বিশ্বাস নিউজে অনুসন্ধান কৰিছিল আৰু ভাইৰেল পোষ্টটো ভুৱা পাইছিল। দন্ত চিকিৎসকসকলেও দাবীটো ভুৱা বুলি প্ৰমাণ কৰিছে। তদুপৰি, ৰোগীৰ আৰোগ্যৰ ওপৰত আনাৰসৰ ৰসে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি কোনো প্ৰমাণ নাই।
নতুন দিল্লী (বিশ্বাস নিউজ): ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা পোষ্টত দাবী কৰা হৈছে যে দাঁতৰ (জামি দাঁতৰ অস্ত্ৰোপচাৰ) অস্ত্ৰোপচাৰৰ আগতে আনাৰসৰ ৰস খোৱাটো প্ৰদাহ হ্ৰাস কৰাৰ এক কাৰ্যকৰী উপায় আৰু ইয়াৰ ফলত বিষ নাইকিয়া হ’ব। এই দাবী বিশ্বাস নিউজে অনুসন্ধান কৰিছিল আৰু ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে। দন্ত চিকিৎসক সকলেও দাবীটো ভুৱা বুলি প্ৰমাণ কৰিছে। ৰোগীৰ আৰোগ্যৰ ক্ষেত্ৰত আনাৰসৰ ৰসে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় বুলিও কোনো প্ৰমাণ নাই।
ভাইৰেল পোষ্টটোত কি আছে?
টুইটাৰত শ্বেয়াৰ কৰা এটা পোষ্টত এইদৰে কোৱা হৈছে: “মই আচৰিত অনুভৱ কৰিছো। জামি দাঁত আঁতৰাবলৈ মই এটাও বিষৰ বড়ি খাবলগীয়া হোৱা নাছিল! মাত্ৰ আনাৰসৰ ৰস খাইছিলো। মই এই কাম কৰিবলৈ সকলো লোককে পৰামৰ্শ দিম। “
পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।
অনুসন্ধান
বিশ্বাস নিউজে গুগলত প্ৰয়োজনীয় কী-ৱৰ্ড ব্যৱহাৰ কৰি ইয়াৰ অনুসন্ধান আৰম্ভ কৰিছিল। আমি ব্ৰোমেলেন সম্বন্ধীয় এটা প্ৰতিবেদন পাইছিলো। ব্ৰোমেলেনিছ হৈছে আনাৰসৰ ৰস আৰু আনাৰসৰ কাণ্ডত পোৱা এনজাইমৰ এটা গোট। ইউএছ নেচনেল চেণ্টাৰ ফৰ কমপ্লিমেণ্টৰী এণ্ড ইণ্টিগ্ৰেটিভ হেল্থ (NCKIH)ৰ মতে, “জামি দাঁতৰ অস্ত্ৰোপচাৰৰ পিছত ব্ৰোমেলিন বিষ তথা প্ৰদাহৰ বাবে সহায়ক হয় নে নহয় সেয়া এক পৰস্পৰ বিৰোধী গৱেষণাৰ ফলাফল।”
বিশ্বাস নিউজে মুম্বাইৰ প্ৰষ্টোডণ্টিক্সৰ এমডিএছ ডাঃ সাগৰ জে আবিচান্দানিৰ সৈতে কথা পাতিছিল। তেওঁ এইদৰে কৈছিল: “জামি দাঁত আঁতৰ কৰাৰ পূৰ্বে আৰু পিছত আনাৰসৰ ৰসৰ পৰামৰ্শ দিয়া নহয়। ইয়াক সমৰ্থন কৰিবলৈ কোনো বৈজ্ঞানিক প্ৰমাণ নাই। “
আমি অনুসন্ধান কৰিবলৈ ললো আৰু আমি স্পেইনৰ চেভিলে বিশ্ববিদ্যালয়ত ৩৪ জন ৰোগীৰ ওপৰত চলোৱা এক অধ্যয়ন পাইছিলো। ২০১৪ চনৰ প্ৰতিবেদনত দাঁত নিষ্কাশনৰ পিছত ব্ৰোমেলিনৰ (আনাৰসত পোৱা পদাৰ্থ) প্ৰদাহ-প্ৰতিৰোধী আৰু এনালজেচিক প্ৰভাৱ পৰীক্ষা কৰা হৈছিল। প্ৰতিবেদনখনত উল্লেখ আছিল যে এনজাইম প্ৰদানকাৰী আৰু প্লেচিবো গ্ৰহণকাৰীসকলৰ মাজত “কোনো পৰিসাংখ্যিক পাৰ্থক্য” পোৱা নগ’ল।
দন্ত চিকিৎসকসকলে বিষৰ তীব্ৰতা আৰু প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি চিকিৎসাৰ আগতে আৰু পিছত কিছুমান ঔষধ গ্ৰহণৰ পৰামৰ্শ দিয়ে। যিকোনো স্বাস্থ্য সমস্যাৰ বাবে আপুনি সদায়ে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
পোষ্টটো @doseofkard নামৰ এজন টুইটাৰ ইউজাৰে শ্বেয়াৰ কৰিছে। যেতিয়া আমি ব্যৱহাৰকাৰীৰ প্ৰ’ফাইল স্কেন কৰিছিলো, আমি দেখিছিলো যে ব্যৱহাৰকাৰীজনৰ ১৫২৮ জন অনুসৰণকাৰী আছে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজে অনুসন্ধান কৰিছিল আৰু ভাইৰেল পোষ্টটো ভুৱা পাইছিল। দন্ত চিকিৎসকসকলেও দাবীটো ভুৱা বুলি প্ৰমাণ কৰিছে। তদুপৰি, ৰোগীৰ আৰোগ্যৰ ওপৰত আনাৰসৰ ৰসে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি কোনো প্ৰমাণ নাই।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