Fact Check: অসমৰ নামঘৰীয়া আৰু পূজাৰীলৈ ৰাজ্য চৰকাৰে মাহেকত ১৫০০০ কৈ দৰমহা দিব বুলি ভাইৰেল বাতৰি বিভ্ৰান্তিকৰ

বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য মতে এই ভাইৰেল পোষ্টটোত উল্লেখ কৰাৰ দৰে ৰাজ্য চৰকাৰে পূজাৰী আৰু নামঘৰীয়াসকলক মাহেকীয়া ধন দিয়াৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। ১৫০০০ টকাৰ এককালীন সাহায্যহে প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। গতিকে এই ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ।

Fact Check: অসমৰ নামঘৰীয়া আৰু পূজাৰীলৈ ৰাজ্য চৰকাৰে মাহেকত ১৫০০০ কৈ দৰমহা দিব বুলি ভাইৰেল বাতৰি বিভ্ৰান্তিকৰ

গুৱাহাটী (বিশ্বাস নিউজ): শেহতীয়াকৈ অসমৰ নামঘৰীয়া আৰু মন্দিৰৰ পূজাৰীসকলক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ১৫০০০ টকাকৈ মাহেকীয়া বেতন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ব্যাপক প্ৰচাৰ চলিছে। বহু ছ’চিয়েল মিডিয়া ইউজাৰে বিভিন্ন ধৰণেৰে এনেধৰণৰ পোষ্ট শ্বেয়াৰ কৰিছে। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত পোৱা তথ্য অনুসৰি এই পোষ্ট সম্পূৰ্ণ বিভ্ৰান্তিকৰ। ৰাজ্য চৰকাৰী পূজাৰী আৰু নামঘৰীয়াসকলক ১৫০০০ টকাৰ এক এককালীন সাহায্যহে প্ৰদান কৰিব, মাহেকীয়া বেতন। গতিকে পূজাৰীসকলক মাহেকীয়া ধন দিয়াৰ এই ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক পেজ Er. Prabhat Sharma য়ে ৯ নৱেম্বৰ ২০২১ তাৰিখে এই ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰি লিখিছে –

सनातनियों देख लो ये मर्दानगी..

असम की हिमंत बिस्वा सरकार ने मंदिर के पुजारियों को ₹15000 का हर महीने वित्तीय अनुदान प्रदान करने का निर्णय लिया है…

चलो कोई तो योगी जी के बाद एक येसा नेता है जो हिन्दूओं के बारे में सोच रहा है…

योगी जी और हिमंता दादा को हिंदुओंका नमन और वंदन

जय श्री राम

ইয়াৰ অসমীয়া অনুবাদ – সনাতনীসকল, এয়া চোৱা পুৰুষত্ব..

অসমৰ হিমন্ত বিশ্ব চৰকাৰে মন্দিৰৰ পূজাৰীসকলক প্ৰতিমাহেকত ১৫০০০ কৈ টকাৰ বিত্তীয় অনুদান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে…

যিয়েই নহওক কিয়, যোগী জীৰ পিছত কোনোবা আন এজন নেতা ওলাইছে, যিয়ে হিন্দুসকলৰ বাবে চিন্তা কৰি আছে…

যোগী জী আৰু হিমন্ত দাদাক হিন্দুসকলৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু সেৱা

জয় শ্ৰী ৰাম

একেধৰণৰ পোষ্ট আন ছ’চিয়েল মিডিয়া ইউজাৰসকলেও বিভিন্নধৰণে শ্বেয়াৰ কৰিছে। তলত তেনে এক লিংক দিয়া হৈছে –

https://www.facebook.com/TheMalal/posts/1080477222490386

পোষ্টটোৰ আৰ্কাইভ লিংক ইয়াত আৰু ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে অনুসন্ধান আৰম্ভ কৰিয়েই গুগলত প্ৰাসঙ্গিক কী-ৱৰ্ডেৰে ছাৰ্ছ কৰোতে এটা ভিডিঅ’ আৰু বিভিন্ন বাতৰিৰ লিংক দেখিবলৈ পাইছিলো। প্ৰথমে, আমি ০৪ নৱেম্বৰ তাৰিখে অসমৰ কেবিনেট বৈঠকৰ পিছতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সম্বোধন কৰা সংবাদ মেলৰ ভিডিঅ’টো তন্নতন্নকৈ পৰীক্ষা কৰিছিলো। সংবাদমেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে ক’ভিডৰ সময়ত নামঘৰৰ নামঘৰীয়া আৰু মন্দিৰৰ পূজাৰীসকলে যথেষ্ট আৰ্থিক সংকটত পৰা বাবে তেওঁলোকলৈ ৰাজ্য চৰকাৰে ১৫০০০ টকাৰ এককালীন সাহায্য আগবঢ়াব। মন্ত্ৰীগৰাকীয়ে কেতিয়াও প্ৰতিমাহে এই ধন দিয়াৰ কথা সংবাদমেলত উল্লেখ কৰা নাই। মন্ত্ৰীগৰাকীয়ে কি কৈছিল সেয়া তলৰ ভিডিঅ’টোত ০.৪১ ছেকেণ্ডৰ পৰা ০.৫৯ ছেকেণ্ডলৈ স্পষ্টভাৱে চাব পাৰিব।

আমি এই সংবাদমেল সন্দৰ্ভত বাতৰি বিচাৰোতে অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ Verified ফে’চবুক পেজত এটা পোষ্ট দেখিবলৈ পাও। ইয়াৰ প্ৰথমটো টোকাতো নামঘৰীয়া আৰু মন্দিৰৰ পূজাৰীসকললৈ ৰাজ্য চৰকাৰে ১৫০০০ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা উল্লেখ আছে। তলৰ লিংকত সেয়া দেখিবলৈ পাব।

https://www.facebook.com/himantabiswasarma/photos/pcb.10158842044373983/10158842043888983

অসমৰ বিভিন্ন সংবাদ গোষ্ঠীয়েও কেবিনেটৰ সিদ্ধান্তৰ এই বাতৰি প্ৰকাশ কৰিছিল, য’ত নামঘৰীয়া আৰু পূজাৰীসকললৈ এককালীন সাহায্যৰ কথাহে উল্লেখ আছে, মাহেকীয়া দৰমহাৰ কথা কতো উল্লেখ নাই। তলত এই বাতৰিৰ এটা লিংক দিয়া হৈছে – 

https://prathamkhabartv.com/himanta-biswa-sarma-announces-to-give-financial-help-to-priest/

আগশাৰীৰ সংবাদ গোষ্ঠী ETV Bharat ৰ এটা নিউজ লিংক –

https://www.etvbharat.com/assamese/assam/state/kamrup-metropolitan/decision-of-the-assam-cabinet-etv-bharat-assam/assam20211104175203065

বিশ্বাস নিউজে এই সন্দৰ্ভত আমাৰ অসম বাতৰি কাকতৰ সাংবাদিক জয়ন্ত কলিতাৰ সৈতে যোগাযোগ কৰিছিল আৰু এই ভাইৰেল পোষ্ট শ্বেয়াৰ কৰিছিল। তেওঁ আমাক কৈছিল যে এয়া সম্পূৰ্ণ বিভ্ৰান্তিকৰ। অসমৰ পূজাৰী আৰু নামঘৰীয়াসকলক মাহেকীয়া দৰমহা দিয়াৰ কথা কোনেও কোৱা নাই। হয়, তেওঁলোকক ৰাজ্য চৰকাৰে ১৫০০০ কৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া সঁচা। কিন্তু এই ধন এককালীন সাহায্যহে, মাহেকীয়া দৰমহা নহয়।

অনুসন্ধানৰ অন্তিম পৰ্যায়ত যেতিয়া আমি ফে’চবুকত অসমৰ মন্দিৰৰ পূজাৰীসকলক ১৫০০০ টকাকৈ মাহেকীয়া ধন দিয়াৰ সিদ্ধান্ত লোৱা বুলি ভুৱা পোষ্ট শ্বেয়াৰ কৰা Er. Prabhat Sharma নামৰ প’ৰ্টেলটোৰ ফেচবুক প্ৰ’ফাইল স্কেন কৰিছিলো, আমি দেখিছিলো যে পেজটোত ৩৬২৪১৬ গৰাকী লোকে অনুসৰণ কৰে। আনহাতে এই ভাইৰেল ভিডিঅ’টো ১০৩০০০ লোকে প্ৰত্যক্ষ কৰাৰ লগতে ১০০০ জন লোকে শ্বেয়াৰ কৰিছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য মতে এই ভাইৰেল পোষ্টটোত উল্লেখ কৰাৰ দৰে ৰাজ্য চৰকাৰে পূজাৰী আৰু নামঘৰীয়াসকলক মাহেকীয়া ধন দিয়াৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। ১৫০০০ টকাৰ এককালীন সাহায্যহে প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। গতিকে এই ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস