Fact Check: আঘাতপ্ৰাপ্ত মহিলাগৰাকীৰ এই ছবিখন বাংলাদেশৰ, পশ্চিমবঙ্গৰ নহয়

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত সংশ্লিষ্ট ভাইৰেল দাবীটো ভুল বুলি প্ৰমাণিত হৈছে। দৰাচলতে, এই ছবিখন পশ্চিমবঙ্গৰ নহয়, বাংলাদেশৰহে।

নতুন দিল্লী (বিশ্বাস নিউজ)  ছ’চিয়েল মিডিয়াত এখন ছবি ভাইৰেল হৈ আছে য’ত এগৰাকী আঘাতপ্ৰাপ্ত মহিলাক দেখা গৈছে। ভাইৰেল ছবিখনত মহিলাগৰাকীৰ মূৰৰ পৰা ৰক্তক্ষৰণ হোৱা দেখিবলৈ পোৱা গৈছে। পোষ্টটো পশ্চিমবংগৰ বুলি দাবী কৰা হৈছে। পিছে এই ভাইৰেল দাবীটো বিশ্বাস নিউজৰ অনুসন্ধানত মিছা বুলি প্ৰমাণিত হৈছিল। দৰাচলতে, এই ছবিখন বাংলাদেশৰ।

অৱশ্যে, এয়া সত্য যে ২ মে’ত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত পশ্চিমবংগত বিভিন্ন বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল, যিয়ে ভালেমান কাঢ়ি নিয়াৰ লগতে বহু লোকে লক্ষ লক্ষ টকাৰ সম্পত্তিও হেৰুওৱাবলগীয়া হৈছে।

কি এই ভাইৰেল পোষ্ট

টুইটাৰ ইউজাৰ @Isha5384 এ ৪ মে’ তাৰিখে এই ফটোখন আপলোড কৰি লিখিছে, “পশ্চিমবঙ্গৰ সম্ভ্ৰম শেষ হৈ গ’ল😢🙏এয়া কি মহিলা নহয়, এয়া কি বংগ কন্যা নহয়, কেৱল মমতাহে বঙালী আৰু মহিলা নেকি। সেইসকল মহিলাক ধিক্কাৰ, যিয়ে এতিয়াও নিলাজৰ লেখীয়াকৈ মমতাক সমৰ্থন কৰি আহিছে।” এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল পোষ্টৰ বাবে পৰীক্ষা কৰিবলৈ গুগল ৰিভাৰ্চ ইমেজ টুলৰ সহায় লৈছিল। যেতিয়া আমি ভাইৰেল ছবিখন আপলোড কৰি অনুসন্ধান আৰম্ভ কৰো, তেতিয়া আমি ৪ নৱেম্বৰ, ২০২০ তাৰিখে Raju Das 🇧🇩 @RajuDas7777 নামৰ টুইটাৰ একাউণ্টত আপলোড কৰা ফটোখন পাইছিলো। ফটোখনৰ লগত লিখা আছিল “On 3/11/2020, land robber Md: Rubel & his terrorist forces attacked a poor Hindu family at East Yugir Hat in Aman Bazar, Hathazari Police Station,Chittagong,Bangladesh. Land robber Md: Rubel has been trying to occupy d victim’s place for a long time. #HinduLivesMatterInBangladesh” ইয়াৰ অসমীয়া অনুবাদ হৈছে “৩/১১/২০২০ তাৰিখে ভুমাফিয়া মহম্মদ ৰুবেল আৰু তেওঁৰ এটা ভেৰোণীয়া গুণ্ডাৰ দলে বাংলাদেশৰ চিটাগঙৰ হাতঝাৰী আৰক্ষী থানাৰ আমান বজাৰৰ পূব য়ুগিৰ হাটত এটা দৰিদ্ৰ হিন্দু পৰিয়ালক আক্ৰমণ কৰে। ভূমি ডকাইতৰ চৰ্দাৰ ৰুবেলে দীৰ্ঘদিন ধৰি ভুক্তভোগীৰ ঘৰ দখল কৰিবলৈ চেষ্টা কৰি আহিছে।”

আমি এই ছবিখন এটা ফে’চবুক পোষ্টত পাইছিলোঁ। ৪ নৱেম্বৰত মরণ ফাঁদ-লাভ জিহাদ নামৰ এটা বাংলাদেশী ফে’চবুক পেজত এই ছবিখন পোষ্ট কৰি লিখা হৈছিল, “চিটাগং জিলাৰ হাটজাৰি আৰক্ষী থানাৰ আমান বজাৰৰ পূৱ অংশৰ য়ুগিন হাটত ভূ মাফিয়াৰ এটা দলে এটা দৰিদ্ৰ পৰিয়ালক আক্ৰমণ কৰিছিল। ”

এই কথা নিশ্চিত কৰিবলৈ, টুইটাৰ ইউজাৰ ৰাজু দাসৰ সৈতে যোগাযোগ কৰিছিলো যিয়ে নৱেম্বৰত এই ভিডিঅ’টো টুইট কৰিছিল। ৰাজু দাস এগৰাকী বাংলাদেশী হিন্দু কৰ্মী। আমাৰ সৈতে ফোনযোগে কথা পাতি তেওঁ স্পষ্ট কৰি দিয়ে যে ঘটনাটো ২০২০ চনৰ নৱেম্বৰ মাহত বাংলাদেশৰ চিটাগঙত সংঘটিত হৈছিল।

দৈনিক জাগৰণৰ ৱেবছাইটত  বিগত ৬ মে’ তাৰিখে প্ৰকাসিত এক খবৰ অনুসৰি, “পশ্চিমবঙ্গত, বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছৰে পৰা আৰম্ভ হোৱা ৰাজনৈতিক হিংসা সাম কটাৰ কোনো লক্ষণেই দেখা যোৱা নাই। ৰাজ্যিক বিজেপিয়ে বৃহস্পতিবাৰে দাবী কৰিছিল যে যোৱা ২৪ ঘণ্টাত দলটোৰ আৰু দুগৰাকী কৰ্মীক নিৰ্মমভাৱে হত্যা কৰা হৈছে। লগতে দলটোৱে ৰাজ্যখনৰ বিভিন্ন স্থানত বিজেপি কৰ্মী আৰু তেওঁলোকৰ ঘৰত আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলিও উল্লেখ কৰিছে।” সবিশেষ তথ্যৰ বাবে এই বাতৰিটো পঢ়ক।

বাংলাদেশৰ এই পুৰণি ছবিখন পশ্চিমবঙ্গৰ বুলি কৈ ভাইৰেল কৰা ইউজাৰগৰাকীৰ প্ৰ’পাইল স্কেন কৰাত আমি জানিব পাৰো যে টুইটাৰ ইউজাৰ ঈশা বাজাজ @Isha5384 ৰ ৪,০৮৬ জন অনুসৰণকাৰী আছে।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত সংশ্লিষ্ট ভাইৰেল দাবীটো ভুল বুলি প্ৰমাণিত হৈছে। দৰাচলতে, এই ছবিখন পশ্চিমবঙ্গৰ নহয়, বাংলাদেশৰহে।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস