Fact Check: ঢাকাত হোৱা ফ্ৰান্স বিৰোধী বিক্ষোভৰ ছবিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাংলাদেশ যাত্ৰাৰ বিৰোধিতা বুলি কৰা হৈছে ভাইৰেল

উপসংহাৰ – ফ্ৰান্স আৰু ফৰাচী ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে বিগত বৰ্ষত ঢাকাত হোৱা বিক্ষোভ প্ৰদৰ্শনৰ ছবি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাংলাদেশ যাত্ৰাত হোৱা বিৰোধৰ ছবি বুলি ভুৱা দাবীৰে ভাইৰেল কৰা হৈছে।

Fact Check: ঢাকাত হোৱা ফ্ৰান্স বিৰোধী বিক্ষোভৰ ছবিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাংলাদেশ যাত্ৰাৰ বিৰোধিতা বুলি কৰা হৈছে ভাইৰেল

নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ থকা এখন বিশেষ ছবিত যথেষ্ট সংখ্যক বিক্ষোভকাৰীক দেখা গৈছে। এই ছবিখনৰ সৈতে দাবী কৰা হৈছে যে এই ছ্বিখন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া বাংলাদেশ ভ্ৰমণৰ বিৰুদ্ধে চলা বিক্ষোভ প্ৰদৰ্শনৰ ছবি।

বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবী ভুৱা বুলি প্ৰমাণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাংলাদেশ যাত্ৰাৰ বিৰুদ্ধাচৰণেৰে ঢাকাত বিক্ষোভ প্ৰদৰ্শন হোৱা বুলি দাবীৰে ভাইৰেল হোৱা ছবিখন প্ৰকৃততে বিগত বৰ্ষত বাংলাদেশৰ ঢাকাত ফ্ৰান্সৰ বিৰোধিতাৰে উলিওৱা প্ৰতিবাদী কাৰ্যসূচীৰহে ছবি, এই ছবিখনকে মিছা দাবীৰে সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাংলাদেশ যাত্ৰাৰ সৈতে সংযুক্ত কৰি ভাইৰেল কৰি থকা হৈছে।

কি এই ভাইৰেল পোষ্ট?

ছ’চিয়েল মিডিয়া ইউজাৰ  ‘মোঃ ইমান আলীয়ে এই ভাইৰেল ফটোখন (আৰ্কাইভ লিংক) বাংলা ভাষাত এটা পোষ্টসহ শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, “মাশাল্লাহ! ঢাকায় ধর্ম ভীরু মুসলিম ভাই এবং ইসলামী দলগুলোর আজকের মোদী বিরোধী আন্দোলন।
ইসলামিক দলগুলো দেখিয়ে দিলো যে দেশপ্রেম এবং ধর্মপ্রেম তাদের হৃদয়ের মনিকোঠায় থাকে!
ধন্যবাদ ইসলামপ্রিয় তৌহিদী জনতা!❤️”

এই পোষ্টটোৰ অসমীয়া অনুবাদ এনেধৰণৰ -”অনবদ্য, ঢাকাত ভয়াতুৰ মুছলমান ভাইসকল আৰু ইছলামিক দলবোৰে আজি কৰা মোদী বিৰোধী আন্দোলন। ইছলামিক দলবোৰে দেখুৱাই দিলে যে দেশভক্তি আৰু ধৰ্ম তেওঁলোকৰ হৃদয়ত আছে। ধন্যবাদ ইছলামিক তৌহিদীসকল!”

ছ’চিয়েল মিডিয়াত অন্যান্য বহু ইউজাৰে এই ছবিখন প্ৰায় একেধৰণৰ দাবীৰে শ্বেয়াৰ কৰিবলৈ লৈছে।

অনুসন্ধান

ভাইৰেল হৈ থকা এই ছবিখনৰ সৈতে কৰা দাবীৰ সত্যতা নিৰূপণ কৰিবলৈ আমি গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্ছৰ সহায় লওঁ। আমাৰ অনুসন্ধানত এই ছবিখন repubblica.it ৱেবছাইটত ২৭ অক্টোবৰ ২০২০ তাৰিখে প্ৰকাশিত এটা ৰিপ’ৰ্টত উল্লেখ থকা দেখিবলৈ পাওঁ।

