ফেক্ট চেক: ২০১৮ চনত দিল্লীত পুলিচৰ লগত হোৱা মাৰপিটৰ কথা অসমৰ সৈতে জুৰি ভুল হৱালাৰ সৈতে কৰা ভাইৰেল

নতুন দিল্লী (বিশ্বাস নিউজ)| কেৱল কাশ্মীৰতে নহয়,  বৰং হিন্দুস্থানৰ আন প্ৰদেশক লৈও পাকিস্তানৰ পৰা প্ৰপোগেণ্ডা চলাই থকা হৈছে| বিশ্বাস টীমৰ হাতত এটা ভিডিও পৰিল| যিটো পাকিস্থানৰ এক ইউজাৰে ছেয়াৰ কৰিছে| ভিডিওত ফৌজৰ জোৱানসকলক এজন পুলিছে পিটি থকা দেখা গৈছে| ইউজাৰে কেপচনৰ জড়িয়তে দাবী কৰিছে যে এই ঘটনা অসমৰ| বিশ্বাস টীমৰ অনুসন্ধানত ভিডিওটোৰ দাবী অসত্য বুলি প্ৰমাণিত হয়| ভিডিওটো অসমৰ নহয়,  দিল্লীৰ ২০১৮ চনৰ ঘটনা|

ভাইৰেল পোষ্টত কি আছে ?

ফেচবুক ইউজাৰ মিঞা আজমল ফাৰুক (Mian Ajmal Farooq) এ ৩ ডিচেম্বৰত ভিডিও ছেয়াৰ কৰিছিল| ভিডিওত কিছুমান আৰ্মীৰ জোৱানক এজন পুলিছে মৰিয়াই থকা চকুত পৰে| ভিডিওত মাজ ৰাস্তাত দিল্লী পুলিছৰ হেড কন্টাবলক সেনাৰ জোৱানক কেতিয়াবা লাঠী, কেতিয়াবা ৰায়ফলৰ বটৰে মাৰি থকা দৃষ্টিপাত হয়| ভিডিওৰ সৈতে কেপচনত লিখা আছে clashes between Indian Army & Assam police in India Occupied Assam. This is the beginning of the end of India,  অসমীয়ালৈ অনুবাদ কৰিলে এনে হ’ব ” হিন্দুস্থানৰ অধিকৃত অসমত ভাৰতীয় ফৌজ আৰু অসম পুলিচৰ মাজত মাৰপিট| এইটো আৰম্ভনী ভাৰতৰ নাশ হোৱাৰ|”

ফেচবুকত দিয়া ভিডিওৰ ওপৰত বিশ্বাস টীমে ক্লীক কৰাত Younis Baloch নামৰ টুইটাৰ একাউন্ট গৈ পালেগৈ,  য’ৰ পৰা এই ভিডিওটো ফৰ্জী হাৱালাৰে ভাইৰেল কৰা গৈছে|

অনুসন্ধান

আমি দেখিলো যে ভিডিওত নিউজ নেচন,  News Nation লিখা আছে| আমি আমাৰ অনুসন্ধানৰ আৰম্ভনী নিউজ চাৰ্চৰে কৰিলো আৰু নিউজ নেচনৰ সেই ভিডিওটো পালো,  যিটোৰে অসমৰ নামেৰে ভাইৰেল কৰা হৈছে| এই ভিডিও ২৬ ফেব্ৰুৱাৰী ২০১৮ চনত ছেয়াৰ কৰা গৈছিল| ইয়াৰ লিখন ” Clash between Army personnel and Police in Delhi’s Cantonment Area”.

এতিয়া আমি এই ঘটনাৰ খবৰটো দৈনিক জাগৰণ ত বিচাৰিবলৈ চেষ্টা কৰিলো আৰু আমাৰ হাতত পৰিল ২৭ ফেব্ৰুৱাৰী ২০১৮চনত আপডেট হোৱা খবৰটো| এই খবৰটোৰ হেডলাইন, ” Video Viral: সেনাৰ জোৱান আৰু দিল্লী পুলিচৰ সংঘৰ্ষ,  এজনে আনজনৰ ওপৰত লাঠি চলালে : কেইবাজনো আহত”| খবৰৰ মত্, দিল্লীৰ কেন্ট এলেকাত এই পুলিচজন প্ৰতিবন্ধিত ক্ষেত্রত সোমাই গৈছিল  আৰু সেনাৰ এজন অধিকাৰীৰ সৈতে অসভ্যালি কৰে| আনহাতে পুলিচজনে কৈছিল যে তেওঁ নিজৰ ৰুটীন ডিউটীত আছিল আৰু প্পতিবন্ধিত ক্ষেত্রৰ বাহিৰত আছিল| সম্পূৰ্ণ ঘটনাটো আপুনি ইয়াত পঢ়িব পাৰিব|

এতিয়া এইটো পৰিস্কাৰ হৈ পৰিল যে এই ঘটনা দিল্লী কেন্টৰ ২০১৮ চনৰ| কিন্ত তথাপিও আমি খবৰটোক নি:সন্দেশ কৰিবলৈ দৈনিক জাগৰণৰ দিল্লীৰ চিনিয়ৰ ৰিপোৰটাৰ (জেষ্ঠ সংবাদদাতা) স্বদেশ কুমাৰক যোগাযোগ কৰিলো আৰু তেওঁৰ লগত ভিডিওটো ছেয়াৰ কৰিলো| তেখেতে আমাক জনালে,  ” এই ভডিওটো যোৱা বছৰৰ, আৰু ইয়াৰ লগত অসমৰ কোনো লেন- দেন নাই|”

এতিয়া এইবাৰ এই ভিডিওটোক ফৰ্জী হাৱলাৰে ভাইৰেল কৰা ইউজাৰ Mian Ajmal Farook ৰ চচিয়েল স্কেনিং কৰাৰ পাল| আমি গম পালো যে ইয়াৰ পাকিস্থানৰ সাহকোট ৰ লগত সম্পৰ্ক| তাৰ লগতে জম্মু আৰু কাশ্মীৰৰ ফৰ্জী ভিডিও ছেয়াৰো কৰে|

ফলাফল: বিশ্বাস টীমৰ অনুসন্ধাত অসমৰ নামেৰে ভাইৰেল হৈ থকা ভিডিওটো ফৰ্জী| ভাইৰেল ভিডিওটো ২০১৮ৰ দিল্লী কেন্টৰ,  যেতিয়া দিল্লী পুলিচৰ এজন জোৱান আৰু আৰ্মীৰ মাজত মাৰপিট হৈছিল|

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস