ফেক্ট চেক: দেশ-বিৰোধী শক্তিবোৰ লণ্ডনত কংগ্ৰেছৰ অনুষ্ঠানত আমন্ত্ৰিত নাছিল, তেঁওলোকে কংগ্ৰেছৰ সমৰ্থনত স্ল’গানও দিয়া নাই

খালিস্তানৰ সমৰ্থকসকলে লণ্ডনত ইণ্ডিয়ান অ’ভাৰছিজ কংগ্ৰেছ ইউকে মেগা সভাত নিৰাপত্তাৰক্ষীক ফাঁকি দি সোমাই গৈছিল। তাতে তেঁওলোকে দেশ-বিৰোধী স্”গান দিয়ে। তাৰ প্ৰতিক্ৰিয়াত, কংগ্ৰেছ সমৰ্থকসকলে ‘কংগ্ৰেছ পাৰ্টি জিন্দাবাদ’ –ৰ স্লগান দিয়ে। ভিডিঅটো ভুল দাবিৰ সৈতে ভাইৰাল হৈ আছে।

নিউ দিল্লি(বিশ্বাস নিউজ). এটা 26 চেকেণ্ডৰ ভিডিঅ সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈ আছে। ইয়াত কংগ্ৰেছ পাৰ্টি জিন্দাবাদ ধ্বনিৰ লগত দেশবিৰোধী স্লগানও শুনিব পোৱা গৈছে। ব্যৱহাৰকাৰীসকলে এয়া শ্বেয়াৰ কৰি আছে আৰু দাবি কৰিছে যে খালিস্তান সমৰ্থকসকলে লণ্ডনত ৰাহুল গান্ধীৰ সভাত উপস্থিত হৈছিল। আৰু তেঁওলোকে কংগ্ৰেছ পাৰ্টি জিন্দাবাদ কোৱাৰ লগতে দেশ-বিৰোধী স্ল’গানও দিছে।

বিশ্বাস নিউজে তেঁওলোকৰ তদন্তত জানিব পাৰিছে যে এই ভিডিঅ’টো আগষ্ট 2018-ৰ। চাৰিজন খালিস্তানি সমৰ্থকে নিৰাপত্তা কৰ্মীক ফাঁকি দি ৰাহুল গান্ধীৰ অনুষ্ঠানত উপস্থিত হৈছিল।তাতে তেঁওলোকে দেশ-বিৰোধী স্”গান দিছে, আনফালে কংগ্ৰেছ সমৰ্থকসকলে কংগ্ৰেছ পাৰ্টি জিন্দাবাদ স্ল’গান দিয়ে। খালিস্তান সৰ্মথকসকলে কংগ্ৰেছ পাৰ্টি জিন্দাবাদ স্ল’গান দিয়া নাই। ব্যৱহাৰকাৰীসকলে ভুল দাবিৰ সৈতে ভিডিঅটো ভাইৰাল কৰিছে।

ভাইৰাল হোৱা পোষ্টটোত কি আছে

৮ জুন ভিডিঅটো শ্বেয়াৰ কৰা সময়ত, ফেচবুক ব্যৱহাৰকাৰী যোগেশ পেটেলে(আৰ্কাইভ সংস্কৰণ)লিখিছে যে “অনুবাদিত: মই কিদৰে মোৰ দেশক কংগ্ৰেছৰ হস্তান্তৰ কৰিম, আপুনিয়ে কওক…খালিস্তানি সন্ত্ৰাসবাদীসকলে লণ্ডনত ৰাহুল গান্ধীৰ সভাত উপস্থিত হৈ কংগ্ৰেছ পাৰ্টি জিন্দাবাদ আৰু হিন্দুস্তান মুৰ্দাবাদ স্লগান দিছে… আপোনাৰ সকলো গ্ৰুপত শ্বেয়াৰ কৰক”।

তদন্ত

ভাইৰাল ভিডিঅ’টো চেক কৰিবলৈ, আমি কি-ৱাৰ্ডৰ সৈতে বিছাৰিছো। আমি তাতে গম পালো যে খবৰটো ABP live ত 26 আগষ্ট 2018-ত প্ৰকাশ হৈছিল। এই কাহিনী মতে, ব্ৰিটেইনত ৰাহুল গান্ধীৰ সভাত, খালিস্তান সমৰ্থকসকলে ‘খালিস্তান জিন্দাবাদ’-ৰ স্ল’গান দিয়ে। এই ঘটনাটো সভাত ৰাহুল গান্ধীৰ আগমনৰ পূৰ্বে ঘটিছিল। তিনিজন খালিস্তান সমৰ্থকক স্কটলেণ্ড ইয়াৰ্ডৰ পুলিশে সভাৰ পৰা ওলাই দিছিল। এই ঘটনাটো ইণ্ডিয়ান অ’ভাৰছিজ কংগ্ৰেছৰ সভাত ঘটিছিল। যেতিয়া খালিস্তান সমৰ্থকসকলে দেশ-বিৰোধী স্লগান দিব আৰম্ভ কৰে, তেতিয়া, তাত উপস্থিত কংগ্ৰেছ সমৰ্থকসকলে তাৰ প্ৰতিক্ৰিয়াস্বৰূপ ‘কংগ্ৰেছ জিন্দাবাদ’ স্লগান দিব আৰম্ভ কৰিলে।

Aaj Tak ত 26 আগষ্ট 2018ত প্ৰকাশ হোৱা খবৰ মতে, ইণ্ডিয়ান অ’ভাৰচিজ কংগ্ৰেছ ইউকে মেগা সভা ৱেষ্ট লণ্ডন, ৰাইছস্লিপ-ত অনুষ্ঠিত হৈছিল। তিনিজন খালিস্তানি সমৰ্থক সভাত সোমাই আহিল আৰু খালিস্তানৰ সমৰ্থনত স্ল’গান দিবলৈ আৰম্ভ কৰিলে। ৰাহুল গান্ধীৰ আগমনৰ পূৰ্বে পুলিশে তেঁওলোকক সভাৰ পৰা ওলাই দিয়ে। এনে সময়ত, তাত উপস্থিত কংগ্ৰেছ সমৰ্থক সকলে কংগ্ৰেছৰ সমৰ্থনত স্লগান দিলে।

27 আগষ্ট 2018 ৰ Times of India ৰ ৰিপোৰ্ট মতে, চাৰিজন খালিস্তানি সমৰ্থক নিৰাপত্তাকৰ্মীসকলক ফাঁকি দি ৰাহুল গান্ধীৰ সভাত সোমাই আহে।অনুষ্ঠানটো ৱেষ্ট লণ্ডনৰ দক্ষিণ ৰাইছস্লিপৰ ৰামাদা নামৰ হোটেলত অনুষ্ঠিত হৈছিল। তাত, ভাৰতীয় বংশোদ্ভুত কংগ্ৰেছ সমৰ্থকসকল উপস্থিত আছিল। শনিবাৰ ৰাতি ৰাহুল গান্ধীৰ আগমনৰ পূৰ্বে, পুলিশে জোৰ কৰি সেই চাৰিজন লোকক সভাৰ পৰা ওলাই দিয়ে। সেই ঘটনাৰ অলপ আগত, অনুষ্ঠানৰ আয়োজকসকলে, মঞ্চৰ পৰা ঘোষণা কৰিলে যে, তাত এনে কিছুমান মানুহ উপস্থিত হৈছে যিসকলক আমন্ত্ৰিত নহয়। আয়োজকসকলে তেঁওলোকক সভা এৰি যাবলৈও কয়।

ইণ্ডিয়া টুডে-ৰ ইউটিউব চেনেলত 26 আগষ্ট 2018 আপল’ড হোৱা এখনি ভিডিঅ অনুসৰি, খালিস্তানি সমৰ্থকসকলে ৰাহুল গান্ধীৰ আগমনৰ পূৰ্বে সমাবেশত সোমাই আহিল। তাতে তেঁওলোকে দেশ-বিৰোধী স্লগান দিয়ে, য’ত কংগ্ৰেছ সমৰ্থকসকলে কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ সমৰ্থনত স্লগান দিয়ে। খালিস্তানি সমৰ্থকসকল তাতে বিনা আমন্ত্ৰণত উপস্থিত হৈছিল।

অধিক তথ্যৰ বাবে, আমি, লণ্ডনৰ সেই অনুষ্ঠানত খবৰ প্ৰস্তুত কৰা টাইমচ অফ ইণ্ডিয়াৰ সংবাদদাতা, নাঅমি কেণ্টনৰ লগত কথা পাতিছো। তেঁও কলে, ‘মই সম্পূৰ্ণ অনুষ্ঠানটোত উপস্থিত আছিলো। খালিস্তানি সমৰ্থকসকল তাত আমন্ত্ৰিত নাছিল। তেঁওলোকে নিৰাপত্তাকৰ্মীক ফাঁকি দি সোমাইছিল। এজন ব্যক্তিৰ সন্দেহ হোৱাত তেঁও ততালিকে পুলিশক জঁনালে। তেঁওলোকৰ উদ্দেশ্য আছিল সভাত বাধা দিয়া। যেতিয়া পুলিশে তেঁওলোকক তাৰ পৰা আতৰাই লৈ গৈ আছিল, তেঁওলোকে ‘খালিস্তান জিন্দাবাদ’-ৰ স্লগান দিবলৈ আৰম্ভ কৰিলে। এনে সময়চোৱাত, সভাত উপস্থিত কংগ্ৰেছৰ সমৰ্থকসকলে কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ সমৰ্থনত স্ল’গান দিয়ে।’

আমি ফেচবুক ব্যৱহাৰকাৰী ‘যোগেশ পেটেল’ প্ৰ’ফাইল স্কেন কৰিছো, যিজনে এটা ভুল দাবিৰ সৈতে ভিডিঅ’টো ভাইৰাল কৰিছিল। ইয়াৰ মতে, তেঁও মুম্বাইৰ বাসিন্দা আৰু ফেব্ৰুৱাৰী 2011 ৰ পৰা তেঁও ফেচবুকত সক্ৰিয়।

নিষ্কৰ্ষঃ খালিস্তানৰ সমৰ্থকসকলে লণ্ডনত ইণ্ডিয়ান অ’ভাৰছিজ কংগ্ৰেছ ইউকে মেগা সভাত নিৰাপত্তাৰক্ষীক ফাঁকি দি সোমাই গৈছিল। তাতে তেঁওলোকে দেশ-বিৰোধী স্”গান দিয়ে। তাৰ প্ৰতিক্ৰিয়াত, কংগ্ৰেছ সমৰ্থকসকলে ‘কংগ্ৰেছ পাৰ্টি জিন্দাবাদ’ –ৰ স্লগান দিয়ে। ভিডিঅটো ভুল দাবিৰ সৈতে ভাইৰাল হৈ আছে।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস