X
X

Fact Check: বিজেপিয়ে ২০২১ ৰ বিধানসভা নিৰ্বাচনত পৰাজিত হ’ব বুলি কোৱা নাছিল, ভাইৰেল ব্ৰেকিং প্লেট সম্পাদনা কৰা হৈছে

উপসংহাৰ – আমাৰ অনুসন্ধান অনুসৰি, এই ভাইৰেল দাবী মিছা। বিজেপিয়ে কেতিয়াও কোৱা নাই যে ই ২০২১ চনৰ বিধানসভা নিৰ্বাচনত পৰাজিত হ’ব। এই ভাইৰেল স্ক্ৰীণশ্বটটো সম্পাদনা কৰা হৈছে।

  • By: Rangman Das
  • Published: Apr 19, 2021 at 05:54 PM
  • Updated: Apr 19, 2021 at 05:56 PM

গুৱাহাটী (বিশ্বাস নিউজ) || এটা টেলিভিছন চেনেলৰ ব্ৰেকিং নিউজ প্লেট এখন শেহতীয়াকৈ ছচিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ আছে। এই ব্ৰেকিং প্লেটত লিখা কথাখিনিয়ে সূচায় যে বিজেপিয়ে কৈছে যে ই ২০২১ চনৰ বিধানসভা নিৰ্বাচনত জয়ী হ’ব নোৱাৰিব, এই কথা কেন্দ্ৰীয় পৰ্যবেক্ষক দলে ঘোষণা কৰিছে। পিছে বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত এই দাবী ভুল বুলি প্ৰমাণিত হৈছে।

এই নিউজ চেনেলৰ ব্ৰেকিং প্লেটখন সম্পাদনা কৰা হৈছিল। বিজেপিৰ মুখপাত্ৰই আমাক স্পষ্ট কৰি দিছে যে দলটোৱে এনে ধৰণৰ কোনো মন্তব্য দিয়া নাই।

কি এই ভাইৰেল পোষ্ট?

ফেচবুক ব্যৱহাৰকাৰী টিনু দত্তই এই ছবিখন পোষ্ট কৰিছে, য’ত বঙালী ভাষাত লিখা আছে: “২১ তম নিৰ্বাচনত বিজেপি শাসনলৈ অহাটো সম্ভৱ নহয়। বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক দলে কৈছে।”

এই পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

বিজেপিয়ে এনেধৰণৰ কোনো কথোপকথন কৰিছে নেকি সেয়া অনুসন্ধান কৰিবলৈ আমি প্ৰথমে প্ৰাসঙ্গিক কী-ৱৰ্ডেৰে গুগলত অনুসন্ধান আৰম্ভ কৰিছিলো। পিছে আমি এই দাবী নিশ্চিত কৰিবলৈ কোনো প্ৰমাণিক বাতৰি বিচাৰি নাপালো।

এই পোষ্টৰ পুনৰ নিশ্চিতকৰণৰ বাবে, আমি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখপাত্ৰ সুৰঞ্জন দত্তৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁ আমাক জনায়, “আমিও এই স্ক্ৰীণশ্বটটো পাইছিলো। এয়া সম্পূৰ্ণ ভিত্তিহীন। কোনো কেন্দ্ৰীয় নেতৃত্বই এনে মন্তব্য কৰা নাই।”

শেষত, এই ভাইৰেল পোষ্ট শ্বেয়াৰ কৰা টিনু দত্তৰ প্ৰ’ফাইল স্কেন কৰিলোঁ। প্ৰ’ফাইল অনুসৰি, লোকজন অসমৰ চৰাইদেউ জিলাৰ সোণাৰিৰ বাসিন্দা। বাতৰি লিখাৰ পৰলৈকে ব্যক্তিজনৰ ফেচবুকত ১৭১৩ গৰাকী ফ’ল’ৱাৰ্ছ আছে।

নিষ্কৰ্ষঃ উপসংহাৰ – আমাৰ অনুসন্ধান অনুসৰি, এই ভাইৰেল দাবী মিছা। বিজেপিয়ে কেতিয়াও কোৱা নাই যে ই ২০২১ চনৰ বিধানসভা নিৰ্বাচনত পৰাজিত হ’ব। এই ভাইৰেল স্ক্ৰীণশ্বটটো সম্পাদনা কৰা হৈছে।

  • Claim Review : It is not possible to come to power in West Bengal in 2021 elections. BJP's central supervisor team has informed.
  • Claimed By : Tinu Dutta
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later