X
X

Fact Check: চনু ছুডে নহয়, বৰঞ্চ তেওঁৰ ভগ্নী মালবিকাইহে কংগ্ৰেছ দলত যোগ দিছে, ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ

চনু সুদৰ ভগ্নী মালবিকা সুদ চাচাৰে পঞ্জাৱৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰিছে। চলচ্চিত্ৰ অভিনেতা চনু সুদে কংগ্ৰেছত যোগদান কৰা নাই।

নতুন দিল্লী (বিশ্বাস নিউজ) । উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু উত্তৰাখণ্ডৰ লগতে পাচখন ৰাজ্যত ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। ইয়াকে লৈ সকলো ৰাজনৈতিক দলেই ছ’চিয়েল মিডিয়াত সৰ্বস্ব উজাৰি দিছে। ইয়াৰ মাজতে তাৰকা অভিনেতা চনু ছুদ আৰু নৱজোৎ সিং সিদ্ধুৰ লগতে পাচগৰাকী লোকৰ এখন ফটো ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। এই ভাইৰেল ফটোৰ সৈতে দাবী কৰা হৈছে যে অভিনেতা চনু ছুদ আৰু তেওঁৰ ভগ্নী তথা পঞ্জাৱৰ সমাজকৰ্মী মালৱিকা ছুদে কংগ্ৰেছ দলত যোগ দিছে।

বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত এই দাবী বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। দৰাচলতে চনু ছুদৰ ভগ্নীয়েহে কংগ্ৰেছত যোগ দিছে, চনু ছুদে নহয়।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক পেজ ‘राहुल गांधी समर्थक पेज लाइक करें’ ত ১০ জানুৱাৰী তাৰিখে এই ফটোখন পোষ্ট কৰা হৈছে। ইয়াত চনু ছুদক তেওঁৰ ভগ্নী মালবিকা আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীৰ সৈতে দেখা গৈছে। এই ফটোখনৰ সৈতে লিখা হৈছে – দৰিদ্ৰ লোকসকলৰ ঈশ্বৰ চনু ছুদজী আৰু তেওঁৰ ভগ্নী তথা পঞ্জাৱৰ সমাজকৰ্মী মালবিকা ছুদজীয়ে কংগ্ৰেছত যোগদান কৰিছে!

অনুসন্ধান

আমি ভাইৰেল দাবীৰ অনুসন্ধান কৰিবলৈ কীৱৰ্ডৰ পৰা বাতৰিটো অনুসন্ধান কৰিছিলো। ইয়াত, আমি ৯ জানুৱাৰীত jagran ত প্ৰকাশিত বাতৰিৰ এটা লিংক পাইছিলো। ইয়াৰ মতে, চনু সুদৰ ভগ্নী মালবিকাই শনিবাৰে কংগ্ৰেছত যোগদান কৰে। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মালবিকাই কয় যে তেওঁ এইমাত্ৰ দলৰ প্ৰাথমিক সদস্য হৈ পৰিছে। মালবিকাই কংগ্ৰেছত যোগদান কৰাৰ আগতেই নিৰ্বাচন আয়োগে চনু সুদৰ পৰা পঞ্জাৱ ৰাজ্যিক আইকনৰ নিযুক্তি প্ৰত্যাহাৰ কৰিছিল। চনু সুদক নিৰ্বাচনত ভোট দিবলৈ মানুহক সংবেদনশীল কৰিবলৈ ৰাজ্যিক আইকন বনোৱা হৈছিল।

পৰৱৰ্তী অনুসন্ধানত, আমি ১০ জানুৱাৰীত পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীৰ পৰা এটা টুইট পাইছিলো। ইয়াত এটা ভাইৰেল ফটোও পোষ্ট কৰা হৈছে। একেলগে লিখা হৈছে,

Welcoming Malvika Sood Sachar, sister of Social Worker & Actor, @SonuSood, into the party fold. I am sure Malvika will serve the people with full honesty and integrity and help spread the message of the Congress party at the grass root level. (সমাজকৰ্মী আৰু অভিনেতা চনু সুদৰ ভগ্নী মালবিকা সুদ চাচাৰক পাৰ্টিলৈ স্বাগতম জনোৱা হৈছে। মই নিশ্চিত যে মালবিকাই সকলো আন্তৰিকতা আৰু নিষ্ঠাৰে জনসাধাৰণক সেৱা আগবঢ়াব আৰু দলৰ বাৰ্তা তৃণমূল পৰ্যায়লৈ প্ৰচাৰ কৰাত সহায় কৰিব।)

আমি এই বিষয়ে অভিনেতা চনু সুদৰ সৈতে যোগাযোগ কৰিছিলো। যেতিয়া আমি তেওঁক কংগ্ৰেছত যোগদান কৰাৰ বিষয়ে প্ৰশ্ন সুধিছিলো, তেওঁ কৈছিল:, Not true at all. I have no plans to join politics. (এইটো সঁচা নহয়। মোৰ এতিয়া ৰাজনীতিত যোগদান কৰাৰ কোনো পৰিকল্পনা নাই।) তেওঁ তেওঁৰ টুইটাৰৰ এটা স্ক্ৰীণশ্বটও শ্বেয়াৰ কৰিছিল। তেওঁ তেওঁৰ ভগ্নী মালবিকাক এটা নতুন যাত্ৰাৰ শুভেচ্ছা জনাইছে।

আনহাতে, পঞ্জাৱৰ দৈনিক জাগৰণৰ সাংবাদিক মনুয়ে কয়, চনু সুদে কংগ্ৰেছত যোগদান কৰা নাই। তেওঁৰ ভগ্নীয়ে মোগাৰ পৰা কংগ্ৰেছত যোগদান কৰিছে।

আমি ফেচবুক পৃষ্ঠা ‘राहुल गांधी समर्थक पेज लाइक करें’ স্কেন কৰিছিলো, যিয়ে ফটোখন বিভ্ৰান্তিকৰ দাবীৰ সৈতে শ্বেয়াৰ কৰিছিল। ২০২০ চনৰ ২২ জানুৱাৰীত সৃষ্টি কৰা এই পৃষ্ঠাটো ৰাজনৈতিক আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত। ইয়াত আছে ১১,০০০ ৰো অধিক লোক।

নিষ্কৰ্ষঃ চনু সুদৰ ভগ্নী মালবিকা সুদ চাচাৰে পঞ্জাৱৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰিছে। চলচ্চিত্ৰ অভিনেতা চনু সুদে কংগ্ৰেছত যোগদান কৰা নাই।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later