Fact Check: বাবুল সুপ্ৰিয়ৰ নামত মিছা আৰু আপত্তিজনক মন্তব্য ভাইৰেল

বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি বাবুল সুপ্ৰিয়ৰ নামত ভাইৰেল হৈ পৰা দাবী সম্পূৰ্ণ ভুৱা। বাবুল সুপ্ৰিয়ই ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা কৰিছে যদিও ভাইৰেল পোষ্টত দাবী কৰা অনুসৰি বিজেপিৰ বিষয়ে কোনো মন্তব্য দিয়া নাই।

বিশ্বাস নিউজ (নতুন দিল্লী) । সাংসদ বাবুল সুপ্ৰিয়ৰ উদ্ধৃতিৰে এটা কথিত বিবৃতি সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। ইয়াত দাবী কৰা হৈছে যে বাবুল সুপ্ৰিয়ই ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ পিছত বিজেপিৰ বিষয়ে এটা বিবৃতি দিছে। ভাইৰেল দাবীটো বিশ্বাস নিউজৰ তদন্তত ভুৱা বুলি প্ৰমাণিত হৈছে। ইতিমধ্যেই বাবুল সুপ্ৰিয়ই ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা কৰিছে কিন্তু ভাইৰেল পোষ্টত দাবী কৰা অনুসৰি বিজেপিৰ বিষয়ে কোনো মন্তব্য দিয়া নাই।

কি এই ভাইৰেল পোষ্ট?

২ আগষ্টত ফে’চবুক পেজ Anuj Chauhan ৰ একাউণ্টৰ পৰা এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে। পোষ্টটোত বাবুল সুপ্ৰিয়ৰ উদ্ধৃতিৰে এটা বিবৃতি উল্লেখ কৰা হৈছে। বিবৃতিটোত প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ কথা উল্লেখ কৰি আপত্তিজনক ভাষা ব্যৱহাৰ কৰা হৈছিল। এই পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

আছানচোলৰ পশ্চিম বংগৰ সাংসদ বাবুল সুপ্ৰিয়ই শেহতীয়াকৈ ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা কৰিছিল। এই সন্দৰ্ভত, বাবুল সুপ্ৰিয় সম্পৰ্কে বিভিন্ন দাবী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এনে এটা দাবীত, বাবুল সুপ্ৰিয়ৰ কথিত মন্তব্যৰ দ্বাৰা কিছুমান কথা শ্বেয়াৰ কৰি থকা হৈছে। বিশ্বাস নিউজে প্ৰথমে ইণ্টাৰনেটত মুকলিকৈ অনুসন্ধান কৰি জানিব বিচাৰিছিল যে বাবুল সুপ্ৰিয়ই এটা ভাইৰেল পোষ্টত উল্লেখ থকা বিবৃতিটো দিছিল নেকি। বাবুল সুপ্ৰিয় এজন বিখ্যাত ব্যক্তিত্ব। যদি তেওঁৰ তৰফৰ পৰা বিজেপি সন্দৰ্ভত এনে মন্তব্য দিলেহেতেন, তেন্তে সংবাদ মাধ্যমে এয়া নিশ্চয়কৈ প্ৰচাৰ কৰিলেহেঁতেন। তেওঁৰ যিকোনো মন্তব্য সংবাদ মাধ্যমৰ বাবে ডাঙৰ খবৰ হ’লহেঁতেন।

আমি আমাৰ অনুসন্ধানৰ সময়ত বাবুল সুপ্ৰিয়ৰ অফিচিয়েল ছচিয়েল মিডিয়া হেণ্ডেলবোৰো স্কেন কৰিছিলো। আমি ভাইৰেল দাবী সম্পৰ্কীয় কোনো তথ্য পোৱা নাছিলো। আমি আমাৰ অনুসন্ধান নিশ্চিত কৰিবলৈ বাবুল সুপ্ৰিয়ৰ আছানচোল কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিছিলো। আমি সেই কাৰ্যালয়ৰ দায়িত্বত থকা ৰূপক গাংগুলীক ভাইৰেল পোষ্টটোত কৰা দাবীৰ বিষয়ে অৱগত কৰিছিলোঁ। তেওঁ নিশ্চিত কৰিছিল যে বাবুল সুপ্ৰিয়ই তেনে কোনো মন্তব্য দিয়া নাছিল। তেওঁ ভাইৰেল পোষ্টটোক সম্পূৰ্ণৰূপে ভুৱা আৰু ভিত্তিহীন বুলি অভিহিত কৰিছিল।

শেষত, আমি ফেচবুক ব্যৱহাৰকাৰী অনুজ চৌহানৰ একাউণ্ট পৰীক্ষা কৰিছিলো, যিয়ে এই পোষ্টটো ভাইৰেল কৰিছিল। আমি জানিব পাৰিছিলো যে ব্যৱহাৰকাৰীসকল এটা ৰাজনৈতিক দলৰ সৈতে জড়িত। আৰু তেওঁৰ সমৰ্থনত পোষ্ট কৰি থাকে।

(With inputs from Vivek Tiwari)

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি বাবুল সুপ্ৰিয়ৰ নামত ভাইৰেল হৈ পৰা দাবী সম্পূৰ্ণ ভুৱা। বাবুল সুপ্ৰিয়ই ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা কৰিছে যদিও ভাইৰেল পোষ্টত দাবী কৰা অনুসৰি বিজেপিৰ বিষয়ে কোনো মন্তব্য দিয়া নাই।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস