X
X

Fact Check: বংগত, উচ্চ ন্যায়ালয়ে মমতা বেনাৰ্জীৰ পদত্যাগ দাবী কৰা নাই, ভাইৰেল ভিডিঅ’ বিভ্ৰান্তিকৰ

উপসংহাৰ: আমাৰ অনুসন্ধানত প্ৰকাশ পাইছে যে ভাইৰেল ভিডিঅ’টোত কৰা দাবী বিভ্ৰান্তিকৰ। কলকাতা উচ্চ ন্যায়ালয়ে মমতা চৰকাৰক ৰাজ্যখনৰ হিংসাত্মক ঘটনাসন্দৰ্ভত শপতনামা দাখিল কৰিবলৈহে কৈছিল, মমতা বেনাৰ্জীৰ পদত্যাগ দাবী কৰা নাছিল।

নতুন দিল্লী (বিশ্বাস নিউজ) । পশ্চিমবঙ্গত নিৰ্বাচনৰ পিছত হোৱা হিংসাত্মক ঘটনাৰ মাজতে ছ’চিয়েল মিডিয়াত এটা নিউজ বুলেটিনৰ ভিডিঅ’ ভাইৰেল হৈ আছে। ভিডিঅ’টোৱে ব্ৰেকিং নিউজৰ জৰিয়তে দাবী কৰিছে যে হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত কলকাতা উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পদত্যাগ দাবী কৰিছে। ভিডিঅ’টোৰ ভইচ-অভাৰত এইটোও কৈছে যে গৃহ মন্ত্ৰালয়ৰ এটা দল বংগত উপস্থিত হৈছে আৰু তদন্তৰ পিছত বংগত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হ’ব। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত পোৱা গৈছে যে ভাইৰেল ভিডিঅ’টোত কৰা দাবীটো বিভ্ৰান্তিকৰ।

দৰাচলতে, কলিকতা উচ্চ ন্যায়ালয়ে চৰকাৰক পশ্চিম বংগত আইন-শৃংখলা সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ কৈছিল, কিন্তু মমতা বেনাৰ্জীক পদত্যাগ কৰিবলৈ কোৱা হোৱা নাই।

কি এই ভাইৰেল পোষ্ট?

ফেচবুক ইউজাৰ বিবেক শৰ্মাই এই ভিডিঅ’টো শ্বেয়াৰ কৰি কয়: উচ্চ ন্যায়ালয়ে মমতা বেনাৰ্জীৰ পৰা পদত্যাগ দাবী কৰিছে। উচ্চ ন্যায়ালয়ে কৈছিল যে যদি ৰাজ্য চৰকাৰে আইন-শৃংখলা চম্ভালিব নোৱাৰে তেন্তে মুখ্যমন্ত্ৰীয়ে তৎক্ষণাৎ পদত্যাগ কৰা উচিত। গৃহ মন্ত্ৰালয়ৰ দলটো পশ্চিম বংগত উপস্থিত হৈছে। কলকাতা উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে। গৃহ মন্ত্ৰালয়ৰ এটা চাৰিজনীয়া দলে ৰাজ্যপালকো সাক্ষাৎ কৰিছে। হিংসাত্মক ঘটনাত কোন জড়িত আছে তাৰ তদন্ত কৰা হ’ব আৰু তাৰ পিছত প্ৰয়োজন সাপেক্ষে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হ’ব।

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ তদন্তৰ বাবে কী-ৱৰ্ডৰ সহায়ত ইণ্টাৰনেটত অনুসন্ধান কৰিছিল, কিন্তু কলকাতা উচ্চ ন্যায়ালয়ে মমতা বেনাৰ্জীৰ পদত্যাগ দাবী কৰা ধৰণৰ কোনো সংবাদ মাধ্যমৰ প্ৰতিবেদন লাভ কৰা নাছিলোঁ। তেনে ঘটনা সংঘটিত হোৱাহেতেন এই বাতৰিটোৱে নিশ্চিতভাৱে সংবাদ মাধ্যমত শিৰোনাম দখল কৰিলেহেঁতেন।

আমি কিছু বাতৰি প্ৰতিবেদন পাইছিলো য’ত কলকাতা উচ্চ ন্যায়ালয়ৰ পাঁচ জনীয়া বিচাৰপীঠে মমতা চৰকাৰক তিনি দিনৰ ভিতৰত বংগত সংঘটিত হিংসাত্মক ঘটনাৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ কৈছিল। অৱশ্যে, এই সংবাদ মাধ্যমৰ প্ৰতিবেদনসমূহে এইটো কোৱা নাই যে মমতা বেনাৰ্জীক কলকাতা উচ্চ ন্যায়ালয়ে পদত্যাগ কৰিবলৈ দাবী জনাইছে।

আমি বংগৰ দৈনিক জাগৰণৰ ব্যুৰ’ চীফ জে কে বাজপেয়ীৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁ আমাক জনায় যে উচ্চ ন্যায়ালয়ে চৰকাৰক হিংসাত্মক ঘটনাসন্দৰ্ভত শপতনামা দিবলৈ কৈছিল, চৰকাৰেও এখন শপতনামা দিছে, কিন্তু মমতা বেনাৰ্জীৰ পদত্যাগ বিচৰাটো শুদ্ধ নহয়। ইয়াৰ পিছত আমি বংগৰ তৃণমূল কংগ্ৰেছৰ নেতা সৌগত ৰয়ৰ সৈতেও যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কৈছিল যে ভাইৰেল ভিডিঅ’টোত কৰা দাবীটো শুদ্ধ নহয়। মমতা বেনাৰ্জীক কলকাতা উচ্চ ন্যায়ালয়ে পদত্যাগ বিচৰা নাই।

ভাইৰেল ভিডিঅ’টোৱে পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ বিষয়েও উল্লেখ কৰিছে। ৰাজ্যপাল জগদীপ ধনখৰে তেওঁৰ অভিনন্দন ভাষণত মমতা বেনাৰ্জীক তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ আগতে হিংসা নিয়ন্ত্ৰণ কৰিবলৈ পৰামৰ্শ দিছিল। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

আনহাতে, ইণ্ডিয়া কালেক্টিভ নামৰ এটা বেচৰকাৰী সংগঠনৰ গৌৰৱ ভাটিয়া নামৰ এগৰাকী লোকে ৰাষ্ট্ৰপতি শাসন জাৰি কৰিবলৈ উচ্চতম ন্যায়ালয়ত দুখন পৃথক পৃথক আবেদন দাখিল কৰিছিল। অৱশ্যে, এই মুহূৰ্তত বংগক ৰাষ্ট্ৰপতিয়ে শাসন কৰিব নে নকৰে কোৱা কঠিন।

এইটো সত্য যে গৃহ মন্ত্ৰালয়ৰ এটা চাৰিজনীয়া দলে বংগৰ ৰাজ্যপালক সাক্ষাৎ কৰিছে আৰু বংগ হিংসাৰ ওপৰত এক প্ৰতিবেদন বিচাৰিছে।

আমি ভাইৰেল ভিডিঅ’ৰ বাবে InVid টুলৰ সহায়ত স্ক্ৰীণগ্ৰেব লৈ গুগল ৰিভাৰ্চ চাৰ্চৰ সহায়ত অনুসন্ধান কৰিছিলোঁ। ইয়াতেই আমি ইউটিউব চেনেল  “CSK News” ত এটা ভাইৰেল ভিডিঅ’ পাইছিলো, যিটো এই চেনেলত ৭ মে’ তাৰিখে আপলোড কৰা হৈছিল। চেনেলটো ২৯ জুন, ২০১৯ তাৰিখে মুকলি কৰা হৈছিল।

এতিয়া ফেচবুকত পোষ্টটো শ্বেয়াৰ কৰা ইউজাৰ বিবেক শৰ্মাৰ প্ৰ’ফাইল স্কেন কৰা আমি দেখিছিলো যে ইউজাৰজনে নিজকে বিজেপিৰ সমাজকৰ্মী বুলি উল্লেখ কৰিছে আৰু ছ’চিয়েল মিডিয়াত তেওঁ অতি সক্ৰিয়।

নিষ্কৰ্ষঃ উপসংহাৰ: আমাৰ অনুসন্ধানত প্ৰকাশ পাইছে যে ভাইৰেল ভিডিঅ’টোত কৰা দাবী বিভ্ৰান্তিকৰ। কলকাতা উচ্চ ন্যায়ালয়ে মমতা চৰকাৰক ৰাজ্যখনৰ হিংসাত্মক ঘটনাসন্দৰ্ভত শপতনামা দাখিল কৰিবলৈহে কৈছিল, মমতা বেনাৰ্জীৰ পদত্যাগ দাবী কৰা নাছিল।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later