X
X

ফেক্ট চেক: বিহাৰৰ 5 বছৰ পুৰণি বন্যাৰ ভিডিঅ’, অসমৰ বন্যাৰ ভিডিঅ’ বুলি ভাইৰাল হৈ আছে

ভাইৰাল হোৱা দাবীটো বিশ্বাস নিউজৰ তদন্তত অসত্য বুলি প্ৰমানিত হৈছে। এই ভিডিঅ’ৰ অসমৰ লগত কোনো সম্পৰ্ক নাই, ভাইৰাল হোৱা ভিডিঅ’খন বিহাৰৰ আৰাৰিয়া জিলাত 2017 ত হোৱা বানপানীৰ ভিডিও।

নিউ দিল্লি (বিশ্বাস নিউজ) : এটা ভিডিঅ’ য’ত দেখা গৈছে এটা সম্পূৰ্ণ পৰিয়াল, দলঙ এখন ভাঙি পৰাৰ পাছত পৰি গৈছে আৰু বোৱতি পানীত উটি গৈ আছে, এই ভিডিঅ’খন সামাজিক মাধ্যমত বেছিকৈ শ্বেয়াৰ হৈ আছে। সামাজিক মাধ্যমত থকা ব্যৱহাৰকাৰীসকলে এয়া দাবী কৰিছে যে এই ভিডিঅ’খন অসমত অলপতে হোৱা বানপানীৰ ঘটনা। ভাইৰাল দাবীটো বিশ্বাস নিউজৰ তদন্তত অসত্য বুলি প্ৰমাণিত হৈছে। ভিডিঅ’টোৰ লগত অসমৰ বানপানীৰ কোনো সম্বন্ধ নাই, এই ভিডিঅ’খন প্ৰকৃততে 2017-ত বিহাৰৰ আৰাৰিয়া জিলাত হোৱা বানপানীৰ ভিডিঅ’।

দাবী:

ভিডিঅ’খন এই কেপচনেৰে(আৰ্কাইভ লিঙ্ক) : শ্বেয়াৰ হৈ আছে “অসমৰ বানপানী 2022: ধাৰাসাৰ বৰষুন #অসমৰবানপানী #অসম #অসমৰবৰষুন #অসম 2022 বান #অসমপানী”

তদন্ত

বিশ্বাস নিউজে ভিডিঅ’খনৰ সত্যতা বিছাৰোঁতে ইনভিড টুল ব্যৱহাৰ কৰিছে। এই টুলৰ সহায়তে, আমি বহুত ভিডিঅ’ বিছাৰিছো আৰু সেইবিলাকক গুগল ৰিভাৰ্চ ইমেজৰ জৰিয়তে অনুসন্ধান কঁৰিছো। আমি ভাইৰাল ভিডিঅ’ৰ সন্দৰ্ভত দৈনিক জাগৰণ অফিছিয়েল ইউটিউব চেনেলত এখন ৰিপোৰ্ট পাইছো। এয়া 18 আগষ্ট 2017-ত আপল’ড কৰা হৈছিল। কেপচন মতে, ভাইৰাল ভিডিঅ’খন বিহাৰৰ আৰাৰিয়া জিলাৰ। ANI নামক নিউজ এজেঞ্চিটোৱেও একে তথ্যৰ সৈতে ভিডিঅ’খন শ্বেয়াৰ কৰিছে।

পোৱা তথ্যৰ ভিত্তিত, আমি কিছুমান কি-ৱাৰ্ডৰ মাধ্যমে গুগলত বিছাৰিছো। আমি ভাইৰাল হোৱা দাবী সন্দৰ্ভত 18 আগষ্ট 2017 ত ইণ্ডিয়া.কম-ৰ ওৱেবচাইটত প্ৰকাশ হোৱা এখন ৰিপোৰ্ট বিছাৰি পাইছো। ৰিপোৰ্টত দিয়া তথ্য মতে, এয়া বিহাৰৰ আৰাৰিয়া জিলাত ঘটা এখনি ঘটনাৰ ভিডিঅ’। এই ঘটনাটো আগষ্টৰ 13 তাৰিখে ঘটিছিল, যেতিয়া দলঙ ভাঙি পৰাৰ বাবে তিনজন ব্যক্তিৰ মৃত্যু ঘটিছিল।

দা কুইণ্ট-এ 18 আগষ্ট 2017-ত এখন ভিডিঅ’ আপল’ড কৰিছিল। ভিডিঅ’টোত মহিলাগৰাকীৰ ভনীক পানীত পৰি যোৱা দেখা গৈছিল আৰু জোনগৰাকী ব্যক্তিয়ে এই ঘটনাটো কেমেৰাবন্দী কৰিছিল, তেঁও এই বিষয়ে কথা পাতিছিল। মহিলাগৰাকীৰ ভনীয়ে কয় যে, তেঁও এই ঘটনাত তেঁও পৰিয়ালৰ সদস্যসকলক হেৰুৱাইছে।

অধিক তথ্যৰ বাবে, বিশ্বাস নিউজে, বিহাৰৰ দৈনিক জাগৰণ-ৰ ৰাজ্যিক বিউৰ’ প্ৰধান অৰবিন্দ শৰ্মাৰ লগত যোগাযোগ স্থাপন কৰে। আমি তেঁওৰ লগত ভাইৰাল দাবীৰ বিষয়ে আলোচনা কৰিলো, তেঁওলোকে আমাক জঁনায় যে এই ভাইৰাল দাবীটো অসত্য। ভিডিঅ’টো প্ৰকৃততে 5 বছৰ আগত বিহাৰৰ আৰাৰিয়া জিলাৰ ঘটা এখন ঘটনাৰ।

তদন্তৰ শেষ ধাপত, বিশ্বাস নিউজে ভাইৰাল পোষ্টটো শ্বেয়াৰ কৰা প্ৰ’ফাইলৰ এটা বেকগ্ৰাউণ্ড চেক কৰে। আমি তাতে গম পাঁও যে, ব্যৱহাৰকাৰীক 587 জন মানুহে অনুসৰণ কৰে। ধঙ্গল শ’ 14 মে 2022-ৰ পৰা সক্ৰিয়।

নিষ্কৰ্ষঃ ভাইৰাল হোৱা দাবীটো বিশ্বাস নিউজৰ তদন্তত অসত্য বুলি প্ৰমানিত হৈছে। এই ভিডিঅ’ৰ অসমৰ লগত কোনো সম্পৰ্ক নাই, ভাইৰাল হোৱা ভিডিঅ’খন বিহাৰৰ আৰাৰিয়া জিলাত 2017 ত হোৱা বানপানীৰ ভিডিও।

  • Claim Review : অসমৰ বানপানী 2022 ধাৰাসাৰ বৰষুন
  • Claimed By : Dhangal Show
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later