বিশ্বাস নিউজৰ অনুসন্ধানত গম পোৱা গৈছে যে দৰভংগাত 1 জুলাইত জ্যোতি নামেৰে এক ছোৱালীৰ মৃত্যু হৈছিল কিন্তু এই মৃতক ছোৱালী সেই জ্যোতি নাছিল, যি চাইকেল চলাই নিজৰ আঘাতপ্ৰাপ্ত পিতাকক গুৰুগ্ৰামৰ পৰা দৰভংগালৈ আনিছিল।
নতূন দিল্লী (বিশ্বাস টিম)। চছিয়েল মেডিয়াত ভায়ৰেল এক পোস্টত দাবী কৰে যে জ্যোতি, যি নিজৰ আঘাত প্ৰাপ্ত পিতাকক চাইকেলত বহুৱাই 1200 কি.মি. কৈ বেছি দূৰত্ব নিৰ্ধাৰিত কৰিছিল, গাঁওত তেওঁক বলাৎকাৰ কৰে আৰু ডিঙি চেপি হত্যা কৰে। বিশ্বাস নিউজক এই দাবী সকলোতকৈ প্ৰথমে টুইটাৰত দেখা পায়। যেতিযা আমি অনুসন্ধান কৰো তেতিয়া আমি ফেচবুকতো এইটো ভায়ৰেল হোৱা দাবী পাওঁ। বিশ্বাস নিউজৰ অনুসন্ধাৰ পৰা গম পোৱা যায় যে দৰভংগাত 1 জুলাইত এক জ্যোতি নামৰ ছোৱালীৰ মৃত্যু হয় কিন্তু এই মৃতক ছোৱালী সেই জ্যোতি নাছিল, যি চাইকেল চলাই তেওঁৰ আঘাতপ্ৰাপ্ত পিতাকক গুৰুগ্ৰামৰ পৰা দৰভংগালৈ আনিছিল।
চছিয়েল মেডিয়াত ভায়ৰেলৰ এক পোস্টত দাবী কৰে যে নিজৰ আঘাতপ্ৰাপ্ত পিতাকক চাইকেলৰ পিছত বহুৱাই 1500 কি.মি. অধিক দূৰত্ব নিৰ্ধাৰিত কৰি নিজৰ গাওঁলৈ অনা ছোৱালী জ্যোতি পাচৱানৰ বলাৎকাৰ কৰি তেওঁৰ হত্যা কৰা গৈছে। ভায়ৰেল পোস্টত এক মৃত ছোৱালীৰ ফটো আৰু চাইকেল গাৰ্ল জ্যোতি পাচৱানৰ কোলাজ হয়।
পোস্টৰ লগত ডেস্ক্ৰিপচনত লিখা আছে “জ্যোতি নামৰ ছোৱালীজনী, আপোনালোকৰ মনত আছেনে? যিয়ে LOCKDOWN ৰ সময়ত নিজৰ দেউতাকক 1500 কিলোমিটাৰ ৰাস্তা চাইকেল চলাই চাইকেলত লৈ আহিছিলে …সেই ছোৱালীজনীক বদমাচে বলতকাৰ কৰি হত্যা কৰিল। প্ৰশাসনৰ ওচৰত দাবী কৰিম যাতে দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাওঁক। জ্যোতিৰ আত্মাৰ সদগতি কামনা কৰিলো।”
পোস্টৰ আৰ্কাইভ লিংক ইয়াত চাব পাৰে।
এই পোস্টৰ অনুসন্ধান কৰিবৰ বাবে আমি কী ৱৰ্ডচৰ সহায়েৰে বিহাৰত কিছু পূৰ্বে হোৱা বলাৎকাৰৰ ঘটনাৰ অনুসন্ধান কৰো। আমি দৰভংগা জিলাৰ এক কিশোৰীৰ মৃত্যুৰ খবৰ পাওঁ। টাইমচ অফ ইন্ডিয়াত ছপা হোৱা খবৰৰ অনুসাৰে, অশোক পেপাৰ মিল পুলিচ স্টেচনৰ অন্তৰ্গত পটৌৰ গাঁওত এক 14 বছৰীয়া ছোৱালীৰ লগত কথিত ৰুপৰে আম চোৰ কৰাৰ কাৰণে বলাৎকাৰ কৰা গৈছে আৰু তেওঁৰ হত্যা কৰা গৈছে। খবৰত কতো লিখা নাছিল যে ছোৱালীজনী চাইকেল গাৰ্ল জ্যোতি আছিল।
