ফেক্ট চেক: কাশ্মীৰত বিদ্যুত কেতিয়াও বিনামূলীয়া নাছিল, ভাইৰাল হোৱা দাবিসমূহ ভুল

কাশ্মীৰত স্বাধীনতাৰ সময়ৰ পৰায়ে বিদ্যুত বিনামূলীয়া বুলি ভাইৰাল হোৱা দাবিটো ভুৱা। কাশ্মীৰত বিদ্যুত কেতিয়াও বিনামূলীয়া নাছিল।

বিশ্বাস নিউজ (নিউ দিল্লি) : বিশ্বাস নিউজ, টুইটাৰত এনে এখন পোষ্টৰ সন্মুখীন হৈছে য’ত কোৱা হৈছে যে কাশ্মীৰত, স্বাধীনতাৰ সময়ৰ পৰায়ে বিদ্যুত বিনামূলীয়া আছিল কিন্তু এতিয়া আৰু নাই। বিস্বাস নিউজে ইয়াৰ তদন্তত গম পালে যে এয়া ভূৱা তথ্য আৰু কাশ্মীৰত কেতিয়াও বিদ্যুত বিনামূলীয়া নাছিল।

দাবি: 

বিশ্বাস নিউজ টুইটাৰত বিস্তৃতভাবে শ্বেয়াৰ হোৱা এখন পোষ্টৰ কথা গম পালে।

টুইটাৰ ব্যৱহাৰকাৰী ইন্দু মাক্কল কাচ্ছি(অফিচিয়েল)টুইটাৰত জুনৰ 24 তাৰিখে শ্বেয়াৰ কৰিছে আৰু লিখিছে: আপুনি জানিছিলে নে যে কাশ্মীৰত স্বাধীনতাৰ দিনৰ পৰায়ে বিদ্যুত বিনামূলীয়া আছিল, কিন্তু এতিয়া আৰু নাই…!!

পোষ্টটো আৰু ইয়াৰ আৰ্কাইভ সংষ্কৰণটো ইয়াতে চাওক

আন টুইটাৰ ব্যৱহাৰকাৰীয়েও একে দাবি শ্বেয়াৰ কৰিছে।

তদন্ত:

আমি গুগলত সহজ কি ৱাৰ্ডৰ মাধ্যমে দাবিটোৰ তদন্ত আৰম্ভ কৰিলো।

আমি কাশ্মীৰৰ বিদ্যুত কৰ্তনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ লগত জড়িত বহুত পোষ্ট পালো।

আমি এনে এটা ৰিপোৰ্টও পালো, য’ত পাৱাৰ কনট্ৰেকটৰসকলে তেঁওলোকৰ ধন পৰিশোধ নহোৱাৰ বাবে আত্মহত্যাৰ ভাবুকি দিছিল।

আমি 2019ৰ এখন ৰিপোৰ্ট পালো য’ত কোৱা হৈছে যে, কাশ্মীৰে অতিপাত শক্তি নাটনিৰ মাজেদি দিন পাৰ কৰি আছে।

আমি জম্মু এণ্ড কাশ্মীৰ ষ্টেট পাৱাৰ ডেভেলপমেণ্ট কৰ্প’ৰেশ্বনৰ (JKSPDC) ওৱেবচাইটও পালো। ইয়াৰ পুৰণি ওৱেবচাইট মতে।

জম্মু আৰু কাশ্মীৰৰ, বিদ্যুত উন্নয়নৰ এখন দীৰ্ঘ আৰু বিশিষ্ট ইতিহাস আছে।9MW মোহৰা হাইড্ৰ’-ইলেকট্ৰিক প্লাণ্ট, উপমহাদেশত তাৰ নিচিনা প্ৰথম নিদৰ্শন, আৰু এয়া 1905 চনৰ প্ৰথম ভাগত প্ৰস্তুত কৰা হৈছিল

আমি জম্মু আৰু কাশ্মীৰৰ বিদ্যুত সৰবৰাহ ব্যৱস্থাক লৈ যদি অলপতে কৰা কিবা ব্যাখ্যা আছে সেয়া বিছাৰি আছিলো। আমি গোৱা ক্ৰনিকেলত অলপতে প্ৰকাশ হোৱা এখন ৰিপোৰ্ট পালো যাৰ শীৰ্ষক হ’ল: বিদ্যুত পাবলৈ হলে অধিক ধন আদায় দিয়ক, এতিয়াৰ পৰা আৰু বিনামূলীয়া বিদ্যুত নাপায়: জে এণ্ড কে এলজি মনোজ চিন্হায় মানুহক কলে

আমি জম্মু আৰু কাশ্মীৰ চৰকাৰ ৰ ওৱেবচাইটত পোষ্ট কৰা গৃহ সৰবৰাহৰ বাবে এখন অনুমোদিত টাৰিফ পাইছো।

তদন্তৰ শেষ ধাপত, আমি কাশ্মীৰৰ দৈনিক জাগৰণৰ বিউৰ’ প্ৰধান নবীন নাৱাজক লগ কৰিলো। তেঁও আমাক জঁনালে যে কাশ্মীৰত বিদ্যুত কেতিয়াও বিনামূলীয়া নাছিল।তেঁও আমাক এয়াও জঁনালে যে আগতে জম্মু এণ্ড কাশ্মীৰ ষ্টেট পাৱাৰ ডেভেলপমেণ্ট কৰ্প’ৰেশ্বনৰ মাধ্যমে বিদ্যুত সৰবৰাহ কৰা হৈছিল(JKSPDC) যদিও পিছলৈ এয়া জম্মু পাৱাৰ ডিচট্ৰিবিউশ্বন কৰ্প’ৰেশ্বন লিমিটেড(JPDCL) আৰু কাশ্মীৰ পাৱাৰ ডিচট্ৰিবিউশ্বন কৰ্প’ৰেশ্বন লিমিটেড (KPDCL), এই দুটাত বিভক্ত হৈ যায়। কাশ্মীৰত বিদ্যুত কেতিয়াও বিনামূলীয়া নাছিল।

তদন্তৰ শেষ ধাপত আমি দাবিখন টুইট কৰা ব্যৱহাৰকাৰীৰ সামাজিক বেকগ্ৰাউণ্ড চেক কৰিলো। ইন্দু মাক্কল কাচ্ছি (অফিচিয়েল) 2019 ৰ আগষ্ট মাহত টুইটাৰত যোগ দিছিল, আৰু তেঁওৰ 47.8K অনুসৰণকাৰী আছে।

নিষ্কৰ্ষঃ কাশ্মীৰত স্বাধীনতাৰ সময়ৰ পৰায়ে বিদ্যুত বিনামূলীয়া বুলি ভাইৰাল হোৱা দাবিটো ভুৱা। কাশ্মীৰত বিদ্যুত কেতিয়াও বিনামূলীয়া নাছিল।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস