X
X

Fact Check : এই ফটো আন্না হাজাৰেৰ নহয়, আৰু তেওঁ বিজেপিত যোগদানো কৰা নাই, এই ভাইৰেল পোষ্ট ভুৱা

সামৰণি: বিশ্বাস নিউজৰ তদন্তত আন্না হাজাৰেই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা খবৰ ভুৱা বুলি প্ৰতিপন্ন হৈছে। ফটো সম্পাদনা সঁজুলি ব্যৱহাৰ কৰি এই পোষ্ট প্ৰস্তুত কৰা হৈছিল।

  • By: Ashish Maharishi
  • Published: Feb 9, 2021 at 10:52 AM
  • Updated: Feb 10, 2021 at 10:16 AM


নতুন দিল্লী (Vishvas News) ছ’চিয়েল মিডিয়াত এখন ফটো যথেষ্ট ভাইৰেল হৈ থকা দেখা গৈছে। ফটোখনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে আন্না হাজাৰেক দেখা গৈছে। ভাইৰেল হোৱা পোষ্টত ইউজাৰগৰাকীয়া দাবী কৰিছে যে আন্না হাজাৰেই বিজেপিত যোগদান কৰিছে আৰু বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে।

বিশ্বাস নিউজে এই ভাইৰেল হোৱা পোষ্টটোৰ সত্যতা বিচাৰ কৰি চোৱাত আমি জানিব পাৰিছো যে এই ফটোখন Morph কৰা হৈছে বা কৃত্ৰিমভাৱে প্ৰস্তুত কৰা হৈছে। কোনো ফটো সম্পাদনা সঁজুলিৰ ব্যৱহাৰেৰে এই ফটোখন প্ৰস্তুত কৰা হৈছে। ইয়াৰ আচল ফটোখনত আন্না হাজাৰেৰ স্থানত আছিল জ্যোতিৰাদিত্য সিন্ধিয়া।

কি ভাইৰেল হৈছে

ফে’চবুক পেজ ৰবিশ কুমাৰ ফেন ক্লাৱে ৩০ জানুৱাৰীত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। এই পোষ্ট অনুসৰি, এয়া হৈছে এটা টুইটৰ স্ক্ৰীণশ্বট। ইয়াত @AnnaHaare নামৰ এটা টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰা হৈছে। ইয়াত লিখা হৈছে – মাননীয় শ্ৰী জে পি নাড্ডাৰ উপস্থিতিত আজি ভাৰতীয় জনতা পাৰ্টীৰ সদস্য পদ গ্ৰহণ কৰিলো।

ফে’চবুক পোষ্ট ৰ আৰ্কাইভ লিংক ইয়াত চাব পৰা যাব।

অনুসন্ধান

বিশ্বাস নিউজে এই অনুসন্ধান গুগল ছাৰ্ছেৰে আৰম্ভ কৰিছিল। আমি কোনো স্থানত আন্না হাজাৰেই বিজেপিত যোগদানৰ কোনো খবৰ লাভ নকৰিলো। ইয়াৰ পিছতে আমি এই ভাইৰেল হোৱা ফটোখন ৰিভাৰ্ছ ইমেজ টুলৰ সহায়ত বিচাৰ খোচাৰ কৰাত প্ৰকৃত ফটোখনত আন্না হাজাৰেৰ স্থানত জ্যোতিৰাদিত্য সিন্ধিয়াক দেখিবলৈ পাওঁ। টাইমছ অৱ ইণ্ডিয়াৰ ৱেবছাইটত থকা এটা বাতৰিতো আমি প্ৰকৃত ফটোখন লাভ কৰো। এই ফটোখন তেতিয়াৰ ফটো, যেতিয়া জ্যোতিৰাদিত্য সিন্ধিয়াই কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীৰ সদস্যপদ গ্ৰহণ কৰিছিল। সম্পূৰ্ণ খবৰ  ইয়াত পঢ়িব পাৰে।

এই অনুসন্ধানকালত আমি এবিপি নিউজৰ অধীনৰ ইউটিউব চেনেলত এক খবৰ লাভ কৰো। ইয়াত কোৱা হৈছে যে জ্যোতিৰাদিত্য সিন্ধিয়াই গ্ৰহণ কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ সদস্যপদ। ভিডিঅ’টোত জ্যোতিৰাদিত্য সিন্ধিয়াক বিজেপি অধ্যক্ষ জে পি নাড্ডা আৰু অন্যান্য জ্যেষ্ঠ বিজেপি নেতাসকলৰ সৈতে দেখা গৈছে। ভিডিঅ’টোৰ পঞ্চম মিনিটত স্পষ্টভাৱে দেখা গৈছে যে বিজেপি অধ্যক্ষই জ্যোতিৰাদিত্য সিন্ধিয়াক এটা ফুলৰ তোৰা প্ৰদান কৰিছে। এয়া হৈছে ২০২০ বৰ্ষৰ ১১ মাৰ্চৰ ঘটনা। সম্পূৰ্ণ ভিডিঅ’ তলৰ লিংকত চাব পাৰিব।

আমাৰ তদন্তকালত লগতে বিশ্বাস নিউজৰ তৰফৰ পৰা আন্না হাজাৰেৰ সৈতে ইমেইলযোগে যোগাযোগ স্থাপন কৰো। এই ইমেইলৰ প্ৰত্যুত্তৰত আমাক জনোৱা হয় যে আন্না হাজাৰেৰ বিজেপি যোগদানৰ খবৰ সম্পূৰ্ণ ভুৱা। ভাইৰেল হোৱা ফটো আৰু তেওঁৰ নামত ব্যৱহাৰ কৰা টুইটাৰ একাউণ্ট দুয়োটাই ভুৱা।

তদন্তকালত আমি জানিবলৈ পাও যে @AnnaHaare নামৰ কোনো টুইটাৰ একাউণ্ট এতিয়া আৰু নাই।

তদন্তৰ শেষ পৰ্যায়ত আমি উক্ত ইউজাৰগৰাকীৰ সৈতেও যোগাযোগ স্থাপন কৰো। ইয়াতেই আমি জানিব পাৰো যে ৰবিশ কুমাৰ ফেন ক্লাৱ নামৰ এই ফে’চবুক পেজটো যথেষ্ট সক্ৰিয়।


নিষ্কৰ্ষঃ সামৰণি: বিশ্বাস নিউজৰ তদন্তত আন্না হাজাৰেই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা খবৰ ভুৱা বুলি প্ৰতিপন্ন হৈছে। ফটো সম্পাদনা সঁজুলি ব্যৱহাৰ কৰি এই পোষ্ট প্ৰস্তুত কৰা হৈছিল।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later