X
X

ফেক্ট চেক:HDFCবেংকৰ বিষয়ে ওলোৱা গুজবৰ ভ্ৰমিত দাবীত মনোযোগ নিদিব|

  • By: Bhagwant Singh
  • Published: Oct 25, 2019 at 02:56 PM
  • Updated: Oct 25, 2019 at 03:03 PM

নতুন দিল্লী (বিশ্বাস টীম)| ছচিয়েল মিডিয়াত এইচডীএফছি বেংকৰ বিষয়ে একাধাৰে কিবা নহয় কিবা উৰা বাতৰি দি আছে|এটা উৰা বাতৰি চলি আছে যে বেংকটো দেউলীয়া মৰাৰ পথত|গ্ৰাহকসকলক কেৱল এক লাখ টকাহে দিয়া হ’ব|বিশ্বাস নিউজৰ অনুসন্ধানত এইটো মিছা বুলি প্ৰমাণিত হৈছে|

ভাইৰেল পোষ্টটোত কি আছে ?

ফেচবুক ব্যৱহাৰ কৰা ভাৰত কেউঁতে 17 অক্টোবৰত এটা পোষ্ট দি দাবী কৰিছিল যে HDFCবেংকো দেউলীয়া|গ্ৰাহকে জমা টকা এক লাখহে ঘূৰাই পাব|ঘোষণা বেংক কৰ্তৃপক্ষৰ|

অনুসন্ধান

 ছচিয়েল চাৰ্চ কৰোঁতে আমি গম পালো যে এফ ডী এফচী বেংকে এনে মেচেজ ভাইৰেল হোৱাৰ পাচত স্পষ্টীকৰণ জাৰী কৰি “কৈছিল যে পাচবুকৰ ইমেজ লৈ ৱাপচপ আৰু ছচিয়েল মিডিয়াত মেচেজ ভাইৰেল হৈ আছে ,তাত আশংকা জন্ম হৈছে|এই জমাৰ ধনৰ বীমা কাভাৰৰ সৈতে জড়িত|আমি এইটো স্পষ্ট কৰিব বিচাৰো যে পাচবুকত দিয়া জাননী আৰবি আইৰ 22জুন 2017 ৰ চাৰকুলাৰৰ অনুসাৰে হৈছিল , তাত সকলো ব্যৱসায়িক বেংক , ক্ষুদ্ৰ বিত্তীয় বেংক আৰু পেমেন্ট বেংকবোৰক ডিপজিত ইঞ্চুৰেঞ্চৰ কাভাৰৰ বিষয়ে জাননী দিবলৈ নিৰ্দেশ দিয়া গৈছিল|ইয়াৰ লগতে পাচবুকৰ প্ৰথম পৃষ্ঠাত বীমা কাভাৰৰ সীমাৰ বিষয়েও জাননী দিবলৈ নিৰ্দেশ দিয়া গৈছিল|”

আৰবীআইৰ ৱেবচাইতত 22 জুন 2017 চনত জাৰী কৰা অনুসূচনাৰ পৰা এই কথা সত্যতা পোৱা গ’ল|সম্পূৰ্ণ অধিসূচনা ইয়াতে পঢ়িব পাৰিব|

ফটো 1.

22জুন 2017ৰ  এই অধিসূচনা অনুসৰি , আৰ বী আই য়ে বেংকবোৰকক পাচবুকৰ প্ৰথম পৃষ্ঠাত ‘ ডিপোজিত ইঞ্চুৰেঞ্চ কাভাৰৰ লিমিটৰ বিষয়ে জানাবলৈ নিৰ্দেশ দিছিল|

DICGCৰ ৱেবচাইটত দিয়া জাননীৰ অনুসাৰে,ডীপোজিত ইঞ্চুৰেঞ্চ কৰ্পোৰেচন বিলক 21 আগষ্ট 1961 ত সংসদত পেচ কৰা গৈছিল আৰু সংসদত পাচ  হোৱাৰ পাচত 7 ডিচেম্বৰ 1961 ত ৰাষ্ট্ৰপতিৰ মঞ্জুৰী পোৱা গ’ল|  1 জানুৱাৰী 1962 ৰ পৰা ডিপোজিত ইঞ্চুৰেঞ্চ এক্ট 1961, অস্তিত্ব ত আহিল|

ৱেবচাইটত দিয়া জাননী ৰ মতে ডি আই চি জিচি বিদেশী বেংকত জমা, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জমাৰ ধন ইন্টাৰবেংক ডিপোজিত, স্টেট লেণ্ড ডেভেলপমেন্ট বেংক আৰু স্টেট কো অপৰেটিভ বেংকৰ জমা যেনে

কিছু অন্য অপবাদ বাদ দি চেভিং, ৰেকাৰিঙৰ দৰে সকলো ডিপোজিটৰ বীমা কৰে আৰু বীমাৰ সীমাৰ ভিতৰত মুঠ ধনৰাশি এক লাখ টকা , য’ত মূলধন আৰু সুত দুয়োটা সোমাই আছে|

DICGCৰ বীমাৰ ভিতৰত ব্যক্তিগত আৰু চপকাৰী দুয়োটা ক্ষেত্রৰ বেংক পৰে|অৰ্থাৎ বীমাৰ ধনৰাশিৰ কথাত এই নিয়ম সকলো বেংকৰ ওপৰত সমান ৰূপত লাগু|কমাৰ্চিয়েল বেংকৰ সূচীত মুঠ 105 বেংক, 56 আৰআৰবী বেমক,তিনি LAB ৰ বাহিৰেও ৰাজ্যসমূহত থকা কো- অপাৰেটিভ বেং সমূহ পৰে|

ফটো 4

অৰ্থাত দেউলীয়া হোৱাৰ অৱস্থাত ব্যক্তিগত বেংকবোৰত মাত্র এক লাখ টকাহে সুৰক্ষিত হয়, এই টো ভ্ৰমিত কৰাৰ জাননী|DICGCৰ ভিতৰত ব্যক্তিগত, চৰকাৰী আৰু  সহকাৰী সকলো প্ৰকাৰৰ বেংক পৰে|বেমক সমূহৰ সূচীত এই কথা দেখা যায়|

অলপতে আই এইচ বী আই ৰিপেৰ্টত বেংকৰ খাটাত জমা ধনৰ বীমা বঢ়োৱাৰ আৱশ্যকতাৰ কথা উল্লেখ কৰা গৈছিল|পীএমচী সংকটৰ পাচত আহা এই ৰিপোৰ্টত কোৱা গৈছিল যে বেংকবোৰত এতিয়া একলাখ টকাৰ ডিপোজিৰ বীমা হয়, যিটো বঢ়োৱাৰ আৱশ্যক|

ৰিপোৰ্টৰ  মতে ডীআইচীজীচীৰ বীমাৰ  ধনৰ সলনি কৰা উচিত|ইয়াক দুটা ভাগত ভগাই চেভিং একাউন্টৰ বীমা অতিকমেও এক লাখ টকাৰ কৰা উচিত, আন হাতে টাৰ্মচ ডীপোজিতৰ বীমাৰ ধন অতিকমেও 2 লাখ টকা কৰা উচিত|

শেষত বিশ্বাস নিউজে ভাৰত কেওঁটৰ ফেচবুক একাউন্চৰ স্পেচিয়েল স্কেনিং কৰে|আমি গম পালো যে ইউজাৰ অসমৰ নগাঁও জিলাৰ বাসিন্দা|

নিষ্কৰ্ষঃ  বেংকত জমা ধনৰ কেৱল এক লাখ টকাৰহে বীমা হয়, আৰু বীমা DICGCএ কৰে|DICGCএ কেৱল চৰকাৰী নহয় বৰং ব্যক্তিগত বেংকত জমা থকা একাউন্টৰ বীমা কৰে|এইদৰে ক’লে ভুল নহয় যে দেউলীয়া হোৱাৰ অৱস্থাত ব্যক্তিগত বেংকত এক লাখ টকালৈকে ধনৰাশি সুৰক্ষিত থাকে|এই কথা চৰকাৰী ক্ষেত্রৰ বেংকবোৰতো লাগু হয়|

  • Claim Review : HDFCদেউলীয়া হোৱাৰ দিশত, প্ৰাপ্ত কৰিব মাথোন এক লাখ টকা|
  • Claimed By : Bharot Kewot
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later