Fact Check: পঞ্জাৱ বিধানসভা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ঘোষণা বুলি ভুৱা প্ৰচাৰ
বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা নিৰ্বাচন সংক্ৰান্তীয় এই পোষ্টটো ভুৱা। ২০২২ চনত পঞ্জাৱ আৰু অন্যান্য ৰাজ্যৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত ভাৰতৰ নিৰ্বাচন আয়োগে কোনো ঘোষণা কৰা নাই। পিডিএফ ভাইৰেল হোৱাৰ স্ক্ৰীণশ্বটটো পঞ্জাৱ আৰু অন্যান্য ৰাজ্যচৰকাৰৰ কাৰ্যকালৰ অন্তিম তাৰিখৰহে।
- By: Jyoti Kumari
- Published: Oct 25, 2021 at 10:59 AM
বিশ্বাস নিউজ (নতুন দিল্লী)। বিধানসভা নিৰ্বাচনৰ ঘোষণা বুলি উল্লেখ কৰা এটা পোষ্ট শেহতীয়াকৈা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভাইৰেল পোষ্টটোৰ সৈতে পিডিএফৰ এটা স্ক্ৰীণশ্বট আছে। পোষ্টটোত দাবী কৰা হৈছে যে আগন্তুক ২০২২ চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। আৰু এই দাবী অনুসৰি, পঞ্জাৱত ২৭ মাৰ্চ, ২০২২ তাৰিখে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। পোষ্টটোত ১৫ মাৰ্চ, মণিপুৰ, ১৯ মাৰ্চ, উত্তৰাখণ্ড, ২৩ মাৰ্চ আৰু উত্তৰ প্ৰদেশত ১৪ মে, ২০২২ তাৰিখে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ তাৰিখো উল্লেখ কৰা হৈছে।
বিশ্বাস নিউজে ভাইৰেল দাবীটোৰ তদন্ত কৰিছিল আৰু ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণ কৰছে। তদন্তত, আমি জানিব পাৰিছিলো যে নিৰ্বাচন আয়োগে এতিয়ালৈকে ২০২২ চনৰ বাবে পঞ্জাৱ বিধানসভা নিৰ্বাচন সন্দৰ্ভত কোনো ঘোষণা কৰা নাই। উল্লেখ্য যে ২৭ মাৰ্চ, ২০২২ তাৰিখটো নিৰ্বাচনৰ তাৰিখ নহয়, বৰঞ্চ পঞ্জাৱ চৰকাৰৰ কাৰ্যকালৰ অন্তিম তাৰিখহে।
কি এই ভাইৰেল পোষ্ট?
ফ”চবুক পেজ “Punjab News Agency” য়ে ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰি এইবুলি লিখিছে, “মুখ্য নিৰ্বাচন আয়োগে পঞ্জাৱকে ধৰি পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। অহা বছৰ গোৱাত ১৫ মাৰ্চত, মণিপুৰত ১৯ মাৰ্চত আৰু উত্তৰাখণ্ডত ২৩ মাৰ্চত এই নিৰ্বাচন অনুষ্ঠিত হ’ব। ইফালে পঞ্জাৱত ২৭ মাৰ্চ আৰু ১৪ মে, ২০২২ তাৰিখে উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।
পোষ্টটোৰ সৈতে এটা পিডিএফো শ্বেয়াৰ কৰা হৈছে। আপুনি পোষ্টটো আৰু ইয়াৰ আৰ্কাইভ লিংক ইয়াত চাব পাৰিব।
অনুসন্ধান
তদন্তটো প্ৰথমে বিশ্বাস নিউজৰ দ্বাৰা এটা বাতৰি অনুসন্ধানৰ সৈতে আৰম্ভ কৰা হৈছিল। যেতিয়া আমি প্ৰাসঙ্গিক কীৱৰ্ডৰ যোগেদি অনুসন্ধান কৰিছিলো, আমি জগবানীৰ ফেচবুক পৃষ্ঠাত এটা বাতৰি পাইছিলো, ভাইৰেল পিডিএফটোও বাতৰিটোত দেখা গৈছে। প্ৰতিবেদন অনুসৰি, নিৰ্বাচন আয়োগে পঞ্জাৱ বিধানসভা নিৰ্বাচন সন্দৰ্ভত এটা ঘোষণা কৰিছে। নিৰ্বাচন আয়োগে চৰকাৰক যোৱা তিনি বছৰ ধৰি একেখন জিলাত নিয়োজিত যিকোনো বিষয়া বা কৰ্মচাৰীক তাৎক্ষণিকভাৱে স্থানান্তৰ কৰিবলৈ আহ্বান জনাই এখন জাননী জাৰি কৰিছে। ই লগতে জনায় যে পঞ্জাৱ চৰকাৰৰ কাৰ্যকাল ২০২২ চনৰ ২৭ মাৰ্চত সম্পূৰ্ণ হ’ব। সম্পূৰ্ণ বাতৰিটো ইয়াত চাওক।
উল্লেখ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনৰ বিষয়ে আমি কোনো খবৰ পোৱা নাছিলো, যদি বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হ’লহেঁতেন, আমি এই সন্দৰ্ভত বাতৰি পৰিবেশন হোৱা দেখিলোহেতেন। কিন্তু আমি এইধৰণৰ বাতৰি ক’তো নাপালোঁ।
তদন্তটো আগুৱাই লৈ আমি পোনপটীয়াকৈ ভাৰতৰ নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইটলৈ গৈছিলো। ইয়াত আমি বিধানসভা নিৰ্বাচনৰ তথ্য অনুসন্ধান কৰিছিলো, কিন্তু আমি পঞ্জাৱকে ধৰি বিভিন্ন ৰাজ্যত নিৰ্বাচনৰ তাৰিখৰ বিষয়ে কোনো তথ্য পোৱা নাছিলো।
অনুসন্ধান অব্যাহত ৰাখি, আমি ভাইৰেল পোষ্টত শ্বেয়াৰ কৰা পিডিএফটো পুনৰ তন্নতন্নকৈ পৰীক্ষা কৰিলোঁ। আমি দেখিছিলো যে ভাইৰেল পিডিএফটোত পঞ্জাৱ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱা চৰকাৰৰ কাৰ্যকালৰ অন্তিম তাৰিখ আছে। আমি ভাৰতৰ নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইটতো ভাইৰেল পিডিএফটো পাইছিলো। একেটা পিডিএফৰ এটা পৃষ্ঠাৰ স্ক্ৰীণশ্বট সামাজিক মাধ্যমত ভাইৰেল হৈ আছে।
অধিক তথ্যৰ বাবে, আমি নিৰ্বাচন আয়োগৰ যুটীয়া সঞ্চালক অনুজ চান্দকৰ সৈতে কথা পাতিছিলো। তেওঁ আমাক কৈছিল যে ভাইৰেল পোষ্টটো সম্পূৰ্ণৰূপে ভুৱা আৰু নিৰ্বাচন আয়োগে তেনে কোনো ঘোষণা কৰা নাই। ভাইৰেল হৈ থকা পিডিএফৰ স্ক্ৰীণশ্বটটো হৈছে বিষয়াসকলক স্থানান্তৰ/নিযুক্তি দিয়াৰ এক সাধাৰণ আদেশ। যদি নিৰ্বাচন আয়োগে এনে ধৰণৰ কোনো ঘোষণা কৰিলেহেঁতেন, তেন্তে এইটো সংবাদ মাধ্যমত থাকিলহেঁতেন আৰু নিৰ্বাচন আয়োগে এখন প্ৰেছ বিজ্ঞপ্তিও জাৰি কৰিলেহেঁতেন। বাতৰিটো সম্পূৰ্ণ ভুল।
এতিয়া ফেচবুকত এই ভুৱা পোষ্টটো শ্বেয়াৰ কৰা ফেচবুক পেজ Punjab News Agency ৰ ছ’চিয়েল স্কেনিং কৰোতে আমি লাভ কৰা তথ্য অনুসৰি পেজটোত ১৮৫০ জন অনুসৰণকাৰী আছে আৰু ২ ছেপ্টেম্বৰ, ২০১৮ তাৰিখে সৃষ্টি কৰা হৈছিল।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা নিৰ্বাচন সংক্ৰান্তীয় এই পোষ্টটো ভুৱা। ২০২২ চনত পঞ্জাৱ আৰু অন্যান্য ৰাজ্যৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত ভাৰতৰ নিৰ্বাচন আয়োগে কোনো ঘোষণা কৰা নাই। পিডিএফ ভাইৰেল হোৱাৰ স্ক্ৰীণশ্বটটো পঞ্জাৱ আৰু অন্যান্য ৰাজ্যচৰকাৰৰ কাৰ্যকালৰ অন্তিম তাৰিখৰহে।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.