এই প্ৰতিবেদনত উল্লেখ কৰা তথ্য অনুসৰি এই ছবিখন ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰাই হজৰত মহম্মদ সন্দৰ্ভত কাৰ্টুন প্ৰকাশ কৰাৰ বিষয়ক লৈ দিয়া টিপ্পনীৰ বিৰুদ্ধে বাংলাদেশৰ ৰাজধানী ঢাকাত প্ৰদৰ্শিত বিক্ষোভৰহে ছবি।

nst.com ৱেবছাইটতো বিগত ২৮ অক্টোবৰ ২০২০ তাৰিখে প্ৰকাশিত প্ৰতিবেদনত এই ছবি ব্যৱহাৰ কৰা হৈছিল।

nst.com ৰ ৱেৱবছাইটত ২৮ অক্টোবৰ ২০২০ তাৰিখে প্ৰকাশিত এক প্ৰতিবেদনত ব্যৱহাৰ কৰা এখন ছবি, যিখন ছবি প্ৰধানমন্ত্ৰী মোদীৰ বাংলাদেশ যাত্ৰাৰ বিৰোধিতাৰে কৰা বিক্ষোভৰ ছবি বুলি ভাইৰেল কৰা হৈছে।

প্ৰতিবেদনত উল্লেখ কৰা তথ্য অনুসৰি এই ছবিখন বাংলাদেশৰ ৰাজধানী ঢাকাত হোৱা ফ্ৰান্স বিৰোধী এক বিক্ষোভৰ ছবি, এই বিক্ষোভত ইছলামিক আন্দোলন বাংলাদেশ পাৰ্টীৰ সদস্যসকলে ঢাকাত থকা ফৰাচী দূতাবাসৰ দিশে সমদল উলিয়াইছিল।

আমি এই ছবিখন বিশিষ্ট সাংবাদিক অভিষেক ৰঞ্জন সিংলৈও প্ৰেৰণ কৰিছিলো, এইগৰাকী সাংবাদিকে বাংলাদেশত হিন্দুসকলৰ স্থিতি আৰু ৰোহিঙ্গীয়া সমস্যাৰ দৰে ভালেমান স্পৰ্শকাতৰ বিষয়ক লৈ গ্ৰাউণ্ড ৰি”ৰট প্ৰস্তুত কৰিছিল। তেওঁ কয়, ‘এই ছবিৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া দুদিনীয়া বাংলাদেশ ভ্ৰমণৰ কোনো সম্পৰ্ক নাই।” তেওঁ লগতে কয়, “ঢাকা প্ৰেছ ক্লাৱৰ বাহিৰত কিছুসংখ্যক লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাংলাদেশ ভ্ৰমণৰ বিৰোধিতা কৰাটো সত্য, কিন্তু এই ছবি শেহতীয়া বিৰোধ প্ৰদৰ্শনৰ ছবি নহয়। ভাইৰেল ছবিখনত ভালেমান লোকৰ হাতত ফৰাচী ৰাষ্ট্ৰপতিৰ ছবি থকা বেনাৰো স্পষ্টকৈ দেখা গৈছে।’

ভাইৰেল ছবিখন ভুৱা দাবীৰৈ সৈতে শ্বেয়াৰ কৰা ইউজাৰ গৰাকীয়ে নিজৰ প্ৰ’ফাইলত নিজকে ঢাকা নিবাসী বুলি উল্লেখ কৰিছে। এই লোকগৰাকীৰ প্ৰ’ফাইল ফে’চবুকত প্ৰায় ১০ হাজাৰ লোকে ফ’ল’ কৰে।

উল্লেখ্য যে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশ ভ্ৰমণ আৰম্ভ কৰিছে। দৈনিক জাগৰণত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ‘ক’ভিড-১৯ মহামাৰীৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমবাৰৰ বাবে বিদেশযাত্ৰা হিচাপে কোনো চুবুৰীয়া দেশলৈ গৈছে। তেওঁ শুক্ৰবাৰে বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস সমাৰোহ আৰু বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই সময়ছোৱাতে হ’বলগীয়া দ্বিপাক্ষিক বৈঠকত সৈন্য সহযোগিতাৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হ’ব। ইয়াৰ উপৰিও কানেক্টিভিটি আঁচনি তথা শক্তি সহযোগিতাৰ ক্ষেত্ৰতো কিছু প্ৰস্তাৱত হস্তাক্ষৰ সম্পন্ন হোৱাৰ সম্ভাৱনা আছে।’ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ অফিচিয়েল টুইটাৰ প্ৰ’ফাইলৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই দুদিনীয়া ভ্ৰমণ সন্দৰ্ভত তথ্য সদৰী কৰা হৈছে।

নিষ্কৰ্ষঃ উপসংহাৰ – ফ্ৰান্স আৰু ফৰাচী ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে বিগত বৰ্ষত ঢাকাত হোৱা বিক্ষোভ প্ৰদৰ্শনৰ ছবি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাংলাদেশ যাত্ৰাত হোৱা বিৰোধৰ ছবি বুলি ভুৱা দাবীৰে ভাইৰেল কৰা হৈছে।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস