X
X

ফেক্ট চেক: 2015 ৰাজ ঠাকৰেৰ পৰ্তনী নিজৰ কুকুৰে কামোৰা ভিডিও আজিকালি ভাইৰাল হৈ আছে

উপসংহাৰ বিশ্বাস নিউজে তেঁওলোকৰ তদন্তত গম পাইছে যে, 2015 চনত ৰাজ ঠাকৰেৰ পত্নীক কুকুৰে কামোৰা ঘটনাটো সাম্প্ৰতিক কালত হোৱা বুলি ভাইৰাল হৈ আছে। এই পোষ্টটো ভ্ৰমাত্মক।

নিউ দিল্লি (বিশ্বাস নিউজ) : বিশ্বাস নিউজ এনে এখন পোষ্টৰ সন্মুখীন হৈছে য’ত আজ তক নিউজৰ এটা ক্লিপিং সামাজিক মাধ্যমত হুৰাহুৰে প্ৰচাৰ কৰা হৈ আছে, এয়া কৈ যে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ চেনা (এমএনএচ)প্ৰধান ৰাজ ঠাকৰেৰ পত্নিক অলপতে তেঁওলোকৰ ঘৰৰ কুকুৰে কামোৰিছে যাৰ ফলত 65 টা চেলাই ল’ব লগা হৈছে। এয়াও দাবি কৰা হৈ আছে যে, কুকুৰটো ৰাজ ঠাকৰেৰ অলপতে প্ৰকাশ কৰা লাউডস্পিকাৰ বিতৰ্কৰ ওপৰত কৰা মন্তব্যক লৈ অসন্তুষ্ট হৈ আছিল।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোৱা গ’ল যে এই ঘটনাখন 2015-ৰ আৰু অলপতে হোৱা নহয়।

দাবি: 

ফেচবুক ব্যৱহাৰকাৰী, মহম্মদ আলি জওহৰ চিদ্দিকে এখন পোষ্ট শ্বেয়াৰ কৰে আৰু হিন্দিত লিখি দিয়ে:  ডিলিটেড

অনুবাদ:  ডাঙৰ দুখৰ খবৰ, ৰাজ ঠাকৰেৰ পত্নী শৰ্মিলাক তেঁওৰ নিজৰ পোহা কুকুৰটোৱে বেয়াকৈ মুখত কামোৰিলে। 65টা চেলাই পৰিছে, অস্ত্ৰোপচাৰও কৰিব লগা হ’ব পাৰে। এই দুঃখৰ সময়ত আমি তেঁওলোকৰ লগত আছো আৰু আল্লাহক তেঁওলোকৰ বেদনা হ্ৰাস কৰিবলৈ আৰু অতি সোনকালে তেঁওলোকক সুস্থ কৰি তুলিবলৈ প্ৰাৰ্থনা জঁনাইছো। আমিন, চুম্মা আমিন। টোকা- এই ঘটনাৰ লগত ৰাজ ঠাকৰেৰ আজান আৰু মচজিদৰ সন্মুখত হনুমান চালিছা পঢ়া সন্দৰ্ভত কৰা মন্তব্যৰ কোনো সম্পৰ্ক নাই। এয়া মাথো এটা দুৰ্ঘটনা। কুকৰ প্ৰকৃততে কুকুৰ, যেতিয়া মানুহে মানুহৰ আপোন হ’ব নোৱাৰে তেতিয়া কুকুৰ এটা কিদৰে কাৰোবাৰ আপোনজন হ’ব পাৰে? কোনো ভ্ৰাতৃয়ে এই খবৰটো লৈ কোনো অপ্ৰয়োজনীয় পোষ্ট প্ৰকাশ কৰিব নালাগে। শৰ্মিলা ঠাকৰেৰ ঠাইত যদি ৰাজ ঠাকৰেও হলেহেঁতেন, আমি এই দুঃখৰ সময়ত একেদৰে শোক প্ৰকাশ কৰিলো হয়। আমি সকলো ভ্ৰাতৃবৃন্দক একত্ৰিত হ’বলৈ অনুৰোধ জঁনাইছো।

মুল পোষ্ট আৰু তাৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাওঁক।

আন ব্যৱহাৰকাৰীসকলেও একে দাবিৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰিছে

তদন্ত: 

বিশ্বাস নিউজে তেঁওলোকৰ তদন্ত এটা সহজ কিৱাৰ্ডেৰে আৰম্ভ কৰে আৰু এই বিষয়ত বহু খবৰৰ সন্মুখীন হয়।

আমি এটা ইণ্ডিয়া টুডে-ৰ ৰিপোৰ্ট পালো, যাৰ শীৰ্ষক হ’ল:  ৰাজ ঠাকৰেৰ পত্নীক তেঁওলোকৰ পোহা কুকুৰে কামোৰাৰ বাবে 65 টা চেলাই দিবলগীয়া হ’ল

ৰিপোৰ্টত এয়াও লিখা আছে যে, “মঙ্গলবাৰে শৰ্মিলাৰ এটা অস্ত্ৰোপচাৰ হ’ব আৰু তেঁও এতিয়া মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত লাহে লাহে সুস্থ হৈ আছে ”।

যদিও এই ৰিপোৰ্টটো আগষ্ট 19, 2015-ত আপল’ড কৰা হৈছিল।

আমি জি নিউজ দ্বাৰা প্ৰকাশ কৰা এখনি খবৰ গম পাইছো যাৰ শীৰ্ষক হ’ল কিয় ‘বণ্ড’-এ ৰাজ ঠাকৰেৰ পত্নী শৰ্মিলাক কামোৰিলে?

20 আগষ্ট 2015- তাৰিখত কৰা ৰিপোৰ্টখনত এয়াও আছিল যে:  মুম্বাই মিৰৰ-ৰ ৰিপোৰ্ট মতে, শৰ্মিলা তেতিয়া দুৰ্ঘটনাৰ কৱলত পৰিলে যেতিয়া তেঁও অকস্মাৎ কুকুৰক গচকি পালে।

এয়া এতিয়া স্পষ্ট যে এই ৰিপোৰ্টটো অলপতে ঘটা কোনো ঘটনাৰ নহয়, আনকি এয়া আগষ্ট 2015-ৰ এটা ঘটনা।

ডিচেম্বৰ 26 2018, বিশ্বাস নিউজে আৰু এখন ৰিপোৰ্টৰ বিষয়ে গম পায়, যাৰ শীৰ্ষক ৰাজ ঠাকৰেৰ পোহা কুকুৰ বণ্ড, যিটোৱে আগষ্ট 2015-ত তেঁওৰ পত্নীক মুখত কামোৰিছিল, তাৰ মৃত্যু ঘটিছে

আমি চেনেল টিভি 9 ভাৰতবৰ্ষ-ত সেই কুকুৰটোৰ শেষকৃত্যৰ এটা ভিডিও পাইছো।

ইয়াত চাওঁক

এতিয়া এয়া স্পষ্ট যে এই ঘটনাটো অলপতে ঘটা নহয়, কুকুৰটোৱে এমএনএচ প্ৰধানৰ পত্নিক 2015 ত কামোৰিছিল আৰু সেই পোহা কুকৰটোৰ 2018-ত মৃত্যু ঘটে, বিশ্বাস নিউজে এতিয়ালৈ সংগ্ৰহ কৰা সাক্ষ্যৰ দ্বাৰা এয়া স্পষ্ট হৈছে

সত্যাসত্য নিৰুপণৰ দ্বিতীয় স্তৰত, বিশ্বাস নিউজে শালিনী ঠাকৰে, মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ সাধাৰণ সম্পাদকক লগ কৰিলে। তেঁও সদৰি কৰিলে যে এই ঘটনাটো 2015-ত ঘটিছিল যেতিয়া কুকুৰটো শুই আছিল আৰু ৰাজ ঠাকৰেৰ পত্নীয়ে তাৰ উপস্থিতি গম নপোৱাকৈ তাই গচকি পালে। জিকাৰ খোৱা কুকুৰটোৱে তেতিয়া শৰ্মিলাক কামোৰিলে, যাৰ ফলত এটা লঘু অস্ত্ৰোপচাৰ কৰিব লগা হ’ল। তেঁও আৰু কলে যে ঘটনাটো পুৰানা আৰু এনে কোনো ঘটনাক প্ৰচাৰ কৰাটো অপ্ৰাসঙ্গিক, যাৰ বৰ্তমান পৰিস্থিতিৰ লগত কোনো সম্বন্ধ নাই। তেঁও এয়াও জঁনালে যে ঘটনাটোৰ কেইবছৰমান পাছত কুকুৰটোৰ মৃত্যু হৈছিল।

তদন্তৰ শেষ ধাপত, বিশ্বাস নিউজে খবৰটো শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰী, পেজ মহম্মদ আলি জৌহৰ চিদ্দিকৰ সামাজিক নেপথ্য ভুমিৰ নিৰীক্ষণ কৰিলে, যাক 10,000 মানুহে অনুসৰণ কৰে।

নিষ্কৰ্ষঃ উপসংহাৰ বিশ্বাস নিউজে তেঁওলোকৰ তদন্তত গম পাইছে যে, 2015 চনত ৰাজ ঠাকৰেৰ পত্নীক কুকুৰে কামোৰা ঘটনাটো সাম্প্ৰতিক কালত হোৱা বুলি ভাইৰাল হৈ আছে। এই পোষ্টটো ভ্ৰমাত্মক।

  • Claim Review : শৰ্মিলা ঠাকৰেক তেঁওৰ পোহা কুকুৰে কামোৰিলে
  • Claimed By : মহম্মদ আলি জৌহৰ চিদ্দিক
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later