৰতিষ্ঠা হয়|

আমি ইন্টেলেকচুৱেল প্ৰোপাৰ্টীজ ইণ্ডিয়াৰ অধিকাৰিক ৱেবচাইটত জীয়োগ্ৰাফিকেল ইণ্ডিকেচন ৰেজিষ্টীৰ চেকচনত চেক কৰাত পালো যে তেজপুৰৰ লেচু বাবে 2013 ত আবেদন কৰা গৈছিল আৰু ই চাৰ্টিফিকেট পাইছিল|

আমি অফিচ অব দা কন্ট্ৰোল অব পেটেন্টচ, ডিজাইনচ এণ্ড ট্ৰেডমাৰ্ক, মিনিষ্ট্ৰী অব কমাৰ্চ এণ্ড ইনডাস্ট্ৰী, গভৰ্মেন্ট অব ইণ্ডিয়াৰ অধিকাৰিক ৱেবচাইটত পিডিএফ ডকুমেন্ট পালো, য’ত তেজপুৰৰ লেচুক অপ্ৰিল 2014 ৰ মাৰ্চ 2015 ৰ লিষ্ট কৰা গৈছে|

বিশ্বাস নিউজে অসমৰ এগ্ৰকালচাৰেল ইউনিভাৰচিটিত অক্স্টেন চন এজুকেচন ৰ নিৰ্দেশক ড০ প্ৰসন্ন কুমাৰ পাঠকৰ সতে সম্পৰ্ক কৰিলোঁ| তেখেতেও জনালে যে তেজপুৰৰ লেচুৱে জীআই টেগ 2015 চনতে পাইছিল|

আমি অসম এগ্ৰীকালচাৰেল ইউনিভাৰচিটিৰ পোষ্ট গ্ৰেজুৱেট স্টাডিজৰ নিৰ্দেশক ড০ অজিত বৈশ্যৰ সতেও ই মেইলৰ জড়িয়তে যোগাযোগ কৰিলোঁ| তেংখেতেও ক’লে যে এইটো অসমৰ বাবে গৌৰৱৰ কথা যে তেজপুৰৰ লেচুৱে 2015 চনতেই জীআই টেগ পাইছিল|

ফেচবুকত এই পোষ্ট চৈয়দ ইস্কন্দৰ মজিব নানৰ ইউজাৰে জনাইছিল| এই প্ৰোফাইলৰ এন্ট্ৰিৰ অনুসাৰে এই ইউজাৰক বৰ্তমান 1,371 লোকে ফলো কৰি আছে আৰু তেওঁ গুৱাহাটীৰ বাসিন্দা|

নিষ্কৰ্ষঃ তেজপুৰৰ লেচুৱে 2015 চনতেই জীআই টেগ পাইছিল, এইটো নতুন আপডেট নহয়| ভাইৰেল পোষ্ট ভ্ৰমিত|

Misleading
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস