X
X

Fact Check: ৰাকেশ টিকাইটৰ ক’লা ৰং সনা এয়া সম্পাদিত ফটো

উপসংহাৰ – Vishvas News এ নিজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল দাবী বিভ্ৰান্তিকৰ। ভাইৰেল হোৱা ফটোখন সম্পাদনা কৰা হৈছে। প্ৰকৃত ফটোখনত ৰাকেশ টিকাইটৰ মুখমণ্ডলত ক’লা ৰং সনা নাছিল। অৱশ্যে এই কথা সত্য যে ৰাকেই টিকাইটৰ সমদলৰ ওপৰত বিগত ২ এপ্ৰিল তাৰিখে ৰাজস্থানৰ আলৱাৰ জিলাৰ তটাৰপুৰত আক্ৰমণ সংঘটিত হৈছিল। কিন্তু এই ফটোখনৰ সৈতে সেই ঘটনাৰ কোনো সম্পৰ্ক নাই।

নতুন দিল্লী (বিশ্বাস নিউজ) । ছ’চিয়েল মিডিয়াত ভাৰতীয় কৃষক ইউনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকাইটৰ এখন ছবি ব্যাপকভাৱে ভাইৰেল হোৱা দেখা গৈছে, য’ত তেওঁৰ মুখমণ্ডলত ক’লা ৰং সনা আছে। এই পোষ্টটোৰ সৈতে দাবী কৰা হৈছে যে ৰাজস্থানত ৰাকেশ টিকাইটৰ ওপৰত আক্ৰমণ কৰা হৈছে, ইয়াৰ পিছতে তেওঁৰ এনে এক অৱস্থা পোহৰলৈ আহিছে।

Vishvas News এন নিজস্ব অনুসন্ধান আৰম্ভ কৰি এই দাবী ভুৱা তথা বিভ্ৰান্তিকৰ বুলি প্ৰমাণ কৰিছে। এই ভাইৰেল ফটো সম্পাদনা কৰা হৈছে বুলিও প্ৰমাণ লাভ কৰিছে বিশ্বাস নিউজে। প্ৰকৃত ফটোখনত ৰাকেই টিকাইটৰ মুখমণ্ডলত কোনো ক’লা ৰং সনা নাছিল। অৱশ্যে এই কথা সত্য যে ৰাকেই টিকাইটৰ সমদলৰ ওপৰত বিগত ২ এপ্ৰিল তাৰিখে ৰাজস্থানৰ আলৱাৰ জিলাৰ তটাৰপুৰত আক্ৰমণ সংঘটিত হৈছিল। কিন্তু এই ফটোখনৰ সৈতে সেই ঘটনাৰ কোনো সম্পৰ্ক নাই।

কি এই ভাইৰেল ফটো

ভাইৰেল ফটোখনত ভাৰতীয় কৃষক ইউনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকাইটৰ মুখমণ্ডল ক’লা ৰঙেৰে আৱৰি থকা দেখিবলৈ পোৱা গৈছে। এই পোষ্টৰ বিৱৰণীত লিখা হৈছে : “ভাৰত বন্ধ কৰাবলৈ গৈছিল। ৰাজস্থানৰ পপলাজত ৰাইজে বেয়াকৈ পিটিলে আৰু মুখত ক’লা ৰং সানি দিলে।”

ভাইৰেল পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

আমাৰ তৰফৰ পৰা নিজস্ব অনুসন্ধান আৰম্ভ কৰিবৰ বাবে আমি প্ৰথমেই গুগল ৰিভাৰ্ছ ইমেজ টুল ব্যৱহাৰ কৰি এই ফটোৰ সত্যতা পৰীক্ষা কৰিলো। আমি এই ফটোখন awazeuttarpradesh.com নামৰ এটা ৱেবছাইটত ১৯ জানুৱাৰী, ২০২১ তাৰিখে প্ৰকাশিত এটা বাতৰিৰ সৈতেও দেখিবলৈ পাও। এই ফটোখনত কিন্তু টিকাইটৰ মুখমণ্ডলত কোনো ক’লা ৰং সনা নাছিল।

আমি এএনআইৰ ইউটিউব চেনেলত থকা ভিডিঅ’ৰ থাম্বতো এই ফটোখন দেখিবলৈ পাইছো। ইয়াতো আমি টিকাইটৰ মুখমণ্ডলত কোনো ক’লা ৰং সনা দেখিবলৈ পোৱা নাই। উল্লেখ্য যে এই ভিডিঅ’টো ১৯ জানুৱাৰী ২০২১ তাৰিখে আপলোড কৰা হৈছিল। এই পোষ্ট অনুসৰি এই ফটোখন সিংঘু সীমান্তৰ।