livehindustan.com ৰ খবৰৰ মতে, পটৌৰ অপি অণ্চলত বুধবাৰত অচিনাকী অৱস্হাত মৃত পোৱা 13 বছৰীয়া কিশোৰীৰ মৃত্যুৰ কেচত পৰিজনে আম বিচাৰিব যোৱা কিশোৰীৰ ৰেপ কৰি হত্যা কৰাৰ এফআৰআই কৰাইছে। এই খবৰতো কতো লিখা নাই যে এই ছোৱালী চাইকেল গাৰ্ল জ্যোতি আছিল।
আপোনাক জনাওঁ যে চাইকেল গাৰ্ল জ্যোতিৰ পিতা মোহন পাচৱান হয়।
আমি এক টুইটত এটা ভিডিও ও পাইছো, যত মৃত ছোৱালীৰ পিতা নিজৰ পুত্ৰীৰ মৃত্যুৰ বাবে ন্যায় বিচাৰিছে। ভিডিওত থকা ব্যক্তি আৰু চাইকেল গাৰ্ল জ্যোতিৰ পিতাকৰ নাক-নক্সাতো বহুত অন্তৰ আছে, যাক তলত স্পষ্টকৈ দেখা পাব পাৰে।
এই বিষয়ে বেছি প্ৰমাণিকতাৰ বাবে আমি দৈনিক জাগৰণৰ দৰভংগা ৰিপৰটাৰ বিভাষৰ লগত কথা পাতো। দৰভংগাৰ এচএচপি বাবু ৰামে তেওঁৰ লগত কথা পাতি কয় যে, চছিয়েল মেডিয়া কিছুমান লোকৰ দ্বাৰা দুষ্প্ৰচাৰিত চাইকেল গাৰ্ল জ্যোতিৰ হত্যাৰ খবৰ একেবাৰে ভুল হয়। তেওঁ পূৰ্ণ সুষ্হ আৰু সূৰক্ষিত হয়।
5 দিন পূৰ্বে এই নামৰ এক অন্য ছোৱালীৰ হত্যা পটৌৰত হৈছিল যাৰ সম্পৰ্কত কেচ ৰুজু কৰি এক অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। বাকীৰ গ্ৰেপ্তাৰ এক দুই দিনৰ ভিতৰত হৈ যাব। নিৰন্তৰে তদন্ত কৰি থকা হৈছে। পোস্টমাৰ্টম ৰিপৰটত বিজুলীৰ কাৰেন্টক মৃত্যুৰ কাৰণ বুলি কোৱা গৈছে। বলাৎকাৰৰ দোষ লগোৱাৰ প্ৰমাণ পোৱা নাই। কিছুমান স্বাৰ্থপৰ তত্বৰ দ্বাৰা উৰা বাতৰি উৰুৱাই সামাজিক সদভাৱ বিনষ্ট কৰাৰ চেষ্টা কৰা গৈছে।
এনে উৰা বাতৰিৰ পৰা বাচক, তথা আনকো সজাগ কৰক। মিছা খবৰ প্ৰচাৰ কৰি সামাজিক সদভাৱ বিনষ্ট কৰা তথা এক নাবালিক শিশুৰ নামৰ অসৎ ব্যৱহাকৰ কৰাৰ সম্বন্ধত শিশুৰ পিতাকৰ দ্বাৰা কমতল থানাত FIR দিয়া গৈছে। অতি শীঘ্ৰে এই সম্বন্ধত আইনি ব্যৱস্হা কৰা যাব। লগতে মেনস্ট্ৰিম মেডিয়াত ছপা হোৱা খবৰৰ ওপৰত সত্যতা প্ৰমাণ হোৱাৰ পিছতহে বিশ্বাস কৰক।
এই পোস্টত ফেচবুকত Mun Das নামেৰে এক ইউজাৰে শ্বেয়াৰ কৰিছে। এই ইউজাৰ গুৱাহাটীত থাকে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত গম পোৱা গৈছে যে দৰভংগাত 1 জুলাইত জ্যোতি নামেৰে এক ছোৱালীৰ মৃত্যু হৈছিল কিন্তু এই মৃতক ছোৱালী সেই জ্যোতি নাছিল, যি চাইকেল চলাই নিজৰ আঘাতপ্ৰাপ্ত পিতাকক গুৰুগ্ৰামৰ পৰা দৰভংগালৈ আনিছিল।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