এই বিষয়টোৰ সত্যতা নিশ্চিত কৰিবৰ বাবে আমি সিংঘু ব’ৰ্ডাৰত কৃষক আন্দোলনৰ ওফৰত বাতৰি পৰিৱেশন কৰি থকা জাগকণৰ সাংবাদিক চনু ৰাণাৰ সৈতে যোগাযোগ কৰো। তেওঁ আমাক জনায় যে এয়া এক সম্পাদিত ফটো। প্ৰকৃত ফটোখনত ৰাকেই টিকাইটৰ মুখত কোনো ক’লা ৰং নাই। এই ফটো সিংঘু ব’ৰ্ডাৰৰ, ১৯ জানুৱাৰী, ২০২১ তাৰিখে কৃষক নেতা টিকাইটে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠন কৰি দিয়া কমিটিখনৰ সৈতে বৈঠকত নবহাৰ কথা ঘোষণা কৰাৰ সময়ৰ এই ফটো।”

ইয়াৰ পিছতে টিকাইটৰ ওপৰত কেনে পৰিস্থিতিত ৰাজস্থানত আক্ৰমণ হৈছিল বা সেই আক্ৰমণ সঁচাকৈ হৈছিল নে নাই সেয়া বিচাৰিবলৈ আৰম্ভ কৰো। কী-ৱৰ্ড ছাৰ্ছ কৰাৰ ফলত আমি jagran.com ৰ এটা বাতৰি লাভ কৰো, য’ত কোৱা হৈছে, “শুক্ৰবাৰ (২ এপ্ৰিল) – এ টিকাইটে আলৱাৰ জিলাত প্ৰথমে হাৰছোলি আৰু তাৰ পিছত বানছুৰত এক কৃষক সভা সম্বোধন কৰিছিল। হৰছোলিৰ পৰা বানছুৰলৈ গৈ থকা অৱস্থাত ততাৰপুৰৰ দাঁতিকাষৰীয়া এটা স্থানত তেওঁৰ বাহনত এচাম লোকে শিলাবৰ্ষণ কৰে আৰু লগতে লাঠীৰে তেওঁৰ গাড়ীৰ খিৰিকী আদি ভাঙি চুৰ্চুমৈ কৰে।’

hindi.news18.com ৰ খবৰ অনুসৰি কৃষক আন্দোলনৰ অগ্ৰণী নেতা ৰাকেশ টিকাইটৰ বাহনত ৰাজস্থানত হঠাতে এচাম লোকে আক্ৰমণ কৰে। টিকাইটে আলৱাৰৰ হৰছোৰাত আয়োজিত এক জনসভাত অংশগ্ৰহণ কৰি বানসুৰলৈ গৈ থকা অৱস্থাতে এই আক্ৰমণ সংঘটিত হৈছিল। ইয়াৰ মাজতে ততাৰপুৰত একাংশ জনতাই টিকাইটৰ বাহনত শিলাবৰ্ষণ আৰম্ভ কৰে। এই শিলাবৰ্ষণত টিকাইটৰ বাহনৰ খিৰিকী পৰ্যন্ত চুৰ্চুমৈ হয়। ইয়াৰ পিছতে কোনো দুষ্কৃতিকাৰীয়ে টিকাইটৰ গাত চিয়াঁহী নিক্ষেপ কৰে।’

এই পোষ্টটো ফে’চবুক ইউজাৰ Mukesh Patel এ শ্বেয়াৰ কৰিছিল। এই ইউজাৰগৰাকী ইন্দোৰৰ নিবাসী।

নিষ্কৰ্ষঃ উপসংহাৰ – Vishvas News এ নিজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল দাবী বিভ্ৰান্তিকৰ। ভাইৰেল হোৱা ফটোখন সম্পাদনা কৰা হৈছে। প্ৰকৃত ফটোখনত ৰাকেশ টিকাইটৰ মুখমণ্ডলত ক’লা ৰং সনা নাছিল। অৱশ্যে এই কথা সত্য যে ৰাকেই টিকাইটৰ সমদলৰ ওপৰত বিগত ২ এপ্ৰিল তাৰিখে ৰাজস্থানৰ আলৱাৰ জিলাৰ তটাৰপুৰত আক্ৰমণ সংঘটিত হৈছিল। কিন্তু এই ফটোখনৰ সৈতে সেই ঘটনাৰ কোনো সম্পৰ্ক নাই।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later